Sunday, July 3, 2022
HomeNewsৰাজ্যত শীঘ্ৰেই নিৰ্মাণ হ'ব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ শ্বুটিং একাডেমী

ৰাজ্যত শীঘ্ৰেই নিৰ্মাণ হ’ব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ শ্বুটিং একাডেমী

অলিম্পিয়া প্ৰতিবেদন

অসমৰ শ্বুটিঙৰ ক্ষেত্ৰখনৰ বাবে সুখবৰ। শীঘ্ৰেই অসমে লাভ কৰিব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ শ্বুটিং একাডেমী। এই সম্পৰ্কে অসম ক্ৰীড়া প্ৰাধিকৰণ আৰু নেচনেল ৰাইফল এছ’চিয়েচন অৱ ইণ্ডিয়াৰ এখন বুজা পৰাৰ চুক্তি হৈ যায়।

এই চুক্তি অনুসৰি একাডেমীখনৰ আন্তঃগাঁথনিমূলক কাম কাজৰ লগতে অস্ত্ৰ-শস্ত্ৰৰ যোগান, প্ৰশাসনিক কাৰ্যকলাপ আদিৰ দায়িত্ব বহন কৰিব অসম ক্ৰীড়া প্ৰাধিকৰণে। তাৰ বিপৰীতে, প্ৰশিক্ষক, টেকনিকেল ষ্টাফ আদিৰ যোগান ধৰিব নেচনেল ৰাইফল এছ’চিয়েচন অৱ ইণ্ডিয়াই। ইয়াৰ লগতে একাডেমীখনত অভিজ্ঞ প্ৰশিক্ষক, চিকিৎসক, ফিজিঅ’, মনোবৈজ্ঞানিক আদিও উপলব্ধ হ’ব।

অসমৰ খেলুৱৈৰ বাবে আশাব্যঞ্জক কথাটো হৈছে যে নেচনেল ৰাইফল এছ’চিয়েচনে উক্ত একাডেমীত প্ৰতি বছৰে একোখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটিং চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিব।

আশা কৰা হৈছে উক্ত শ্বুটিং একাডেমী স্থাপনৰ লগে লগে অসমৰ পৰা বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈৰ অংশগ্ৰহণৰ মাত্ৰা বাঢ়িব। উক্ত বুজাপৰা চুক্তিৰ ম্যাদ প্ৰথম অৱস্থাত পাঁচ বছৰ নিৰ্ধাৰণ কৰা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments