অলিম্পিয়া প্রতিবেদন
তিনি বছৰ আগতে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত টেষ্ট মেচ এখনত ঘটিছিল সেই কলংকৃত ঘটনা। সেই মেচত বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন হৈছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। বল টেম্পাৰিং কাণ্ডত জড়িত হৈ পৰিছিল অষ্ট্ৰেলিয়াৰ দুই তাৰকা ক্ৰিকেটাৰ ডেভিড ৱাৰ্নাৰ আৰু ষ্টিভ স্মিথৰ নাম। তেওঁলোক দুজনৰ সৈতে উক্ত ঘটনাত কেমেৰুণ ব্যাংকক্ৰফ্টৰ নামো সাঙোৰ খাই পৰিছিল।
বল টেম্পাৰিঙত জড়িত থকাৰ অভিযোগত এই তিনিজনকে ক্ৰিকেট অষ্ট্ৰেলিয়াই নিষিদ্ধ ঘোষণা কৰিছিল। কেমেৰুণ ব্যাংকক্ৰফ্টক ন মাহ তথা স্মিথ আৰু ৱাৰ্নাৰক এবছৰৰ কাৰণে নিলম্বিত কৰিছিল ক্ৰিকেট অষ্ট্ৰেলিয়াই। সেই কাণ্ডৰ পিছত ডেভিড ৱাৰ্নাৰক আজীৱন অধিনায়কত্বৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে ষ্টিভ স্মিথক দুই বছৰৰ বাবে অধিনায়কত্বৰ পৰা নিষিদ্ধ কৰা হয়।
এই ঘটনা সংঘটিত হোৱাৰ সুদীৰ্ঘ দিনৰ পিছত পুনৰ বল টেম্পাৰিঙৰ ঘটনাই চর্চা লাভ কৰিছে। ঘটনা সম্পৰ্কত পুনৰ মুখ খুলিছে ঘটনাৰ অন্যতম অভিযুক্ত কেমেৰুণ ব্যাংকক্ৰফ্টে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁক প্ৰশ্ন কৰা হৈছিল যে এই ঘটনা সম্পৰ্কে আন কোনো অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰে জনা নাছিল নেকি? সেই প্ৰশ্নৰ উত্তৰত ব্যাংকক্ৰফ্টে কৈছিল যে এই ঘটনা সন্দৰ্ভত সেই সময়ৰ অষ্ট্ৰেলিয়াৰ সকলো বলাৰেই জ্ঞাত আছিল। কাৰণ এই কাণ্ডৰ ফলত সকলো বলাৰৰে সুবিধা হৈছিল।
ব্যাংকক্ৰফ্টৰ এই বিস্ফোৰক সাক্ষাৎকাৰৰ পিছতেই ক্ৰিকেট অষ্ট্ৰেলিয়াই উক্ত ঘটনাৰ পুনৰ তদন্তৰ ঘোষণা কৰিছে। ক্ৰিকেট অষ্ট্ৰেলিয়াই হুংকাৰ দিছে যে সেই ঘটনাৰ সৈতে অন্য কোনো ক্ৰিকেটাৰ দোষী সাব্যস্ত হ’লে তেওঁলোকো শাস্তিৰ সন্মুখীন হব।
উল্লেখযোগ্য যে সেই মেচত অষ্ট্ৰেলিয়াৰ বলিং আক্রমণৰ দায়িত্বত আছিল মিছেল ষ্টাৰ্ক, জছ হেজেলহুদ, মিছেল মাৰ্শ, পেট কামিন্স আৰু নাথন লায়ন। অৰ্থাৎ আকৌ যদি ক্ৰিকেট অষ্ট্ৰেলিয়াই তদন্ত আগবঢ়াই নিয়ে তেন্তে এই বলাৰ সকলো বিপদত পৰিব পাৰে। অষ্ট্ৰেলিয়াৰ মূল বলাৰসকলক যদি নিষিদ্ধ ঘোষণা কৰা হয়,তেন্তে ভাঙি পৰিব অষ্ট্ৰেলিয়া ক্ৰিকেট দলটো।