Friday, September 30, 2022
HomeNewsৰিয়ানৰ জন্মদিন বিশেষ লেখা; ৰিয়ান পৰাগৰ বিষয়ে নজনা কেইটামান কথা

ৰিয়ানৰ জন্মদিন বিশেষ লেখা; ৰিয়ান পৰাগৰ বিষয়ে নজনা কেইটামান কথা

অলিম্পিয়া প্ৰতিবেদন

অসমৰ পৰা গৈ বিভিন্ন সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত যিকেইগৰাকী ক্ৰিকেটাৰ উজলি উঠিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত ৰিয়ান পৰাগ অন্যতম। এটা ক্ৰীড়াসুলভ পৰিৱেশত ডাঙৰ দীঘল হোৱা ৰিয়ানে সৰুতেই হাতত তুলি লৈছিল ক্ৰিকেট বেট। গুৱাহাটীৰ এটা ব্যক্তিগত ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰত আৰম্ভ হৈছিল ৰিয়ানৰ ক্ৰিকেটীয় যাত্ৰা। ৰিয়ানৰ ক্ষুদ্র ক্ৰিকেট কেৰিয়াৰত পৰিয়ালৰ ভূমিকা কি? কোন চনত ৰিয়ানে ক্ৰিকেটৰ পথাৰত আত্মপ্ৰকাশ কৰিলে? ৰিয়ানৰ নাম ৰিয়ান দাস নহৈ কিয় ৰিয়ান পৰাগ হ’ল এনে কিছু কথা সামৰিয়েই আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। আহকচোন ৰিয়ানৰ জন্মদিনৰ দিনা আমি ক্ৰিকেটাৰগৰাকীৰ বিষয়ে আনকালে নজনা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ।

বহুতেই হয়তো এই কথা জানে অথবা বহুতেই নাজানে যে ৰিয়ানৰ পিতৃ মাতৃ দুয়োগৰাকী এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। ৰিয়ানৰ পিতৃ পৰাগ দাস এগৰাকী প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ। অসমৰ হৈ তেওঁ ৪৩ খন প্ৰথম শ্ৰেণীৰ মেচত অংশ লৈ ১৯৬৩ ৰান সংগ্ৰহ কৰাৰ লগতে দখল কৰিছিল ৩৬ টাকৈ উইকেটো। ইপিনে তেওঁৰ মাতৃ মিঠু বৰুৱা এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পদক আছে তেওঁৰ নামত।

ৰিয়ানে ২০১৭ চনৰ ২৯ জানুৱাৰীত অসমৰ হৈ টি-টুৱেন্টি ক্ৰিকেটত অভিষেক ঘটায়। ইয়াৰ পিছতেই একেটা বৰ্ষতে তেওঁ ২০১৮ ৰ অনুৰ্দ্ধ -১৯ বৰ্ষৰ ক্ৰিকেট বিশ্বকাপলৈ নিৰ্বাচিত ভাৰতীয় দলতো স্থান লাভ কৰে। প্ৰতিযোগিতাখনৰ সকলো মেচতে খেলাৰ সুযোগ নাপালেও ৰিয়ানে ২ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। ২০১৮ বৰ্ষত আই পি এল দল ৰাজস্থান ৰয়েলছৰ হৈ খেলাৰ সুযোগ লাভ কৰে তেওঁ। আবু নেছিম আহমেদৰ পিছতে আই পি এলত সুযোগ লাভ কৰা তেওঁ দ্বিতীয়গৰাকী অসমৰ খেলুৱৈ। ৰাজস্থান ৰয়েলছৰ হৈ বিগত চিজন কেইটাত তেওঁৰ প্ৰদৰ্শন মিশ্ৰিত। ২০১৯ বৰ্ষত তেওঁ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতকীয় ইনিংছ খেলি আই পি এলত অৰ্ধশতক অর্জন কৰা সৰ্বকণিষ্ঠ খেলুৱৈ হোৱাৰ গৌৰৱ অর্জন কৰে। অৰ্ধশতক কৰাৰ সময়ত তেওঁৰ বয়স আছিল ১৭ বছৰ ১৭৫ দিন। ইয়াৰ লগে লগে ৰিয়ানে সঞ্জু ছেমছন আৰু পৃথ্বী শ্ব’ৰ অভিলেখো ভংগ কৰে। অৱশ্যে বিগত চিজনত আই পি এলত উন্নত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয় অসমৰ খেলুৱৈগৰাকী। বৰ্তমান অসমৰ টি-টুৱেন্টি দলটোৰ অধিনায়কৰ দায়িত্বত আছে ৰিয়ান পৰাগ।

ৰিয়ান পৰাগৰ নামটোক লৈও বিভিন্ন সময়ত হৈ আহিছে চর্চা। আচলতে ৰিয়ানৰ প্ৰকৃত নাম ৰিয়ান দাস হ’ব লাগিছিল যদিও ৰিয়ানক আজি সমগ্ৰ বিশ্বই জানে ৰিয়ান পৰাগ বুলিহে। প্রকৃততে ৰিয়ানে তেওঁৰ উপাধিৰ ঠাইত যোগ কৰি লৈছে তেওঁৰ পিতৃৰ নাম। সেই সূত্ৰে ৰিয়ান আজি সৰ্বত্ৰে জনপ্ৰিয় ৰিয়ান পৰাগ বুলি।

তাৰোপৰি, ৰিয়ান আৰু তেওঁৰ ক্ৰিকেটাৰ পিতৃ পৰাগ দাস ক্ৰিকেট বিশ্বৰ এনে দুগৰাকী খেলুৱৈ যি ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ বিপৰীতে খেলাৰ সুযোগ লাভ কৰিছে। পুত্ৰ আৰু পিতৃয়ে এনেদৰে একেজন ক্ৰিকেটাৰৰ বিৰুদ্ধে খেলাৰ উদাহৰণ ক্ৰিকেট বিশ্বতে বিৰল।

ৰিয়ানৰ জন্মদিনটো সুখকৰ হওঁক। অলিম্পিয়াৰ তৰফৰ পৰা ক্ৰিকেটাৰজনলৈ থাকিল জন্মদিনৰ আন্তৰিক শুভকামনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments