Friday, September 30, 2022
HomeNewsগোলাঘাট ছিনিয়ৰ ডিভিজন ক্ৰিকেট লীগত নামবৰ ক্লাব চেম্পিয়ন

গোলাঘাট ছিনিয়ৰ ডিভিজন ক্ৰিকেট লীগত নামবৰ ক্লাব চেম্পিয়ন

✍️ গোলাঘাটৰ পৰা মৃদুল শৰ্মাৰ প্ৰতিবেদন

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত ছিনিয়ৰ ডিভিজন ক্ৰিকেট লীগৰ সোমবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত নামবৰ ক্লাবে এপল’নিয়ন ক্ৰিকেট ক্লাবক ১৭ ৰাণত পৰাস্ত কৰি চেম্পিয়ন দল হিচাবে পৰিগণিত হয় । পোনতে বেটিং কৰি নামবৰ ক্লাবে সুশান্ত ভৰদ্বাজৰ ৮০, ধীৰাজ ডেকাৰ ৪৪ আৰু দীপু গগৈৰ ৪৩ ৰাণৰ সহায়ত ৩৫ অভাৰত ৫ উইকেটত ২১১ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত এপল’নিয়নে উদ্দীপ্ত বৰাৰ ৪৩ আৰু আতিকুৰ ৰহমানৰ ৩৫ ৰাণৰ সহায়ত ৩৪.৩ অভাৰত মাত্ৰ ১৯৪ ৰাণহে কৰিবলৈ সক্ষম হয় । নামবৰৰ সুশান্ত ভৰদ্বাজে ৩ টা আৰু দীপু গগৈয়ে ২ টা উইকেট দখল কৰে । খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে নামবৰৰ সুশান্ত ভৰদ্বাজে আৰু লীগৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে এপল’নিয়ন ক্লাবৰ বিকী দত্তই । খেলৰ শেষত বঁটাসমূহ বিতৰণ কৰে জিলা ক্ৰীড়াসন্থাৰ সভাপতি ডা৹ অজিত বৰুৱা, উপ-সভাপতি ড৹ নৃপেন বৰুৱা, সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত, গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত আদিয়ে ।
০০০০০০

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments