Friday, September 30, 2022
HomeNewsআই টি এফ জুনিয়ৰ টেনিছত ভাৰতক প্রতিনিধিত্ব অসমৰ ৬ খেলুৱৈৰ

আই টি এফ জুনিয়ৰ টেনিছত ভাৰতক প্রতিনিধিত্ব অসমৰ ৬ খেলুৱৈৰ

অলিম্পিয়া প্রতিবেদন

অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচল ক্রীড়া প্রকল্পত সোমবাৰৰ পৰা অনুষ্ঠিত হ’ব আইটি এফ জুনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযােগিতা। উল্লেখ্য যে বিশ্ব ৰেংকিঙৰ আন্তর্জাতিক টেনিছ প্রতিযােগিতাখনত অংশ ল’ব ভাৰতৰ লগতে ইংলণ্ড আৰু নেপালৰ ১৮ অনূর্ধ্ব ল’ৰা-ছােৱালীয়ে। ইতিমধ্যে যােৱা দুদিন ধৰি চচল টেনিছ প্রকল্পত প্রতিযােগিতাৰ যােগ্যতা অর্জনকাৰী মেচ অনুষ্ঠিত হৈছে। বিশ্ব ৰেংকিঙৰ আন্তর্জাতিক টেনিছ প্রতিযােগিতাখনত দেশক প্রতিনিধিত্ব কৰাৰ সুযােগ লাভ কৰিছে অসমৰ খেলুৱৈয়েও।

উল্লেখ্য যে ১৮ অনূর্ধ্ব ল’ৰাৰ একক শাখাত অসমৰ জিজ্ঞাসমান হাজৰিকা আৰু অন্তৰীশ তামুলীয়ে ৱাইল্ড কার্ড লাভ কৰাৰ বিপৰীতে পােনপটীয়াকৈ মূল ৰাউণ্ডত প্রৱেশ কৰিছে কৃতান্ত শর্মাই। ইফালে, ছােৱালীৰ ১৮ অনূর্ধ্বৰ একক শাখাত অসমৰ জাষ্টিনা বৰগােহাঁই আৰু তানিয়া কুমাৰীয়ে ৱাইল্ড কার্ড লাভ কৰাৰ লগতে মূল ৰাউণ্ডত প্ৰৱেশ কৰাত সফল হৈছে কৃষ্টি বড়াে।

ইফালে, যােগ্যতা অর্জনকাৰী মেচত জয়ৰে মূল ৰাউণ্ডত খেলাৰ সুযােগ লাভ কৰিছে আঠ গৰাকী ভাৰতীয় খেলুৱৈয়ে। ছােৱালীৰ একক শাখাত যােগ্যতা অর্জন কৰা চাৰি খেলুৱৈ হ’ল কাশিষ ব’টে, ৰাধিকা ৰাজেশ মহাজন, অনুষ্কা সিং আৰু সুৰয়ানশি ইণ্ডিয়া। আনহাতে, ল’ৰাৰ একক শাখাত যােগ্যতা অর্জন কৰিছে শিৱম সন্দিপ কদম, জেছন ডেভিদ, তুষাৰ মিউল আৰু যশমীট ডুহান।

অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনােৱা অনুসৰি সোমবাৰৰ পুৱা আঠ বজাৰ পৰাই একক শাখাৰ মেচ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচল ক্রীড়া প্রকল্পত ইতিমধ্যে আই টি এফ ছিনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযােগিতাৰ সফল সামৰণি পৰাৰ পাছত এতিয়া কাইলৈৰ পৰা অহা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব আই টি এফ জুনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযােগিতা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments