অলিম্পিয়া প্ৰতিবেদন
৩৬। ভাৰতীয় ক্ৰিকেটৰ বাবে এটা মহত্বপূৰ্ণ সংখ্যা। ৩৬ ভাৰতৰ বাবে কিদৰে মহত্বপূৰ্ণ, সেই বাখ্যা কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। উল্লেখযোগ্য যে, এই সংখ্যাটো বিশেষভাৱে চৰ্চিত হৈছিল ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ কালছোৱাত। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত ভাৰতে দ্বিতীয় ইনিংছত কেৱল ৩৬ ৰানতে ইনিংছ সামৰিছিল। তাৰ পিছতে ৩৬ ক লৈ তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হৈছিল ভাৰতীয় দলটো।
বিশেষকৈ অষ্ট্ৰেলিয়ান মিডিয়া আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে সমালোচনাৰে থকাসৰকা কৰিছিল দলটোক। অৱশ্যে, ভাৰতে পিছলৈ উচিত প্ৰত্যুত্তৰৰে ২-১ ব্যৱধানত চিৰিজ নিজৰ দখললৈ আনিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত চর্চাৰ শীৰ্ষত ৩৬ থকাৰ বাবেই সেয়ে ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ভাৰতীয় ক্ৰিকেটত ৩৬ সংখ্যাৰ বিশেষ তাৎপৰ্যৰ বাখ্যা আগবঢ়ায়।
শাস্ত্ৰীয়ে কয় যে, “ভাৰতীয় ক্ৰিকেটত ৩৬ ৰ মহত্ব যথেষ্ট। মোৰ ছয়টা ছয়, দলৰ এডিলেইডৰ ৩৬, এদিনীয়াৰ সংখ্যা ৩৬, গাভাস্কাৰৰ ৩৬, যুৱৰাজৰ ছয় বলত ছয় ছিক্স আৰু বহুতো..” অৰ্থাৎ ইয়াৰ জৰিয়তে তেওঁ নিজে এটা সময়ত ৰঞ্জি ট্ৰফীত কোবোৱা ছয়টা ছিক্সৰ কথা উল্লেখ কৰে। তিলক ৰাজৰ বলত ছয়টা ছয় কোবাই তেওঁ এই কৃতিত্ব অর্জন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ তথা গেৰী ছ’বাৰ্চৰ পিছত দ্বিতীয়জন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হোৱাৰ গৌৰৱ অর্জন কৰে।
ইয়াৰ লগতে, যিটো ৩৬ ৰ কথা ভাবিলে আজিও হয়তো সুনীল গাভাস্কাৰৰ সুখনিদ্ৰাত যতি পৰে, সেই বিখ্যাত ৩৬ ৰ কথাও তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে, ১৯৭৫ ৰ বিশ্বকাপত ইংলেণ্ডৰ বিপক্ষে ৩৩৫ ৰানৰ বিশাল লক্ষ্য আগত লৈ ক্ৰিজত নমা সুনীল গাভাস্কাৰে ১৭৬ টা বলত কেৱল ৩৬ ৰান কৰা ঘটনাটোও বিভিন্ন সময়ত স্মৰণ কৰা হয়।
ঠিক সেইদৰে যুৱৰাজ সিঙৰ ৬ বলত ৬ ছিক্সৰ কথাও অৱশ্যেই স্মৰণযোগ্য। ইংলেণ্ডৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অভাৰত ৬ টা ছিক্স কোবাই তেওঁ এই কৃতিত্ব অর্জন কৰা ভাৰতৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাবে পৰিগণিত হয়। হাৰ্চেল গিবছৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই কাৰনামা কৰি দেখুওৱা তেওঁ দ্বিতীয়জন ক্ৰিকেটাৰ।