Sunday, October 2, 2022
HomeNewsছিনিয়ৰ ৰাষ্ট্ৰীয় নেটবল চেম্পিয়নশ্বিপৰ বাবে অসমৰ পুৰুষ- মহিলা দল ঘোষণা

ছিনিয়ৰ ৰাষ্ট্ৰীয় নেটবল চেম্পিয়নশ্বিপৰ বাবে অসমৰ পুৰুষ- মহিলা দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

হাৰিয়ানাত অহা ৩০ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ অনুষ্ঠিত হ’ব ৩৯ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলাৰ নেটবল চেম্পিয়নশ্বিপ । ভাৰতীয় নেটবল ফেডাৰেচনৰ সভাপতি ভাগিশ পাঠক আৰু সম্পাদক বীজেন্দ্ৰ সিঙে এক জাননী যোগে এই প্ৰতিযোগিতাত যোগদানৰ বাবে ৰাজ্যিক দলবোৰক আহ্বান জনাইছে । প্ৰতিযোগিতা অনুষ্ঠিত হ’ব হাৰিয়ানাৰ ভিৱানী জিলাৰ খাৰাট- কালিংগা ৰোডৰ শ্ৰী বালাজী ছিনিয়ৰ ছেকণ্ডাৰী স্কুলত । এই উপলক্ষ্যে অসম নেটবল সন্থাই ৰাজ্যৰ পুৰুষ আৰু মহিলা দল দুটা ঘোষণা কৰিছে । পুৰুষ দলৰ প্ৰশিক্ষণ অহা ১৯ ৰ পৰা ২৬ মাৰ্চলৈ শিৱসাগৰ জিলাৰ ডিমৌ ৰাইছাই গ্ৰাম্য ষ্টেডিয়ামত আৰু মহিলা দলৰ প্ৰশিক্ষণ ১৯ৰ পৰা ২৬ মাৰ্চলৈ তামুলপুৰ জিলাৰ শুক্লাই চেণ্ট্ৰেল গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব । অসম নেটবল সন্থাৰ সম্পাদক বিৰ্জু ৰামে ঘোষণা কৰা অনুসৰি অসমৰ দল দুটা হ’ল –- পুৰুষ ঃ সুৰুয চাংমাই, শশাংক বৰুৱা, প্ৰশান্ত সন্দিকৈ, হীৰকজ্যোতি বৰুৱা, কনক বসুমতাৰী, লেখন ফুকন, পল্লৱ নাৰায়ন ফুকন, ৰমেন শইকীয়া, অম্লানজ্যোতি ফুকন, ৰঞ্জন কুকুৰাচোৱা, সুখেশ্বৰ কলিতা আৰু হেমাংগ গগৈ ।
মহিলা দলটো হ’ল ঃ মাইদাংশ্ৰী বসুমতাৰী, গামাইশ্ৰী বড়ো, গায়ত্ৰী বড়ো, সুজিতা বড়ো, পদমি বড়ো, অংকিতা চেতিয়া, অদিতি ফুকন, সংগীতা চেতীয়া, কংকনা বৰুৱা, উৰ্মিলা গগৈ, গায়ত্ৰী ডেকা আৰু ভনীমা কিষাণী ।
মহিলা দলৰ প্ৰশিক্ষক লতিকা ডেকা, মেনেজাৰ দেৱনাথ গোৱালা । পুৰুষ দলৰ মেনেজাৰ ৰাতুলমনি মহন্ত । অসম দলটো অহা ২৯ মাৰ্চত হাৰিয়ানালৈ ৰাওনা হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments