Tuesday, October 4, 2022
HomeMiscellaneousশ্লাম ডগ মিলিয়নেয়াৰ ! দুভৰিৰ যাদুৰে বিশ্ব জিনিবলৈ সাজু নিচাৰ

শ্লাম ডগ মিলিয়নেয়াৰ ! দুভৰিৰ যাদুৰে বিশ্ব জিনিবলৈ সাজু নিচাৰ

✍️ প্ৰতিভূ দত্ত

দিল্লীৰ শ্লাম (slum) এটাৰ ঠেক গলিবোৰৰ মাজে মাজে দৌৰি যোৱা ল’ৰা এজনে যাকেই সন্মুখত দেখিছে বা পাইছে চিঞৰি কৈছে— ‘দুটা ভাঙি দিলো। পাত্তাই নাপালে। আম্মা আববাক দেখিছে নেকি·’

‘ল’ৰাটো কোন চিনি পাইছেনে·’

ঃ কোন·

ঃ নিচাৰ আহমেদ।

ঃ নিচাৰ কোন·

ঃ আৰে! নিচাৰ মানে মহম্মদ হক আৰু শ্বফিকুন্নিছাৰ পুতেক আকৌ·

ঃ এই মহম্মদ হক আৰু শ্বফিকুন্নিছা কোন আকৌ·

‘উফ দিল্লীৰ আজাদপুৰৰ ৰেলআলিৰ কাষৰ বড়া বাগৰ শ্লামত যে থাকে মহম্মদ আৰু শ্বফিকুন্নিছা। মহম্মদৰ মাল টনা ৰিক্সা এখন আছে। সেইখনেৰে আজাদপুৰৰ বিভিন্ন ঠাইত চলি থকা নিৰ্মাণ কাৰ্যলৈ চিমেণ্ট বা লোহা কঢ়িয়ায়। আজাদপুৰত মহম্মদক বহুতেই নানকু বুলিয়েই জানে।’

ঃ মানে এই লেখাটো ৰিক্সাৱালা নানকুৰ ওপৰত·

‘নানকুৰ দৈনিক উপাৰ্জন গড়ে ২০০ টকা। সেইখিনিৰে সংসাৰ নচলে। গতিকে পৰিবাৰ শ্বফিকুন্নিছাই ওচৰৰে কেইবাঘৰত  ঘৰুৱা কাম কৰি আৰু দু পইচা উপাৰ্জন কৰে।’

ঃ তাৰ মানে এই লেখাটো মহম্মদৰ পৰিয়ালৰ আৰ্থিক অৱস্থাৰ ওপৰত·

‘এই মহম্মদ আৰু শ্বফিকুন্নিছাৰ পুতেক নিচাৰ আহমেদৰ ওপৰত এই লেখাটো। মোৰ কাৰণে নিচাৰ এজন নায়ক। আশা কৰিম ২০০৪ত নিচাৰৰ সৈতে একে লগে থিয় হৈ ত্ৰিৰংগাখনক ছেলুইট মাৰি জন গণ মন অধিনায়ক গাম।’

ঃ হাঁ হাঁ ···· নিচাৰে কি কৰিলে· কি কৰে····

নিচাৰৰ কাহিনীটো ঃ

সেই যে নিচাৰে চিঞৰি চিঞৰি কৈছিল— ‘দুটা ভাঙি দিলো’ সেয়া আছিল দুটা ৰাষ্ট্ৰীয় অভিলেখ।

নিচাৰে ১০০ আৰু ২০০ মিটাৰ দৌৰত দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ লগতে তেওঁ ১০০ মিটাৰ দৌৰত যি সময় লৈছিল সেয়া দিল্লী পুৰুষৰ ছিনিঅ’ৰ অভিলেখতকৈও ২ ছেকেণ্ড সময় কম আছিল।

১৬ বছৰীয়া নিচাৰ এজন দৌৰবীৰ—স্প্ৰিণ্টাৰ। ১৫ বছৰ বয়সত নিচাৰে দিল্লী ৰাজ্যিক এথলেটিক মীটত নিচাৰ আছিল ডবল স্প্ৰিণ্ট মেডেলিষ্ট। নিচাৰে পদক দুটা লৈ দৌৰি দৌৰি মাক-দেউতাকক বিচাৰি ফুৰিছিল। নিচাৰে জানিছিল ইচ্ছা থকাৰ পিছতো মাক-দেউতাকে নিচাৰৰ দৌৰ বা পদক পোৱাৰ দৃশ্য চাবলৈ ষ্টেডিয়ামলৈ যাব পৰা নাছিল।

ষ্টেডিয়ামলৈ যোৱা মানেই দিনৰ উপাৰ্জন হেৰুৱাব লাগিব। সেয়া সম্ভৱ নহয়।

নিচাৰে দৌৰিবলৈ আৰম্ভ কৰাৰ পিছত দৌৰৰ জোতা (Spike), চোলা-পেণ্ট, সুষম আহাৰ আদিৰ বাবদ মহম্মদ হকে ২৮,০০০ টকাৰ ঋণ এটা লৈছিল। এঘাৰ মাহ ধৰি সেই ঋণ পৰিশোধ কৰাৰ নামত মহম্মদে দুগুণ কাম কৰিব লগাত পৰিছে। তেনে কৰোতে মহম্মদৰ এটা ভৰিৰ আঙুলিত ঘা লাগি ভালকৈ খোজকাঢ়িব নোৱৰা অৱস্থা এটা হৈছে। দৰাচলতে পিতৃ মহম্মদে আজিলৈকে নিচাৰৰ দৌৰ দেখা নাই। আনৰ মুখত শুনিছে পুতেক হেনো এজন চেম্পিয়ন।

মাক শ্বফিকুন্নিছাই খেলৰ কথা বুজি নাপায়। আশা মাথোঁ এদিন নিচাৰৰ ভল হ’ব।

ভাৰতৰ এথলেটসকলৰ মাজত এতিয়া নিচাৰ আহমেদ এটা ধ্ৰু¸ৱতৰা।

আজিৰে পৰা দিল্লীত অনুষ্ঠিত হোৱা প্ৰথম খেলো ইণ্ডিয়া স্কুল গেমছত প্ৰথমবাৰৰ বাবে নিচাৰ আহমেদৰ দৌৰ   লাইভ দেখিলো। Grey Body Suitত দেখিবলৈ জাষ্টিন গেটলিনৰ দৰে লাগিল। নিচাৰৰ আদৰ্শ আকৌ উছেইন বল্ট। নিচাৰৰ দৌৰ দেখি মন ভাল লাগি গ’ল। উছেইন বল্টৰ দৰেই হাঁহি হাঁহি দৌৰি থাকে। পাৰ্থক্য মাথোঁ এটাই— বল্টৰ দৌৰৰ আৰম্ভণিটো বৰ লেহেমীয়া আৰু শেষৰ ফালে এটা অসম্ভৱ Acceleration! নিচাৰৰ আৰম্ভণিতেই এটা অসম্ভৱ Acceleration আৰু শেষৰ ফালে বে’চ লেহেমীয়া দৌৰ। দুয়োজনেই দৌৰ শেষ কৰে, ‘হাঁহি হাঁহি’।

নিচাৰক যেতিয়া এজন সাংবাদিকে সুধিছিল— ‘তোমাৰ জীৱনৰ সপোন কি·’

ভাৰতৰ এথলেটিকছৰ সবাতোকৈ সম্ভাৱনাপূৰ্ণ খেলুৱৈজনৰ উত্তৰ আছিল— ‘কোনেনো বিচাৰিব নিজৰ মাকজনীয়ে বেলেগৰ ঘৰত কাম কৰি থকাটো· মই আম্মাৰ কাৰণে কিবা কৰিব বিচাৰো।’

মই কিন্তু আশাবাদী, নিচাৰৰ সৈতে আমি ২০২৪ত একেলগে গাব পাৰিম, ‘জন গণ মন’; পেৰিছ অলিম্পিকত।

ইতিমধ্যেই ভাৰত চাৰকাৰে ব্যৱস্থা কৰিছে। নিচাৰ আৰু আন ১৩জন যুৱ খেলুৱৈক জামাইকালৈ এক মাহৰ প্ৰশিক্ষণৰ বাবে পঠিয়াব। জামাইকাত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব  The Usain Bolt Accademyত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments