Tuesday, October 4, 2022
HomeNewsजब से हुई है शादी आंसू बहा रहा हूं - কিয় ক'লে...

जब से हुई है शादी आंसू बहा रहा हूं – কিয় ক’লে এই দৰে শিখৰ ধাৱানে!

olympiasports.in

ক’ৰনা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য কৰি ভাৰতীয় ক্ৰিকেটাৰসকলক গৃহ বন্দী হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। এই গৃহ বন্দীৰ কালচোৱাত ক্ৰিকেটাৰসকলে নিজ গৃহত কেনেদৰে সময় অতিবাহিত কৰি আছে সেই বিষয়ে নিজৰ অনুৰাগী সকলক ইনষ্টাগ্ৰাম, টুইটাৰ আদিৰ জৰিয়তে জানিবলৈ দিছে।

গৃহ বন্দী হৈ থকা ক্ৰিকেটাৰসকলৰ অন্যতম এজন তাৰকা ক্ৰিকেটাৰ হ’ল শিখৰ ধাৱান। ধাৱানে তেওঁৰ টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এক বিশেষ ভিডিঅ’ অনুৰাগী সকললৈ আগবঢ়াইছে। ভিডিঅ’টোত ধাৱানক নিজৰ গৃহৰ বাথৰুমত কাপোৰ ধুই থকা দেখিবলৈ পোৱা গৈছে আৰু বেকগ্ৰাউণ্ডত এক জনপ্ৰিয় হিন্দী গীত ‘जब से हुई है शादी आंसू बहा रहा हूं’ বাজি আছে। আনহাতে একেসময়তে তেওঁৰ সুন্দৰী পত্নী আয়েশাই মেক আপ কৰাত ব্যস্ত আছে।

তাৰকা ক্ৰিকেটাৰ ধাৱানৰ এই ভিডিঅ’ এতিয়া চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ধাৱানৰ এই ভিডিঅ’ প্ৰত্যক্ষ কৰি ভাৰতীয় ক্ৰিকেটাৰসকলৰ লগতে অষ্ট্ৰেলিয়াৰ তাৰকা ক্ৰিকেটাৰ ডেভিড ৱাৰ্নাৰেও কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে। এইগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আই পি এলত খেলাৰ সময়ত শিখৰ ধাৱানৰ লগত অপেনাৰ বেটছমেন হিচাপে ক্ৰিজত নামিছিল। অৱশ্যে বৰ্তমান ধাৱান আই পি এলৰ দিল্লী কেপিটেলৰ এজন সদস্য।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments