Friday, September 30, 2022
HomeNewsৰাষ্ট্ৰীয় পেৰা সাঁতোৰত পদকপ্ৰাপ্ত সাহানালৈ বিধায়ক ছিৰাজুদ্দিন আজমলৰ আৰ্থিক উপহাৰ

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত পদকপ্ৰাপ্ত সাহানালৈ বিধায়ক ছিৰাজুদ্দিন আজমলৰ আৰ্থিক উপহাৰ

অলিম্পিয়া প্ৰতিবেদন

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব যমুনামুখ।ক্ৰীড়াক্ষেত্রত যমুনামুখ সমষ্টিৰ খেলুৱৈসকলক আগবঢ়াই লৈ যাবলৈ বিধায়ক ছিৰাজুদ্দিন আজমলৰ প্ৰশংসনীয় পদক্ষেপ।আৰ্থিকভাৱে পিচপৰা খেলুৱৈক আগবঢ়ালে সহায়ৰ হাত।

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত মহিলাৰ জয়যাত্ৰা অব্যাহত ।কি অৱনী লেখাৰা কি লাভলীনা! পুৰুষৰ সমানে মহিলা সকলেও গঢ়িছে ইটোৰ পিছত সিটো সোণালী ইতিহাস। অসমত ক্ৰীড়া ক্ষেত্রত সৃষ্টি হোৱা সুন্দৰ বাতাবৰণৰ মাজতেই অসমৰ এগৰাকী যুৱতীয়ে অসমলৈ কঢ়িয়াই আনিছিল গৌৰৱ। নাম সাহানা বেগম।হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ যুৱতী এইগৰাকী সাহানা। বিগত কেইটামাহৰ পূৰ্বে লাভ কৰিছিল দুটাকৈ স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক।
চলিত বৰ্ষৰ মাৰ্চ মাহত, অসমৰ পৰা পেৰা সাঁতোৰৰ এটা দলে বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অংশ লৈ দলটোৱে দহটাকৈ পদক অৰ্জন কৰিছিল। ইয়াৰে ভিতৰত আছিল চামৰআলি গাঁৱৰ জীয়ৰী সাহানা বেগম ।তিনিটাকৈ পদক লাভেৰে অসম তথা যমুনামুখলৈ গৌৰৱ কঢ়িয়াই আনিছিল এইগৰাকী অসমকন্যাই।

ইয়াকে লৈ উৎফুল্লিত অসমবাসী,যমুনামুখবাসী তথা যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমল। সাহানাৰ কাষত থিয় দিছে বিধায়কজনে।ডবকাৰ এ. আই. ডি. ইউ.এফৰ কাৰ্যালয়ত বিধায়কজনে সম্বৰ্ধনা জনালে সাহানাক। ৫০ হাজাৰ টকাৰ আৰ্থিক উপহাৰ আগবঢ়ালে সাঁতোৰবিদ সাহানালৈ। লগতে গুৱাহাটীত অনুষ্ঠিত হ’বলগা প্ৰশিক্ষণৰ খৰছ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে স্থানীয় বিধায়কজনে। ইয়াৰোপৰি অনাগত দিনত ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জন কৰিলে ১ লাখ টকা আৰু অলিম্পিকত জয়ী হলে ৫ লাখ টকা পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে বিধায়ক ছিৰাজুদ্দিন আজমলে।

উল্লেখযোগ্য যে বিধায়কজনে ক’ভিডৰ বাবে পলমকৈ সম্বৰ্ধনা জনালে সাঁতোৰবিদ গৰাকীক। যমুনামুখ সমষ্টিৰ খেলুৱৈসকলকৰ বাবে বিধায়কজনে গ্ৰহণ কৰা এনে পদক্ষেপক এতিয়া শলাগিছে ক্ৰীড়াপ্ৰেমীয়ে। সকলোৱে আশা কৰিছে ছিৰাজুদ্দিন আজমলৰ দৰে সকলো বিধায়কে নিজ নিজ সমষ্টিৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ বাবে গ্ৰহণ কৰক এনে উৎসাহমূলক পদক্ষেপ। যাৰ জৰিয়তে সাহানাৰ দৰে বহু যুৱচামৰ যুৱক-যুৱতীয়ে বিশ্বমুখী হৈ অসম তথা দেশৰ নাম উজলাব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments