Wednesday, July 6, 2022
HomeNewsপ্ৰবীণ ফুটবলাৰ কালিমুদ্দিন আহমেদ অসুস্থ; উন্নত চিকিৎসাৰ বাবে হাহাকাৰ পৰিয়ালৰ

প্ৰবীণ ফুটবলাৰ কালিমুদ্দিন আহমেদ অসুস্থ; উন্নত চিকিৎসাৰ বাবে হাহাকাৰ পৰিয়ালৰ

অলিম্পিয়া প্ৰতিবেদন

কালিমুদ্দিন আহমেদ। অসমৰ ফুটবল জগতৰ এক চিনাকী নাম।আজিৰ পৰা কেইবা দশকৰ পূৰ্বেই বৰদলৈ ট্ৰফীৰ দৰে সম্ভ্ৰান্ত ফুটবলত প্ৰতিনিধিত্ব কৰি গঢ়িছিল ইতিহাস। এসময়ত অসম পুলিচৰ এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ আছিল কালিমুদ্দিন ।তেওৰ দুভৰিৰ চন্দত প্ৰাণ পাই উঠিছিল সেউজ খেলপথাৰ। প্ৰায় ছয়-সাত বছৰ ধৰি বৰদলৈ ট্ৰফীৰ প্ৰতিপক্ষৰ মূৰৰ কামোৰণি আছিল এই গৰাকী দুৰ্দান্ত ফুটবলাৰ।

পিছে এইগৰাকী প্ৰবীণ খেলুৱৈ আজি দুৰাৰোগ্য ৰোগত আক্ৰান্ত। ২০১৮ চনৰ পৰাই জটিল ৰোগত আক্ৰান্ত হৈ থকা খেলুৱৈ গৰাকীক অৰ্থৰ অভাৱত বহিঃৰাজ্যলৈ চিকিৎসা বাবে নিব পৰা নাই পৰিয়ালে। শুক্ৰবাৰে, গুৱাহাটী চুপাৰ স্পেচিয়েলিটি হাস্পাতালত ভৰ্তি কৰোৱা হয় প্ৰবীণ খেলুৱৈগৰাকীক। বিগত দহদিনে তেওঁৰ স্বাস্থ্যৰ ঘটিছে অৱনতি। উপায়ন্তৰ হৈ একমাত্ৰ পুত্রই ভৰ্তি কৰালে গুৱাহাটী চুপাৰ স্পেচিয়েলিটি হস্পিতালত। তেওৰ পুত্রই জনোৱা মতে, বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে কালিমুদ্দিন আহমেদ। অতি সোনকালে হয়তো কৰা হ’ব এক অস্ত্রোপচাৰ। পিছে পিছে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে কালিমুদ্দিন আহমেদৰ পৰিয়াল। পুত্রই বিচাৰিলে চৰকাৰ তথা সু-হৃদয়বান লোকৰ সহায়। পিতৃক সুস্থ কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে পুত্র ৰুবুল আহমেদে।


ক্ৰীড়াজগতলৈ এইগৰাকী বৰেণ্য খেলুৱৈৰ অবদান সৰ্বজনবিদিত।এনে এগৰাকী চিৰ নমস্য খেলুৱৈক ইচ্চা কৰিলে আপুনিও কৰিব পাৰে সহায়। আপোনাৰ কিঞ্চিত সহায়ত নতুন জীৱন লাভ কৰিব প্ৰবীণ খেলুৱৈ গৰাকীয়ে। তলত দিয়া কালিমুদ্দিন আহমেদৰ বেংকৰ একাউন্টত আগবঢ়াব পাৰে আৰ্থিক সাহাৰ্য্য ।
নামঃ KALIMUDDIN AHMED
একাউন্ট নংঃ 0404010161330
ifsc ঃ UTBI0SCR371
শাখাঃ Secretariate(Dispur)


যি সময়ত অসম চৰকাৰে ক্ৰীড়া তথা ক্ৰীড়াবিদৰ প্ৰতি বিশেষভাবে গুৰুত্ব প্ৰদান কৰিছে সেই সময়তে কালিমুদ্দিনৰ পৰিয়ালেও আশা কৰিছে চৰকাৰী সাহাৰ্য্যৰ। তাৰকা ফুটবলাৰ গৰাকীৰ চিকিৎসা ব্যয় বহন কৰাৰ ক্ষেত্রত চৰকাৰকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে ক্ৰীড়া সচেতন ৰাইজে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments