Tuesday, October 4, 2022
HomeNews২০০৮ৰ আজিৰ দিনটোতে আত্মপ্ৰকাশ কৰিছিল আই পি এলে: প্ৰথমটো ছিজনৰ কিছু কথা

২০০৮ৰ আজিৰ দিনটোতে আত্মপ্ৰকাশ কৰিছিল আই পি এলে: প্ৰথমটো ছিজনৰ কিছু কথা

olympiasports.in

  • ১২ বছৰৰ আগতে আজিৰ দিনটোত ভাৰতত আত্মপ্ৰকাশ কৰিছিল ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ চমুকৈ আই পি এলে।
  • ২০০৮ চনৰ আজিৰ দিনটোত আই পি এলৰ ইতিহাসৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হৈছিল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু।
ৰাজস্থান ৰয়েলছ আছিল প্ৰথম ছিজনৰ চেম্পিয়ন
  • কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ২২২ ৰান সংগ্ৰহ কৰিছিল। কলকাতাৰ হৈ ব্ৰেণ্ডন মেকক’লামে ১৪৮ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলিছিল। ৭৩ টা বলৰ ইনিংছটোৰে আই পি এলৰ এক সুন্দৰ আৰম্ভনি ঘটিছিল। ই আছিল আই পি এলৰ ইতিহাসৰ প্ৰথমটো শতক ব্ৰেণ্ডন মেকক’লামেই লাভ কৰিছিল আই পি এলৰ ইতিহাসৰ প্ৰথমটো মেন অৱ দ্য মেচৰ খিতাপ।
  • ২২২ ৰানৰ লক্ষ্য আগত লৈ বেংগালুৰুই ১৫.১ টা বলত কেৱল ৮২ ৰানহে কৰিবলৈ সক্ষম হৈছিল।
  • সেইটো ছিজনত কলকাতাৰ অধিনায়ক আছিল সৌৰভ গাংগুলী আৰু বেংগালুৰু দলটোৰ অধিনায়ক আছিল ৰাহুল দ্ৰাবিড়।
  • ২০০৮ ৰ প্রথমটো আই পি এলৰ খিতাপ লাভ কৰিছিল ৰাজস্থান ৰয়েলছে। ৰানাৰ্ছ আপ আছিল চেন্নাই ছুপাৰ কিংছ।
  • প্লেয়াৰ্ছ অৱ দ্য টুৰ্ণামেণ্টৰ খিতাপ লাভ কৰিছিল শ্বেন ৱাটচনে।
প্লেয়াৰ্ছ অৱ দ্য টুৰ্ণামেণ্ট আছিল শ্বেন ৱাটচন
  • সৰ্বাধিক ৰান সংগ্রহকাৰী আছিল কিংছ ইলেভেন পঞ্জাৱৰ শ্বন মাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ ছোহেইল টনভিৰে সৰ্বাধিক উইকেট দখল কৰিছিল।
  • উল্লেখযোগ্য যে মুম্বাই ইণ্ডিয়ানছে সৰ্বাধিক চাৰিবাৰ এই আই পি এলৰ খিতাপ লাভ কৰিছে। চেন্নাই ছুপাৰ কিংছে দ্বিতীয় সৰ্বাধিক তিনিবাৰ এই খিতাপ অৰ্জন কৰিছে
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments