Tuesday, October 4, 2022
HomeNewsপেৰালিম্পিকৰ টেবুল টেনিছত ভাৰতৰ ভাবিনাৰ সুন্দৰ খেল প্ৰদৰ্শন ।প্ৰি কোৱাটাৰত প্ৰবেশ পেৰা...

পেৰালিম্পিকৰ টেবুল টেনিছত ভাৰতৰ ভাবিনাৰ সুন্দৰ খেল প্ৰদৰ্শন ।প্ৰি কোৱাটাৰত প্ৰবেশ পেৰা খেলুৱৈ ভাবিনা পেটেল ।

অলিম্পিয়া প্ৰতিবেদন

ভাৱিনা পেটেল । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছ পেৰা খেলুৱৈ । এইগৰাকী খেলুৱৈয়ে ২৮ খনকৈ আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত পূৰ্বতে দেখুৱাইছে ক্ৰীড়া নৈপুণ্যতা । এতিয়ালৈকে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেলত প্ৰাপ্ত ২৬ টা পদকৰ ভিতৰত ভাৱিনাই অৰ্জন কৰিছে ৫ টা স্বৰ্ণ, ১৩টা ৰূপ আৰু ৮ টাকৈ ব্ৰঞ্জৰ পদক। ভাৰতৰ হৈ টেবুল টেনিছৰ বাবে টকিঅ’ পেৰালিম্পিকৰ যুজত নামিছে ভাৱিনা পেটেল। বুধবাৰে, ভাৰতীয় টেবুল টেনিছ খেলুৱৈগৰাকী পৰাজিত হয় তেওঁৰ প্ৰথমখন মেচত । ভাৱিনাই চীনৰ এক নং ৰেকিঙৰ খেলুৱৈ ঝৌ য়িঙৰ ওচৰত পৰাস্ত হয়। পিছে আশাৰ কথাটো এয়ে যে, আজি পুৱা অনুষ্ঠিত দ্বিতীয়খন মেচত তেওঁ ৩-১ ব্যৱধানত গ্ৰেট ব্ৰিটেইনৰ মেগান শ্বেকটনক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰত নিজৰ স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ভাৱিনাৰ সমান্তৰালকৈ বুধবাৰে প্ৰথমখন খেলত সনালবেন পেটেলো চীনৰ খেলুৱৈৰ বিপক্ষে অৱতীৰ্ণ হৈছিল । মহিলাৰ তৃতীয় শ্ৰেণীৰ টেবুল টেনিছ খেলত অংশ গ্ৰহণ কৰি থকা সনালবেন প্ৰথম ৰাউণ্ডৰ তিনিখন খেললৈকে আগবাঢ়ি আছিল । কিন্তু মূৰকত ১১-৯, ৩-১১, ১৭-১৫, ৭-১১, ৪-১১ৰ ব্যৱধানত ৰিঅ’ পেৰালিম্পিকৰ ৰূপৰ পদক বিজয়ী লী কুয়ানৰ হাতত পৰাস্ত হয়। আনহাতে, বৃহপতিবাৰে পুনৰ দ্বিতীয়খন খেলত বিয়লি ৫.১০ বজাত অৱতীৰ্ণ হব সোনালবেন।
এতিয়া ক্ৰীড়া প্ৰেমীৰ আশা, ভাৱিনা পেটেল আৰু সোনালবেন পেটেলে পেৰালিম্পিকত দাঙি ধৰক উন্নত প্ৰৰ্দশন। ভাৰতৰ এই দুগৰাকী টেবুল টেনিছৰ ৰাণীয়ে ভাৰতক উপহাৰ দিয়ক স্বৰ্ণ, ৰূপ অথবা ব্ৰঞ্জৰ পদক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments