Tuesday, October 4, 2022
HomeNewsযদিহে এইসকল ক্ৰিকেটাৰে ক্ৰিকেট নেখেলিলে হয়...!

যদিহে এইসকল ক্ৰিকেটাৰে ক্ৰিকেট নেখেলিলে হয়…!

olympiasports.in

✍️ তুষাৰ প্ৰতিম

বিশ্বৰ ক্ৰিকেটৰ বহু তাৰকা ক্ৰিকেটাৰক অনুৰাগীসকলে তেওঁলোকৰ ক্ৰিকেটীয় ক্ৰীড়াশৈলীৰ বাবে বিশেষকৈ মনত ৰাখি আহিছে। কিন্তু এনে কিছুমান জনপ্ৰিয় ক্ৰিকেটাৰ আছে যিয়ে ক্ৰিকেটৰ পৰিৱৰ্তে অন্য ক্ৰীড়াটো সমানে পাৰদৰ্শী।

আজি আপোনালোকলৈ লৈ আহিছোঁ এনে কেইজনমান ক্ৰিকেটাৰ যিয়ে ক্ৰিকেটৰ পৰিৱৰ্তে অন্য ক্ৰীড়াটো বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে।

এ বি ডিভিলিয়াৰ্ছ

দক্ষিণ আফ্ৰিকাৰ তাৰকা ক্ৰিকেটাৰ তথা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰৰ নিয়মীয়া খেলুৱৈ এ বি ডিভিলিয়াৰ্ছ বিশ্বৰে এজন জনপ্ৰিয় ক্ৰিকেটাৰ। এইগৰাকী দক্ষ ক্ৰিকেটাৰ যে কেৱল ক্ৰিকেটতে দক্ষ তেনে নহয়, তেওঁ বেডমিণ্টন, হকী আৰু টেবুল টেনিছৰো ক্ৰিকেটৰ দৰেই এগৰাকী দক্ষ খেলুৱৈ। তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে ২০১৬ চনত এক ইণ্টাৰভিউত উল্লেখ কৰিছিল যে তেওঁ বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ছোৱাত এজন ভাল হকী খেলুৱৈ আছিল। ইয়াৰ উপৰিও তেওঁ নিজেই প্ৰকাশ কৰিছে যে খুব ভাল বেডমিণ্টন আৰু টেবুল টেনিছ খেলিছিল।

জন্টি ৰ’ডছ

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ এগৰাকী সুদক্ষ ক্ৰিকেটাৰ জণ্টি ৰ’ডছ। এইগৰাকী ক্ৰিকেটাৰো আছিল এজন ভাল হকী খেলুৱৈ। আনকি এইগৰাকী ক্ৰিকেটাৰে অলিম্পিক দললৈও নিৰ্বাচিত হৈছিল। ১৯৯২ চনৰ অলিম্পিকৰ বাবে ঘোষিত দক্ষিণ আফ্ৰিকাৰ হকী দলটোলৈ জণ্টি নিৰ্বাচিত হৈছিল। পিছে দলটোৱে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল। ইয়াৰ পিছত ১৯৯৬ চনৰ অলিম্পিকলৈ ঘোষিত দক্ষিণ আফ্ৰিকাৰ দলত স্থান লাভ কৰিবলৈ জণ্টিয়ে ট্ৰায়েল দিছিল যদিও সেইবাৰ আঘাতৰ বাব তেওঁ দলত স্থান
লাভ নকৰিলে।

ব্ৰেণ্ডন মেককুলাম

নিউজিলেণ্ডৰ এইগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। এইগৰাকী ক্ৰিকেটাৰে নিউজিলেণ্ডৰ উইকেট কীপাৰৰ ভূমিকা সুন্দৰকৈ পালন কৰিছিল। পিছে আপুনি জানেনে এইগৰাকী ক্ৰিকেটাৰে এসময়ত ৰাগবী খেলিছিল ? হয়, এইগৰাকী ক্ৰিকেটাৰ এসময়ত এজন ৰাগবী খেলুৱৈ আছিল। তেওঁ ইমানেই সুদক্ষ ৰাগবী খেলুৱৈ আছিল যে তেওঁ নিউজিলেণ্ডৰ জাতীয় ৰাগবী দলটো স্থান লাভ কৰিছিল।

এলিছ পেৰী

এলিছ পেৰী মহিলা ক্ৰিকেটৰ এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ। এইগৰাকী অষ্ট্ৰেলিয়ান মহিলা ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সমুদায়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিন্তু আপুনি জানেনে এইগৰাকী ক্ৰিকেটাৰ যে এগৰাকী সুদক্ষ ফুটবলাৰ? হয়,এলিছ পেৰীয়ে অষ্ট্ৰেলিয়া ফুটবলক এসময়ত প্ৰতিনিধিত্ব কৰিছিল। এলিছ পেৰী এগৰাকী এনেকুৱা খেলুৱৈ যিয়ে ক্ৰিকেট আৰু ফুটবল দুয়োবিধ ক্ৰীড়াতে অষ্ট্ৰলিয়াৰ হৈ বিশ্বকাপত অংশগ্ৰহণ কৰিছে।

চুজি বেটছ

নিউজিলেণ্ড মহিলা ক্ৰিকেট দলৰ এগৰাকী সুদক্ষ অধিনায়ক এইগৰাকী ক্ৰিকেটাৰ। ক্ৰিকেটৰ উপৰিও এইগৰাকী ক্ৰিকেটাৰে বাস্কেটবল খেলতো নিপুণ। তেওঁ এসময়ত বাস্কেটবল দলৰ হৈ অংশগ্ৰহণ কৰাৰ উপৰিও অধিনায়কৰ দায়িত্ব পালন কৰিছিল।

source : Znews

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments