Wednesday, October 5, 2022
HomeNewsক্ৰিকেট এৰি বক্সি‌ংত ধৰিলে ধাৱানে

ক্ৰিকেট এৰি বক্সি‌ংত ধৰিলে ধাৱানে

olympiasports.in

ক্ৰিকেট এৰি বক্সিংত ধৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অপেনিং বেটছমেন শিখৰ ধাৱানে। অৱশ্যে বক্সিংত শিখৰৰ প্ৰতিপক্ষ কোনো বিশ্ব বিখ্যাত বক্সাৰ নহয়। শিখৰৰ সন্মুখত নাই কোনো প্ৰশিক্ষণ প্ৰাপ্ত সুদক্ষ বক্সাৰ। শিখৰৰ সন্মুখত আছে তেওঁৰেই ৬ বছৰীয়া সন্তান জোৰাৱৰহে।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১ দিনৰ লকডাউনৰ সময়চোৱাত শিখৰ ধাৱানো এতিয়া নিজৰ গৃহতেই বন্দী হৈ আছে‌। গৃহ বন্দী হৈ থকা শিখৰে সময় অতিবাহিত কৰিবলৈ কেতিয়াবা যদি কপোৰ ধুৱোত লাগিছে, কেতিয়াবা আকৌ বাথৰুম পৰিষ্কাৰ কৰাত লাগিছে।শেহতীয়াকৈ চচিয়েল মিডিয়াত শিখৰৰ বক্সিংৰ এক ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত শিখৰে তেওঁৰ ছয়বছৰীয়া সন্তান জোৰাৱৰৰ লগত বক্সিং খেলা দেখিবলৈ পোৱা গৈছে।


চচিয়েল মিডিয়াত আপলোড কৰা এই ভিডিঅ’ৰ লগতে শিখৰে লিখিছে – ‘মোৰ পুত্ৰৰ সৈতে পোৱাৰ অনুশীলন’। শিখৰে আপলোড কৰা এই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।


উল্লেখ্য যে শিখৰ ধাৱানৰ পত্নী আয়েছা এগৰাকী অপেছাদাৰী বক্সাৰ। শিখৰতকৈ তেওঁৰ পত্নী আয়েছা মুখাৰ্জী ১২ বছৰ ডাঙৰ।

https://www.instagram.com/p/B-OhEIfj5Xa/?utm_source=ig_web_copy_link
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments