Monday, October 3, 2022
HomeNewsসংকটত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল; শীঘ্ৰেই নিষিদ্ধ ঘোষণা হ'ব পাৰে

সংকটত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল; শীঘ্ৰেই নিষিদ্ধ ঘোষণা হ’ব পাৰে

অলিম্পিয়া প্ৰতিবেদন

এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দক্ষিণ আফ্ৰিকাৰ জাতীয় ক্ৰিকেট দল। দেশখনৰ ক্ৰিকেট ব’ৰ্ডৰ সকলো ক্ষমতা চৰকাৰে নিজৰ হাতলৈ নিছে। যাৰবাবে দেশখনৰ ক্ৰিকেট দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰাৰ সম্ভাৱনাই দেখা দিছে। কাৰণ ব’ৰ্ডৰ হাতৰ পৰা সকলো ক্ষমতা কৰ্তন কৰি চৰকাৰে নিজৰ হাতলৈ নিয়া কাৰ্য আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল চমুকৈ আইচিচিৰ নিয়মৰ বাহিৰত।

মনকৰিবলগীয়া যে দীৰ্ঘদিন ধৰি দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব’ৰ্ডৰ প্ৰশাসনীয় অধিকাৰীসকলৰ মাজত বিবাদ চলি থকাৰ বাবেই দেশখনৰ চৰকাৰে ব’ৰ্ডৰ সকলো ক্ষমতা কৰ্তন কৰি নিজৰ হাতলৈ নিবলগীয়া হয়। বিখ্যাত ক্ৰিকেট ৱেবচাইট ক্ৰিকবাজৰ মতে দক্ষিণ আফ্ৰিকান ক্ৰীড়া আৰু অলিম্পিক কমিটিয়ে এক পত্ৰৰ জড়িয়তে ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ চিনিয়ৰ এক্সিকিউটিভ ব’ৰ্ডক আতৰ কৰিবলৈ দাবী কৰিছে। তেওঁলোকে যোৱাবছৰ ক্ৰিকেট দক্ষিণ আফ্ৰিকাত সৃষ্টি হোৱা বিবাদ আৰু খেলিমেলিৰ তদন্ত আৰম্ভ কৰিছিল আৰু এই তদন্তৰ অন্তত দক্ষিণ আফ্ৰিকান ক্ৰীড়া আৰু অলিম্পিক কমিটিয়ে ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধে পদক্ষেপ হাতত লৈছে।

কমিটিয়ে যি পত্ৰ লিখিছে সেই পত্ৰ‌ই দেশখনৰ ক্ৰিকেট দলটোৰ সকলো সদস্য, স্পনচৰ, অনুৰাগীসকলোকে আশ্চৰ্য কৰি তুলিছে। কাৰণ কমিটিয়ে যি সিদ্ধান্ত পদক্ষেপ লৈছে তাৰ ফলত কেৱল যে দক্ষিণ আফ্ৰিকাৰ ব’ৰ্ডৰ ভাৱমুৰ্তীয়েই ম্লান হৈছে তেনে নহয়, এই পদক্ষেপ ফলত দেশখনৰ ক্ৰিকেট দলটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিষিদ্ধ হোৱাৰো সম্ভাৱনাই দেখা দিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ নীতি অনুসৰি ক্ৰিকেটত অংশলোৱা প্ৰতিখন দেশৰ ক্ৰিকেট সংক্ৰান্তীয় সকলো কাম কাজ চাবলৈ এটা পৃথক সংস্থা থকাটো জৰুৰী। চৰকাৰৰ কোনো সঞ্চালক বা কমিটিয়ে এই ব’ৰ্ডক প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। এইফালৰ পৰা চাবলৈ গ’লে দক্ষিণ আফ্ৰিকান ক্ৰীড়া আৰু অলিম্পিক কমিটি চৰকাৰী সংস্থা। গতিকে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ডৰ লগত কমিটি প্ৰত্যক্ষভাৱে জড়িত হৈ পৰাৰ ফলত আইচিচিৰ নীতি পোনপটীয়াকৈ উলংঘা কৰা হৈছে। এনে প্ৰেক্ষাপটত আইচিচিয়ে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ড আৰু চৰকাৰৰ মাজৰ বিবাদ বা খেলিমেলি দূৰ নোহোৱালৈকে দেশখনৰ ক্ৰিকেট দলক আইচিচিৰ পৰা নিষিদ্ধ কৰাৰ সম্ভাৱনাই দেখা দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments