Wednesday, October 5, 2022
HomeNewsআজি ৩৩ বৰ্ষত ভৰি দিলে ৰোহিত শৰ্মাই; আহক ক্ৰিকেটাৰজনৰ বিষয়ে জানো এইকেইটা...

আজি ৩৩ বৰ্ষত ভৰি দিলে ৰোহিত শৰ্মাই; আহক ক্ৰিকেটাৰজনৰ বিষয়ে জানো এইকেইটা বিশেষ কথা

অলিম্পিয়া বাৰ্তা

হিটমেন ৰূপে খ্যাত ৰোহিত শৰ্মাই আজি ৩৩ বছৰত ভৰি দিলে। ১৯৮৭ চনৰ আজিৰ দিনটোতেই নাগপুৰত জন্ম লাভ কৰিছিল ভাৰতৰ ষ্টাইলিষ্ট বেটছমেনগৰাকীয়ে। নিজৰ অদ্ভুত ক্ৰিকেটীয় পাৰদৰ্শিতাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা ক্ৰিকেটাৰজনৰ জীৱনৰ বহুকেইটা দিশৰ কথা এই লেখাটোৰ জৰিয়তে আলোকপাত কৰা হৈছে।

  • ৰোহিত শৰ্মা প্ৰথম অৱস্থাত এজন অফ স্পীনাৰ হ’বলৈ বিচাৰিছিল। কিন্তু তেওঁৰ প্ৰশিক্ষক দীনেশ লঢ়ে তেওঁৰ বেটিং নিপুনতাক চিনি উলিয়াইছিল আৰু এজন সফল বেটছমেন ৰূপে গঢ় দিয়াত আগ ভাগ লৈছিল।
  • ৰোহিত শৰ্মাৰ আদর্শ ক্ৰিকেটাৰ হৈছে বীৰেন্দৰ সেৱাগ।
  • পিতৃ-মাতৃয়ে তেওঁৰ বিদ্যালয়ৰ মাহিলী মাচুল দিবলৈ সক্ষম হোৱা নাছিল। ৰোহিত শৰ্মাই ক্ৰিকেট ফিল্ডফ দেখুওৱা পাৰদৰ্শিতাৰ বাবেই বিদ্যালয়ৰ পৰা জলপানী লাভ কৰিছিল।
  • ৰোহিত শৰ্মা মানচেষ্টাৰ ইউনাইটেডৰ এজন অনুৰাগী।
  • ২০১৯ বৰ্ষৰ বিশ্ব কাপৰ পিছৰ পৰাই ৰোহিত শৰ্মাৰ নামতেই আছে সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ।
  • এদিনীয়া আন্তৰ্জাতিকত তিনিটাকৈ দ্বি শতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ ৰোহিত: ৰোহিতে প্ৰথমটো দ্বি শতক অৰ্জন কৰে ২০০৯ বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। তাৰ পিছত ২০১৪ চনত শ্ৰীলংকাৰ বিৰুদ্ধে কৰে ২৬৪ ৰানৰ বিস্ফোৰক ইনিংছটো। একেটা দলৰ বিৰুদ্ধেই পুনৰ ২০১৭ চনত ম’হালীত সংগ্ৰহ কৰে কেৰিয়াৰৰ তৃতীয়টো দ্বি শতক।
  • আই পি এলত চাৰিটাকৈ খিতাপ লাভ কৰা প্ৰথমজন অধিনায়ক। ৰোহিত শৰ্মাৰ নেতৃত্বতে মুম্বাই ইন্ডিয়ানছ দলে ২০১৩, ২০১৫,২০১৭ আৰু ২০১৯ চনত চেম্পিয়নৰ খিতাপ লাভ কৰে।
  • এদিনীয়া আন্তৰ্জাতিকত সৰ্বাধিক ১৫০+ ৰান কৰা একমাত্ৰ বেটছমেন। ৬ টাকৈ ১৫০ বা ততোধিক ৰানৰ ইনিংছ খেলিছে ৰোহিতে।
  • টি টুৱেন্টিৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৰোহিত। ২০০৭ চনত আৰম্ভ কৰা টি টুৱেন্টি ক্ৰিকেটত বৰ্তমানলৈ ৮৬ টা ইনিংছত ৰোহিতে সংগ্ৰহ কৰিছে ২৩৩১ ৰান। সৰ্বাধিক ৰান ১১৮।
  • ক্ৰিকেটৰ তিনিটাকৈ ফৰ্মেটত শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ ৰোহিত।
  • টেষ্ট ক্ৰিকেটৰ অভিষেক মেচত শতক অর্জন কৰিছিল ৰোহিতে। ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৭৭ ৰানৰ ইনিংছ উপহাৰ দিছিল ৰোহিতে।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments