Wednesday, October 5, 2022
HomeNewsচিৰবৈৰী হ'লেও পাকিস্তানৰ সৈতে থকা ভাৰতীয় ক্ৰিকেটৰ এই সাদৃশ্যই চমকিত কৰিব আপোনাক

চিৰবৈৰী হ’লেও পাকিস্তানৰ সৈতে থকা ভাৰতীয় ক্ৰিকেটৰ এই সাদৃশ্যই চমকিত কৰিব আপোনাক

✍️ যুগললোচন দাস

অলিম্পিয়া বিশেষ লেখা

ৰাজনীতিৰ লগতে ক্ৰিকেটখেলতো চিৰবৈৰী ভাৰত আৰু পাকিস্তান। কিন্তু দল দুটা যেতিয়াই যি কোনো খেলত সন্মুখীন হয়, তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ হয় যুঁজ। উত্তেজনা উৎকণ্ঠাই পায় চৰম বিন্দু। ভাৰত-পাকিস্তানৰ ক্ৰিকেট প্ৰতিদ্বন্দিতা চাবলৈ সমগ্ৰ বিশ্বই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে। এতিয়া ৰাজনৈতিক অস্থিৰতাৰ বাবে দল দুটাৰ মাজত বন্ধ হৈ আছে দ্বি-পাক্ষিক শৃংখলাবোৰ। কাশ্মীৰক লৈ ভাৰত-পাকিস্তানৰ মাজত যিমানেই অমিল নাথাকক কিয়, দেশ দুখনৰ দুটা ক্ৰিকেট পৰিয়ালৰ মাজত কিন্তু আছে অদ্ভুত আশ্বৰ্য মিল।

ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত প্ৰথম শতৰাণ কৰিছিল অধিনায়ক লালা অমৰনাথে। আনহাতে পাকিস্তানৰ হৈ টেষ্ট ক্ৰিকেটত প্ৰথম শতৰাণ সংগ্ৰহ কৰিছিল নজৰ মহম্মদে। মিলটো হ’ল যে দুয়োখন দেশৰ বাবে সেইখন আছিল দ্বিতীয় টেষ্ট। ১৯৫২-৫৪ চনত হৈছিল উক্ত টেষ্ট শৃংখলা। নিজ নিজ দেশৰ এই দ্বিতীয় টেষ্টত এই দুজনে শতৰান কৰাৰ পূৰ্বে আন ক্ৰিকেটাৰে কৰিব পৰা নাছিল। পঞ্জাৱৰ খেল পথাৰৰ পৰা অহা এই দুটি পৰিয়ালৰ সদস্যৰ মাজত আৰু ভালেকেইটা মিল পোৱা গৈছে। পিতা আৰু পুত্ৰৰ মাজতেই এই মিলবোৰ পৰিলক্ষিত হৈছে যিটো এক উল্লেখনীয় ঘটনা। লালা অমৰনাথ যেনেদৰে অভিষেক টেষ্টতেই শতৰান অৰ্জন কৰিছিল, সেইদৰে তেওঁৰ পুত্ৰ সুৰিন্দৰ অমৰনাথেও জীৱনৰ প্ৰথম টেষ্টত কৰিছিল শতৰান। অভিষেক টেষ্টতেই পিতা পুত্ৰৰ শতৰানৰ ঘটনা বিশ্ব ক্ৰিকেট ইতিহাসত বিৰল। কিন্তু পাকিস্তানৰো এক পিতা পুত্ৰৰ এনে কৃতিত্বৰ অধিকাৰী হোৱাৰ উদাহৰণ আছে। নজৰ মহম্মদ পৰিয়ালত এই ঘটনা সম্ভৱ হৈছিল। ভাৰতৰ বিৰুদ্ধে ইনিংছৰ আৰম্ভণি কৰি শেষ পৰ্যন্ত নট আউট আছিল নজৰ মহম্মদ। এই ঘটনাৰ ৩১ বছৰ পিছত ভাৰতৰ বিৰুদ্ধে ইনিংছ আৰম্ভ কৰিবলৈ আহি অপৰাজিত শতৰান অৰ্জন কৰিছিল নজৰ মহম্মদৰ পুত্ৰ মুদাছৰ নজৰে। তেওঁ স্পৰ্শ কৰে পিছত অভিলেখ।

অকল সেয়াই নহয়, ভাৰত আৰু পাকিস্তানৰ মাজৰ দুই দেশৰ ১০১ সংখ্যক টেষ্ট শতৰান দুটা আহে তেওঁলোকৰে পুত্ৰ মহিন্দৰ অমৰনাথ আৰু মুদাছৰ নজৰৰ বেটৰ পৰা। দুয়োজনৰ মাজত এনে অদ্ভুদ মিল আছে যে ১৯৮২ চনৰ কৰাচী টেষ্টত দুয়োজনে পূৰণ কৰিছিল নিজৰ নিজৰ টেষ্ট ক্ৰিকেট কেৰিয়াৰৰ ২০০০ ৰান। লালা অমৰনাথৰ পুত্ৰ মহিন্দৰ আৰু নজৰ মহম্মদৰ পুত্ৰ মুদাছৰ দুয়োজনৰ নামৰ আৰম্ভ আৰু শেষ অক্ষৰ ‘ম’ আৰু ‘ৰ’ ( M আৰু R)। এই দুজন ক্ৰিকেটাৰৰ জ্যেষ্ঠ আৰু কণিষ্ঠ ভাতৃ আছে। দুয়োজনৰ নামৰ বৰ্ণসংখ্যাৰ যোগফল ৮ । কিন্তু আটাইতকৈ মজাৰ আৰু আশ্বৰ্য মিলটো হ’ল যে দুয়োজনে জীৱনৰ প্ৰথম টেষ্ট খেলিবলৈ অবতীৰ্ণ হৈছিল ২৪ ডিচেম্বৰ আৰু প্ৰথম টেষ্টত শতৰান কৰিছিল ১৯৭৭ চনৰ ডিচেম্বৰ মাহত। ইয়াতেই শেষ নহয়, ভাৰত-পাক টেষ্টৰ এটা শৃংখলাত সৰ্বাধিক ৰানো সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছিল দুয়ো। ১৯৮২-৮৩ টেষ্ট শৃংখলাত মুদাছৰে সংগ্ৰহ কৰিছিল ৭৬১ ৰান। এয়া আছিল দুই দেশৰ খেলুৱৈৰ মাজত সৰ্বোচ্চ ৰান। মহিন্দৰ আৰু মুদাছৰ দুয়োজনেই আছিল দলৰ বাবে ‘মিষ্টাৰ ডিপেণ্ডেৱল’ আৰু প্ৰচাৰ বিমুখ। তদুপৰি দুয়োজনে আকৌ স্পিন বলিঙো কৰিছিল। এক কথাত দুয়োজন ‘অলৰাউণ্ডাৰ’।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments