olympiasports.in
দেশত ক্ৰমান্বয়ে বাঢ়ি অহা ক’ৰনা সংক্ৰমিত ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
এক বিবৃতিৰ জৰিয়তে শেহতীয়াকৈ ক’ৰনাক লৈ যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ লগত মোকাবিলা কৰিবলৈ চৰকাৰক সকলোৱে সকলো ধৰণৰ সহায়-সহযোগিতা কৰা উচিত। বিবৃতিটোত গাংগুলীয়ে লগতে কয় প্ৰয়োজন সাপেক্ষে পশ্চিমবংগ চৰকাৰক কোৱাৰেণ্টাইন সুবিধাৰ বাবে ইডেন গাৰ্ডেন ষ্টেডিয়াম ব্যৱহাৰ কৰিবলৈ দিবলৈ বংগ ক্ৰিকেট সন্থা সাজু হৈ আছে। ষ্টেডিয়ামখনৰ ইনড’ৰৰ সুবিধাৰ লগতে ক্ৰিকেটাৰৰ বাবে থকা ডৰমিটৰী কৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।
উল্লেখ্য যে ইয়াৰ পূৰ্বে পণ্ডীচেৰী ক্ৰিকেট সন্থায়েও টুটিপেট কেম্পাছৰ ডৰমিটৰী চহৰখনৰ ক’ৰনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ কোৱাৰেণ্টাইন সুবিধাৰ বাবে আগবঢ়োৱাৰ সিদ্ধান্ত লোৱাৰ উপৰিও আজিৰে পৰা গুৱাহাটীৰ সৰুসজাই এথলেটিক ষ্টেডিয়ামখনো কোৱাৰেণ্টাইন সুবিধা হোৱাকৈ নিৰ্মাণ কৰা হৈছে।