Wednesday, October 5, 2022
HomeNewsপুনৰ শ্ৰেয়াছ আয়াৰৰ বেটিং তাণ্ডৱ : ভাৰতৰ ক্লিন ছুইপ

পুনৰ শ্ৰেয়াছ আয়াৰৰ বেটিং তাণ্ডৱ : ভাৰতৰ ক্লিন ছুইপ

অলিম্পিয়া প্ৰতিবেদন

উত্তৰাখণ্ডৰ ধৰমশালা ষ্টেডিয়ামত দেওবাৰে ভ্ৰমণকাৰী শ্ৰীলংকাক ভাৰতে ৬ উইকেটত পৰাস্ত কৰে । ইয়াৰ জড়িয়তে ৩ খন টি-২০ মেচৰ শৃংখলাত ভাৰতে ৩-০ ব্যৱধানত জয়ী হৈ ক্লিন ছুইপ সম্পূৰ্ণ কৰে । দুয়ো দলৰ মাজত লক্ষ্নৌৰ প্ৰথম মেচত ৬২ ৰাণত, শনিবাৰে ধৰমশালাৰ দ্বিতীয় মেচত ৭ উইকেটত ভাৰতে জয়লাভ কৰিছিল । দেওবাৰৰ মেচখনত পোনৰ ত্ৰাণকৰ্তা ৰূপে অৱৰ্তীণ হয় শ্বেয়াছ আয়াৰ। শ্ৰীলংকাই প্ৰথমে বেট ধৰি ৫ উইকেটত সংগ্ৰহ কৰে ১৪৬ ৰাণ ।
প্ৰত্যুত্তৰত আয়াৰৰ অপৰাজিত ৪৫ টা বলত ৭৩ ৰাণৰ সহায়ত ভাৰতীয় দলটোৱে ১৬.৫ অভাৰত ৪ টা উইকেট হেৰুৱাই জয়ত উপনীত হয়। শৃংখলাটোৰ প্ৰতিখন মেচতে অৰ্ধশতক কৰা আয়াৰে প্ৰথম মেচত ৫৭ আৰু দ্বিতীয় মেচত ৭৪ ৰাণ কৰিছিল । কোনোবাৰেই তেওঁক শ্ৰীলংকাৰ বলাৰে আউট কৰিবলৈ সক্ষম নহ’ল । এই সুবাদতে তেওঁ দ্বিতীয় আৰু তৃতীয় মেচত শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ লগতে টুৰ্ণামেণ্টৰো শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী দখল কৰে । ইয়াৰ পাছত দুখন টেষ্ট শৃংখলাৰ প্ৰথম মেচ দুয়ো দলৰ মাজত অহা ৪ মাৰ্চৰ পৰা পঞ্জাবৰ মোহালিত আৰম্ভ হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments