Thursday, May 19, 2022
HomeNewsখেলৰ পৃথিৱীত এতিয়া ক্ষমতাৰ যুঁজ...

খেলৰ পৃথিৱীত এতিয়া ক্ষমতাৰ যুঁজ…

অলিম্পিয়াৰ প্ৰতিবেদন

খেলৰ পৃথিৱীত ক্ষমতাৰ যুঁজ।দুই তাৰকা ক্ৰিকেটাৰ বিৰাাট কোহলি আৰু ৰোহিতৰ মাজত সংঘাতৰ কথাৰে খেলৰ পৰিৱেশ নষ্ট কৰাৰ পিছত এতিয়া ক্ষমতাৰ যুঁজেৰে খেল আৰু খেলুৱৈক নিয়ন্ত্ৰণ কৰাৰ বাবে সাজু হৈছে বি চি চি আই। অতি স্পষ্ট কথাৰে বি চি চি আইৰ মুখ বন্ধ কৰা বিৰাট কোহলিৰ মুখ বন্ধ কৰিবলৈ আৰু ভাৰতীয় ক্ৰিকেটৰ অধিনায়ক কেন্দ্ৰিক বিতৰ্ক শেষ কৰিবলৈ সৌৰভ গাংগুলীয়ে এইবাৰ বি চি চি আইৰ মূৰব্বী হিচাপে তেওঁৰ ক্ষমতা দেখুৱাবলৈ সাজু হৈছে। স্পষ্ট ভাষেৰ তেওঁ এই বিষয়ত কয় যে, বৰ্ডে বিৰাট কোহলিৰ প্ৰসংগ নিজৰ ধৰণে চম্ভালিব।

বুধবাৰে কোহলিয়ে এক সংবাদ মেলৰ জৰিয়তে গাংগুলী আৰু বি চি চি আইৰ মুখা খুলিছিল। সৌৰভ গাংগুলীয়ে কোৱাৰ দৰে তেওঁক টি-২০ৰ অধিনায়ক পদ ত্যাগ কৰাৰ পূৰ্বে তেওঁক বাধা দিয়া হোৱা নাছিল। গাংগুলীয়ে কৈছিল যে বি চি চি আইৰ উপৰিও তেওঁ ব্যক্তিগতভাৱে বিৰাটক অধিনায়ক পদ ত্যাগ নকৰিলৈ অনুৰোধ জনাইছিল। কিন্তু সৌৰভ গাংগুলীৰ এই কথাক সংবাদ মাধ্যমৰ জৰিয়তে নস্যাত কৰিছিল বিৰাটে।

বিৰাটৰ এই স্পষ্ট আৰু মুকলি মন্তব্যত অসন্তুষ্ট হৈ পৰিছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী। বৃহস্পতিবাৰে সেয়েহে গাংগুলীয় বিৰাট আৰু অধিনায়ক কেন্দ্ৰীক বিতৰ্কক বি চি চি আই ওপৰত এৰিদিবলৈ আহ্বান জনাইছে। তেওঁ কৈছে যে, মানুহে বিৰাট আৰু অধিনায়কৰ প্ৰসংগ বি চি চি আইৰ ওপৰত এৰি দিয়ক, বি চি চি আইয়ে নিজৰ ধৰণে এই বিষয়ৰ সৈতে মুখামুখি হ’ব।

বৃহস্পতিবাৰে এখন সংবাদমেলত গাংগুলীক বিৰাট কোহলিয়ে মুকলিকৈ গাংগুলীৰ ভাষ্যক নস্যাত কৰাৰ বিষয়ে কৈ এক প্ৰশ্ন কৰা হৈছিল। সেই প্ৰসংগত গাংগুলীয়ে কয় যে, ‘মই এই বিষয়ত কোনো মন্তব্য নকৰো। বি চি চি আইয়ে বিষয়টো নিজৰ ধৰণে মোকাবিলা কৰিব। সাংবাদিকসকলে বাৰে বাৰে গাংগুলীক বিৰাটৰ প্ৰসংগত প্ৰশ্ন কৰা হৈছিল যদিও তেওঁ এই প্ৰশ্ন পাৰ্যমানে এৰি চলিবলৈ বিচাৰিছিল।

গাংগুলীয় ভাৰতীয় ক্ৰিকেটত সৃষ্টি হোৱা এই অনাকাংক্ষিত পৰিৱেশৰ গোটেই বিষয়টো বৰ্ডৰ ভিতৰত সমাধান কৰিব বুলি ইংগিত প্ৰদান কৰিছে। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে আৰু কোনো ধৰণৰ কঠোৰ সিদ্ধান্তৰে ভাৰতীয় দলটোক মানসিক ভাৱে দুৰ্বল কৰিব বিচৰা নাই বৰ্ডে। দক্ষিণ আফ্ৰিকা ভ্ৰমণ অন্ত পৰাৰ পিছতে বৰ্ডে এই সমগ্ৰ বিষয়টো নতুনকৈ পৰ্যালোচনা কৰিব। এগৰাকী বি চি চি আইৰ ভিতৰৰ ব্যক্তিয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা উভতি অহাৰ পিছতে এই বিষয়ট কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ বাবে ৰেকৰ্ড বা প্ৰদৰ্শন উন্নত হলেই যে অধিনায়ক পদ দিয়া হ’ব বা কৰ্তন কৰা হ’ব তেনে কোনো নীতিগত কথা নাই। বৰ্ডৰ ইচ্ছা মতেই অধিনায়ক পদৰ বিষয়ে নতুনকৈ চিন্তা চৰ্চা কৰে। ইয়াৰ উদাহৰণ বহু আছে। ভাৰতীয় ক্ৰিকেটত অধিনায়ক কেন্দ্ৰীক বিতৰ্ক কোনো নতুন কথা নহয়।

ইয়াৰ পূ্ৰ্বে কপিল দেৱে ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰাৰ পিছত অধিনায়ক পদৰ পৰা কপিল দেৱক আঁতৰাই গাভাস্কাৰক অধিনায়কৰ দায়িত্ব দিয়া হৈছিল। একেদৰে ১৯৮৯ চনত, শ্ৰীকান্তৰ অধিনায়কত্বত, ভাৰতে পাকিস্তানত ৪খন টেষ্টৰ এক শৃংখলাত কঠিন পৰিস্থিতিৰ মাজতে ভাৰতে ০-০ ব্যৱধানত ড্ৰ খেলিছিল। তাৰ পিছতে শ্ৰীকান্তক অধিনায়কত্বৰ পৰা আঁতৰাই দিয়া হৈছিল। আনহাতে প্ৰশিক্ষক গ্ৰেগ ছেপেলৰ সৈতে হোৱা সংঘাতৰ বাবে অধিনায়ক সৌৰভ গাংগুলীয়েও অধিনায়ক পদ ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments