মুছলমান হৈ হিন্দুৰ পূজা কিয় উদ্বোধন কৰিব? একাংশ গোড়া ধৰ্মান্ধৰ বাবে এয়া মাৰাত্মক অপৰাধা।এই অপৰাধ কৰাৰ বাবেই বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰ ছাকিব অল-হাছানক মুকলিকৈ ফেচবুক লাইভৰ জৰিয়তে হাতত দা লৈ হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিলে এজন যুৱকে। ইয়াৰ পিছতেই ছাকিব অল হাছানে ইউটিউবৰ এক ভিডিঅ’ৰ জৰিয়তে পূজা উদ্বোধন কৰাৰ বাবে ক্ষমাও বিচাৰে।
পশ্চিমবংগৰ বিধায়ক পৰেশ পালে অনুষ্ঠিত কৰা কালি পূজা উদযাপন কৰিবলৈ পশ্চিমবংগ সীমান্তৰে ভাৰতত প্ৰবেশ কৰিছিল ছাকিব অল হাছানে। ইয়াৰ পিছত এটা ৰাতি কলকাতাত থাকি পিছদিনা পুনৰ বাংলাদেশলৈ উলটি যায় ক্ৰিকেটাৰগাৰাকী। ইয়াৰ পিছতে বাংলাদেশৰ ছিলেটৰ মহসিন তালুকদাৰ নামৰ যুৱক এজনে ছাকিবৰ এই কাৰ্যৰ বাবে তেওঁক হত্যাৰ ভাবুকি দিয়ে।

ফেচবুকত প্ৰকাণ্ড দা লৈ মুকলিকৈ ছাকিবক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা যুৱকজনক বিচাৰি ইয়াৰ পিছতে ছিলেটৰ স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে এই ঘটনাৰ পিছতে ছাকিব অল হাছানে এখ ইউটিউভ ভিডিঅৰ জৰিয়তে ক্ষমা বিচাৰিছে। তেওঁ কৈছে, মই পৰেশ পালৰ পূজা উদ্বোধন কৰা নাছিলো। মই গৈ পোৱাৰ আগতেই পূজা উদ্বোধন কৰিছিল। তথাপিও যদি মই কাৰোবাৰ মনত আঘাট দিছো তেনে মোক ক্ষমা কৰিব।