অলিম্পিয়া বাৰ্তা
এইবাৰ কৰ’না মহামাৰীৰ গ্ৰাসত পৰিছে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটো। দক্ষিণ আফ্ৰিকাৰ এগৰাকী ক্ৰিকেটাৰৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি।
দক্ষিণ আফ্ৰিকাৰ প্ৰথম শ্ৰেণী ক্ৰিকেট খেলা এইজন ক্ৰিকেটাৰৰ নাম হৈছে চ’ল’ নাকৱেনি। ক্ৰিকেটাৰ গৰাকী কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ আগতেই বহুকেইটা অসুখত ভুগি আছিল।
” যোৱা প্ৰায় ১০ মাহ ধৰি মই জি বি এছ ( Guillan Barre Syndrome)ত ভুগি আছোঁ। কিছু পৰিমানে সুস্থ হৈ উঠিছিলোঁ যদিও তাৰপাছত মই টি বিতো(TB) ভোগো, মোৰ লিভাৰ আৰু কিডনী দুয়োটাই বিকল হৈ পৰিছে। আৰু এতিয়া কৰোনা ভাইৰাছতো পজিটিভ আহিলোঁ। মই বুজি পোৱা নাই, মোৰ লগত এনেকুৱা কিয় হৈ আছে।” নাকৱেনিয়ে টুইটাৰত এনেদৰে দুখ প্ৰকাশ কৰে।
ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা চ’ল’ নাকৱেনি বিশ্বৰ তৃতীয় গৰাকী ক্ৰিকেটাৰ। ইয়াৰ পূৰ্বে পাকিস্তানৰ জাফৰ চৰফৰাজ আৰু স্কটলেণ্ডৰ মজিদ হক ক’ৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছিল।