অলিম্পিয়া প্ৰতিবেদন
মংগলবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ জয়ৰ নায়ক আছিল অমিত মিশ্ৰ। মেচখনত মুম্বাইক কেৱল ১৩৭ ৰানতে সীমিত কৰি ৰখাত মুখ্য ভূমিকা লৈছিল লেগস্পীনাৰগৰাকীয়ে। তেওঁ মেচখনত বিপক্ষৰ ৪ টাকৈ উইকেট দখল কৰিছিল। অমিত মিশ্ৰৰ এই প্ৰদৰ্শনৰ পিছতেই ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেৱাগে কৰা এক মন্তব্যই বিশেষভাৱে চর্চা লাভ কৰিছে ক্ৰিকেট অনুৰাগীৰ মাজত।
মেচখনত কৰা অনবদ্য প্ৰদৰ্শনৰ পিছতেই অমিত মিশ্ৰৰ সৈতে হোৱা এক বিশেষ অভিজ্ঞতাৰ কথা সুঁৱৰি সেৱাগে কয় যে তেওঁ ২০০৮ চনৰ আই পি এলত হেট্ৰিক অর্জন কৰাৰ পিছত মোক দৰমহা বঢ়াই দিয়াৰ বাবে অনুৰোধ জনাইছিল।
উল্লেখযোগ্য যে, ২০০৮ চনত সেৱাগ আৰু অমিত মিশ্ৰ দুয়োগৰাকী দিল্লী ডেয়াৰডেভিলছ দলৰ সদস্য আছিল। সেই সময়ত দিল্লী ডেয়াৰডেভিলছৰ অধিনায়কৰ দায়িত্বত আছিল সেৱাগ।
অমিত মিশ্রৰ সৈতে হোৱা অভিজ্ঞতা সুঁৱৰি সেৱাগে কয় যে অমিত মিশ্ৰ এনেকুৱা এগৰাকী খেলুৱৈ যে তেওঁৰ সৈতে সকলোৱে সহজ অনুভৱ কৰে। তেওঁ যথেষ্ট শান্ত স্বভাৱৰ। সকলোৰে সৈতে বিনম্ৰতাৰে কথা হয় তেওঁ। সকলোৰে সৈতে মিলি যাব পাৰে বাবেই তেওঁ সকলোৰে প্রিয়। তেওঁ উইকেট লাভ কৰিলে সতীৰ্থ সকলোৱেই উৎসাহিত হয়। মোৰ এতিয়াও মনত আছে, যেতিয়া তেওঁ প্ৰথমটো হেট্ৰিক অর্জন কৰে, মই তেওঁক সুধিছিলোঁ কি লাগিব কোৱা। তেওঁ তেতিয়া মোক কৈছিল যে পাৰো যদি তেওঁৰ দৰমহা বঢ়াই দিব লাগে।
উল্লেখযোগ্য যে দিল্লী কেপিটেলছ দলত স্থান লাভ কৰা অমিত মিশ্ৰই চিজনৰ প্ৰথম দুখন মেচত অংশ লোৱা নাছিল। মংগলবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে তেওঁক সুযোগ দিয়া হয়। সুযোগৰ সদব্যৱহাৰ কৰি মিশ্ৰও উজলি উঠে।