অলিম্পিয়া প্রতিবেদন
✍️ তপন কুমাৰ বৰা
ভাৰতীয় পুৰুষ হকী দলৰ খেলৰ এক গৌৰৱময় ইতিহাস আছে। ১২৬ খন খেলৰ ভিতৰত ৭৭ টা বিজয়ৰ সৈতে অলিম্পিক ইতিহাসত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সামগ্ৰিক প্ৰদৰ্শন আছে। ভাৰতে এই মুহূৰ্তত টকিঅ’ ২০২০ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ প্ৰস্তুতি চলাই আছে। ভাৰতে এতিয়ালৈকে হকীত বহুতো অভিলেখ লিপিবদ্ধ কৰিছে, সংক্ষিপ্তকৈ চাওঁ আহকচোন।
ভাৰতৰ আঠটা অলিম্পিক স্বৰ্ণ:
অলিম্পিকৰ হকীত ভাৰতে আঠটা সোণৰ পদক জিকিছে যিটো আন সকলো ৰাষ্ট্ৰৰ তুলনাত সৰ্বাধিক। ৪টা সোণৰ পদকেৰে জাৰ্মানী তালিকাখনৰ দ্বিতীয় স্থানত আছে। ভাৰতে মুঠ ১১ টা পদক (১৯৬০ চনত ৰূপ, ১৯৬৮, ১৯৭২ চনত ব্ৰঞ্জ) জিকিছে।
ভাৰতৰ ক্ৰমাগত ছটাকৈ অলিম্পিক স্বৰ্ণ:
ভাৰতে ১৯২৮ চনত প্ৰথম অলিম্পিক স্বৰ্ণ পদক জিকিছিল আৰু একাদিক্ৰমে ১৯৩২ আৰু ১৯৩৬ চনত স্বৰ্ণ পদক জিকি ধাৰাটো অক্ষুণ্ণ ৰাখিছিল। ১৯৪০ আৰু ১৯৪৪ চনৰ অলিম্পিকত হকী খেলা হোৱা নাছিল। ১৯৪৮ চনৰ ইভেণ্টত হকী খেলা পুনৰ ঘূৰি অহাৰ পিছত, ভাৰতে সেই বছৰ পুনৰ স্বৰ্ণ জয় কৰিছিল, সেইদৰে ১৯৫২ আৰু ১৯৫৬ চনতো স্বৰ্ণ পদক জিকি ধাৰাটো অক্ষুণ্ণ ৰাখিছিল। আজিলৈকে আন কোনো দলে একেৰাহে ছয়টা সোণৰ পদক জিকিব পৰা নাই।
অলিম্পিকত ভাৰতৰ অন্যান্য বৃহৎ অভিলেখ:
১৯৩২ চনৰ অলিম্পিকত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক ২৪-১ গ’লত পৰাজিত কৰে। এইটো বিশ্বব্যাপী ইভেণ্টত এটা হকী খেলত সৰ্বাধিক সংখ্যক গ’ল কৰাৰ অভিলেখ। ৰূপ সিঙে খেলখনত ১০ টা গ’ল কৰিছিল আৰু এইটো অলিম্পিকত এজন খেলুৱৈৰ দ্বাৰা গঢ়া সৰ্বাধিক অভিলেখ। ১৯৫২ চনৰ অলিম্পিকৰ ফাইনেলত বলবীৰ সিঙৰ পাঁচটা গ’ল আন এটা অটুট অভিলেখ।
অন্যান্য ক্ষেত্ৰত ভাৰতীয় হকীৰ অভিলেখ
২০১৮ চনৰ এছিয়ান গেমছত হংকঙৰ বিৰুদ্ধে ভাৰতৰ ২৬-০ ৰ জয় এই প্ৰতিযোগিতাত সৰ্বকালৰ অভিলেখ। পুৰুষৰ হকীত এইটো ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সংখ্যা।
এছিয়ান গেমছত ভাৰতে অভিলেখ ২১ টা পদক জিকিছে। চুলতান আজলান শ্বাহ কাপত (৭) সৰ্বাধিক ব্ৰঞ্জৰ পদকৰ অভিলেখ ভাৰতে দখল কৰিছে।
জয়ৰ ব্যৱধান
১৯৩৬ চনত অলিম্পিকৰ ফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে ভাৰতৰ ৮-১ ৰ জয় শীৰ্ষত আছে। তাৰ উপৰিও, ১৯৫২ চনৰ অলিম্পিকত নেডাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৬-১ ৰ অভিলেখ আছে। এই দুয়োটা স্ক’ৰ আগলৈও শীৰ্ষত থকাৰ সম্ভাৱনা আছে।