অলিম্পিয়া প্রতিবেদন
অতি শীঘ্ৰেই হয়তো বেলিমাৰ ঘটিব দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ। আন্তঃৰাষ্ট্ৰীয় মঞ্চত হয়তো দেখা পোৱা নাযাব দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলক। সম্প্ৰতি দক্ষিণ আফ্ৰিকাৰ চৰকাৰে গ্ৰহণ কৰা এটা সিদ্ধান্তই এই কথাকে প্ৰকট কৰিছে।
সৌ সিদিনা দলটোক দেখা পোৱা গৈছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিপক্ষে। পাকিস্তানৰ বিপক্ষে ৩ খনীয়া এদিনীয়া শৃংখলাৰ লগতে ৪ খনীয়া টি টুৱেন্টিতো দলটোৱে ভাগ লৈছিল। কিন্তু হঠাৎ এনে কি ঘটিল যাৰ ফলত নেকি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বেলিমাৰ যোৱাৰ উপক্ৰম ঘটিছে আফ্ৰিকান দলটোৰ।
বৃহস্পতিবাৰে দেশখনৰ ক্রীড়ামন্ত্ৰী নাথি এমথেঠেৱাই দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ডলৈ প্ৰেৰণ কৰা এক জাননীত উল্লেখ কৰিছে যে এতিয়াৰে পৰা ব’ৰ্ডৰ আভ্যন্তৰীণ যিকোনো বিষয়ত দক্ষিণ আফ্ৰিকা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। এই কথাই এতিয়া বিপদ মাতি আনিছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট সন্থালৈ। উল্লেখযোগ্য যে, আই চি চিয়ে কোনো দেশৰ ক্ৰিকেট সন্থাৰ কাম কাজত উক্ত দেশৰ চৰকাৰৰ হস্তক্ষেপ মানি নলয়। চৰকাৰৰ হস্তক্ষেপৰ ফল হব পাৰে আন্তৰ্জাতিক নিষেধাজ্ঞা। সেই কাৰণেই এমথেঠেৱাৰ জাননীয়ে শংকা কঢ়িয়াই আনিছে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটলৈ।
উল্লেখযোগ্য যে, বহু দিন ধৰি দক্ষিণ আফ্ৰিকা ক্ৰিকেট সন্থা আৰু দক্ষিণ আফ্ৰিকা চৰকাৰৰ মাজত সংঘাত তুংগত আছিল। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ নতুন সংবিধান সন্দৰ্ভত চৰকাৰ আৰু ক্ৰিকেট সংস্থাৰ মাজত এই সংঘাত সৃষ্টি হৈছিল। সংঘাত নিৰাময়ৰ বাবে দুয়োটা পক্ষৰ সন্মতিত এখন অন্তৱৰ্তীকালীন কমিটিও গঠন কৰি দিয়া হৈছিল। যোৱা সপ্তাহত এখন বিশেষ সভাত নতুন সংবিধানৰ সংশোধনৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল যদিও দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ মেম্বাৰছ কাউন্সিলে সেই প্ৰস্তাৱ নাকচ কৰিছিল। তাৰ পিছতেই বৃহস্পতিবাৰৰ ক্রীড়ামন্ত্ৰীৰ এই হস্তক্ষেপে অশনি সংকেত কঢ়িয়াই আনিছে দক্ষিণ আফ্ৰিকা ক্ৰিকেটলৈ।
যদি মন্ত্ৰীৰ প্ৰস্তাৱিত হস্তক্ষেপত দক্ষিণ আফ্ৰিকা চৰকাৰে অনুমোদন জনায় তেন্তে আনুষ্ঠানিকভাৱে দক্ষিণ আফ্ৰিকাত কোনো ক্ৰিকেট সন্থা নাথাকিব। দক্ষিণ আফ্ৰিকা ক্ৰিকেট সন্থাৰ হাতত তেতিয়া জাতীয় দলৰ দায়িত্বও নাথাকিব। আৰু যদি সেয়াই হয়, তেন্তে আগন্তুক সময়ত আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেখা পোৱা নাযাব দক্ষিণ আফ্ৰিকা দলটোক। লগে লগে ক্ৰিকেটপ্ৰেমীয়ে কুইণ্টন ডি’কক, ফাফ দুপ্লেছি, কাগিছ’ ৰাবাডা, ইমৰান তাহিৰ আদি খেলুৱৈসকলক ক্ৰিকেট মঞ্চত দেখা নাপাব।