Friday, September 30, 2022
HomeNewsৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অসমৰ শিৱ থাপাৰ স্বৰ্ণ জয়

ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অসমৰ শিৱ থাপাৰ স্বৰ্ণ জয়

অলিম্পিয়া প্রতিবেদন

পুনৰ বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ তাৰকা বক্সাৰ শিৱ থাপা। দুবাৰকৈ দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰা শিৱৰ এই সাফল্যই বহন কৰিছে বিশেষ তাৎপৰ্য। কিছু দিন ধৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা আঁতৰি থকা শিৱৰ এই প্ৰত্যাৱৰ্তনে পুনৰ এবাৰ অসমক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিঙত তুলি ধৰিলে।

কৰ্ণাটকৰ বেলাৰীত অনুষ্ঠিত পঞ্চম এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰে অসমৰ তাৰকা বক্সাৰগৰাকীয়ে। মংগলবাৰে অনুষ্ঠিত ফাইনেলত শিৱই চাৰ্ভিছেজৰ দলবীৰক পৰাস্ত কৰে।

ইয়াৰ লগে লগে শিৱই ২৬ অক্টোবৰৰ পৰা ছাৰ্বিয়াত অনুষ্ঠিত হ’বলগীয়া আইবা এলিট ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপলৈ স্থান নিশ্চিত কৰে। উল্লেখযোগ্য যে শিৱৰ সাফল্যত তাৰকা বক্সাৰগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments