Wednesday, October 5, 2022
HomeNewsএথলিট অঞ্জু ববী জৰ্জৰ আজি জন্মদিন: জানো আহক খেলুৱৈগৰাকীৰ জীৱনৰ বহু নজনা...

এথলিট অঞ্জু ববী জৰ্জৰ আজি জন্মদিন: জানো আহক খেলুৱৈগৰাকীৰ জীৱনৰ বহু নজনা কথা

olympiasports.in

আজি ভাৰতৰ তাৰকা এথলিট অঞ্জু ববী জৰ্জৰ জন্মদিন। আহকচোন থাওকতে জানো এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ পদক বিজয়ী অঞ্জু ববী জৰ্জৰ বিষয়ে কিছু কথা

  • অঞ্জু ববী জৰ্জৰ জন্ম হৈছিল ১৯৭৭ চনৰ আজিৰ দিনটোত কেৰালাৰ কট্টয়াম নামৰ এখন ঠাইত।

  • প্ৰথমে হেপ্লাথনৰে কেৰিয়াৰ আৰম্ভ কৰিছিল অঞ্জুয়ে। পিছতহে লং জাম্পত মনোনিৱেশ কৰে।
  • আই এ এ এফ ৱৰ্ল্ড এথলেটিকছ ফাইনেলত স্বৰ্ণ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় তেওঁ।
  • এথলেটিকছ ৱৰ্ল্ড চেম্পিয়নশ্বিপটো পদক লাভ কৰা প্ৰথমগৰাকী মহিলা এথলিট তেওঁ।
  • ২০০২ চনত বুচানত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জন কৰে এইগৰাকী এথলিটে। সেই বছৰতে মানচেষ্টাৰত অনুষ্ঠিত কমনৱেলথ গেমছতো লং জাম্পত ব্ৰঞ্জৰ পদক দখল কৰে তেওঁ।
  • ২০০৪ চনৰ এথেন্স অলিম্পিকত জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়। অৱশ্যে পঞ্চম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় সেইবাৰ। পুনৰ ২০০৮ টো অলিম্পিকত ভাগ লয় যদিও মূল ৰাউণ্ডত প্ৰৱেশ কৰাত বিফল হয় তেওঁ।

  • ২০০৩ চনত এইগৰাকী তাৰকা এথলিটে লাভ কৰে অৰ্জুন বঁটা। ২০০৪ চনত লাভ কৰে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। ২০০৪ চনতে লাভ কৰে পদ্মশ্ৰীৰ সন্মান।
  • বৰ্তমান টাৰ্গেট অলিম্পিক প’ডিয়াম স্কীমৰ (TOPS) অধ্যক্ষ তেওঁ। লগতে খেল’ ইণ্ডিয়াৰ কাৰ্যবাহী সদস্যৰ পদটো আছে এইগৰাকী প্ৰাক্তন খেলুৱৈ।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments