Sunday, October 2, 2022
HomeNewsউদীয়মান শ্বুটাৰ হৃদয়ৰ মহানুভৱতা : আগবঢ়ালে এমাহৰ জলপানী

উদীয়মান শ্বুটাৰ হৃদয়ৰ মহানুভৱতা : আগবঢ়ালে এমাহৰ জলপানী

olympiasports.in

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ক’ৰনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ভৱিষ্যতে হ’ব পৰা সাম্ভাব্য বিপদৰ বাবে যি যুদ্ধকালীন প্ৰস্তুতি আৰম্ভ কৰিছে তাক শলাগ লৈছে অসমৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকাই। কেৱল এই প্ৰচেষ্টাক শলাগ লোৱাই নহয় , আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ তেওঁৰ এমাহৰ জলপানীও আগবঢ়াইছে।


শেহতীয়াকৈ অসমত অনুষ্ঠিত হৈ যোৱা খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত হৃদয়ে লাভ কৰিছিল ৰূপৰ পদক। প্ৰতিযোগিতাখনত লাভ কৰা সফলতাৰে সুৱাদতে হৃদয়ে লাভ কৰিছে ক্ৰীড়া জলপানী। দেশৰ লগতে ৰাজ্যত বৰ্তমান সৃষ্টি হোৱা আতংকময় পৰিস্থিতিত ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ হৃদয়ে এমাহৰ জলপানী আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।


প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা ২১ দিনৰ লকডাউনৰ সময়চোৱাত সকলোকে ঘৰতে থাকি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে এইগৰাকী উদীয়মান শ্বুটাৰ গৰাকীয়ে।


আনহাতে হৃদয়ৰ পিতৃ শৰৎ হাজৰিকায়ো অসম আৰোগ্য নিধিলৈ ১০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments