অলিম্পিয়া প্রতিবেদন
অব্যাহত আছে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাৰ জয়ৰ যাত্ৰা। দুৰ্দান্ত প্ৰদৰ্শনৰে পঞ্চম এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হৈছে অসমৰ বক্সাৰগৰাকী। ছেমিফাইনেলত উত্তৰ প্ৰদেশৰ অভিষেক যাদৱক পৰাস্ত কৰে শিৱই। ফাইনেলত শিৱ মুখামুখি হ’ব এছ এছ চি বিৰ দলবীৰৰে। কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্প’ৰ্টছত অনুষ্ঠিত হৈ আছে প্ৰতিযোগিতাখন।
প্ৰতিযোগিতাখনত শিৱৰ লগতে জিলিকি উঠিছে সঞ্জীত, মহম্মদ হুছামুদ্দিন, দীপক,আকাশ, ইটাশ খান মহম্মদ, দলবীৰ সিং টোমৰ, চুমিত, শচীন কুমাৰ লক্ষ্য, নৰেন্দ্ৰৰ আদি বক্সাৰেও উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আটাইকেইগৰাকী বক্সাৰেই নিজৰ দুৰ্দান্ত প্ৰদৰ্শনৰে ফাইনেলত প্ৰৱেশ কৰিছে।