শিৱ শংকৰ ৰয়: অসমৰ ক্রীড়াক্ষেত্ৰৰ শুভচিন্তকজন!

শিৱ শংকৰ ৰয়। অসমৰ ক্রীড়া ক্ষেত্ৰৰ এগৰাকী অক্লান্ত সেৱক আছিল। এসময়ত নিজেও এগৰাকী কৃতি খেলুৱৈ আছিল। পিছলৈ ওতঃপ্ৰোতভাৱে ক্রীড়াক্ষেত্ৰৰ সাংগঠানিক দিশৰ সৈতেও জড়িত হৈ পৰা ৰয় আছিল এজন প্ৰকৃত ক্রীড়াহিতৈষী। আজি পুৱা হঠাৎ সেই অনাকাংক্ষিত খবৰটো আহিল। আকস্মিকভাৱে এইগৰাকী ক্রীড়াউদ্যমী ব্যক্তিৰ বিয়োগ ঘটিল। মৃত্যুৰ সময় হোৱা নাছিল ৰয়ৰ। ক্রীড়াক্ষেত্ৰখনক মনে প্ৰাণে ভাল পোৱা এইগৰাকী ব্যক্তিয়ে ক্রীড়াৰ বাবে কৰিব লগা আৰু আছিল। কিন্তু, নিয়তিৰ আহ্বানক নেওচা দিয়াৰ শক্তিয়েইবা কাৰ আছে!! ৰয়ৰ মৃত্যুয়ে অসমৰ ক্ৰীড়াক্ষেত্ৰখনৰ বাবে এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰি গ’ল।

ক্রীড়াক্ষেত্ৰৰ শিৱ শংকৰ ৰয়জনৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে আমি উভতি যাব লাগিব তেওঁৰ শৈশৱলৈ। নগাঁৱত জন্মগ্ৰহণ কৰা শিৱ শংকৰে চহৰখনৰ মাজমজিয়াত থকা ঈদগাহ ময়দানৰ পৰাই আৰম্ভ কৰিছিল নিজৰ খেলুৱৈ জীৱন। ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা বছেৰেকীয়া ক্রীড়া উৎসৱত অংশগ্ৰহণ কৰিছিল তেওঁ। যুৱ অৱস্থাত যোগাসন, জিমনাষ্টিক খেলৰ সৈতে জড়িত হৈ পৰিছিল ৰয়। নগাঁৱৰ এটা ব্যায়ামাগাৰত মাখনলাল দে, মুখলেছ আহমেদ, ঘনশ্যাম হাজৰিকাৰ দৰে গুৰুসকলৰ লগত ৰয়ে আৰম্ভ কৰিছিল শৰীৰ চর্চা।

১৯৭১ চনৰ পৰা ১৯৭৫ চনলৈ তিনিখন নেচনেল গেমছত এছ এছ ৰয়ে অসমৰ জিমনাষ্টিক দলৰ হৈ অংশ লৈছিল। উৰিষ্যাৰ বাৰাৱতী ষ্টেডিয়ামত বাবুল বাৰ্মিজৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে নেচনেল গেমছ খেলি চতুৰ্থ স্থান অর্জন কৰে। ইপিনে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্রীড়া সমাৰোহত অংশ লৈ মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰাৰ খেলুৱৈক পৰাস্ত কৰি জিমনাষ্টিকত অপ্ৰতিৰোধ্য হৈ পৰে ৰয়। পেৰেলেল বাৰ ইভেণ্টত মণিপুৰৰ মংগল সিঙক পৰাস্ত কৰি স্বৰ্ণ পদক দখল কৰিছিল ৰয়ে।

১৯৮০ চনত তামিলনাডুত শাৰীৰিক শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণৰ সুবিধা লাভ কৰে ৰয়ে। শাৰীৰিক শিক্ষাৰ পাঠ্যক্ৰম শেষ নহওঁতেই তেওঁক সেই সময়ৰ ক্রীড়া সঞ্চালক নীলিময় চৌধুৰীয়ে নগাঁৱৰ ডছন হায়াৰ ছেকেণ্ডেৰী স্কুলত ক্রীড়া শিক্ষক হিচাবে নিযুক্তি প্ৰদান কৰে। তাৰ ঠিক এবছৰৰ পাছতেই তেওঁক গুৱাহাটীৰ জাকিৰ হুছেইন জিমনাছিয়ামলৈ অস্থায়ীভাৱে জিমনাষ্টিকৰ প্ৰশিক্ষক হিচাবে নিযুক্তি দিয়া হয়। ইয়াৰ পিছতেই তেওঁ কামৰূপ জিলাৰ শাৰীৰিক নিৰ্দেশক হিচাবে নিযুক্তি লাভ কৰি তেওঁৰ অসমৰ ক্রীড়াক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে।

অসমৰ বহুকেইখন জিলাত ক্রীড়া বিষয়া হিচাবে নিযুক্তি লাভ কৰি তেওঁ ক্ৰীড়াৰ প্ৰসাৰৰ বাবে আন্তৰিকতাৰে কাম কৰে। অসম জিমনাষ্টিক সন্থাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেওঁ এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। আজীৱন জিমনাষ্টিক আৰু যোগাসনৰ উন্নয়নৰ বাবে কাম কৰি অহা ৰয়ৰ ইচ্ছা আছিল অসমত এখন জিমনাষ্টিক আৰু যোগাসনৰ একাডেমী আৰম্ভ কৰা। সেই সপোন মনৰ মাজতেই লৈ আজি পৰলোকলৈ গমন কৰে এইগৰাকী বিশিষ্ট ক্রীড়া সংগঠকে।

অসম খো খো সন্থাৰ কোষাধ্যক্ষ হিচাবেও দায়িত্ব পালন কৰা ৰয়ৰ মৃত্যুত অসম খো খো সন্থা, অসম অলিম্পিক সন্থাকে আদি কৰি ৰাজ্যৰ বিভিন্ন ক্রীড়া সংগঠন তথা ক্ৰীড়াৰ সৈতে জড়িত অনেকেই গভীৰ শোক ব্যক্ত কৰিছে। অলিম্পিয়াৰ তৰফৰ পৰাও এইগৰাকী ক্রীড়াহিতৈষী ব্যক্তিলৈ যাচিলোঁ সশ্ৰদ্ধ প্ৰণাম।

Leave a Reply

Your email address will not be published. Required fields are marked *