Tuesday, October 4, 2022
HomeNewsদক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ মাৰাথন প্ৰতিযোগিতা

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ মাৰাথন প্ৰতিযোগিতা

কামৰূপ জিলাৰ অগ্ৰণী ক্ৰীড়া সংগঠন মিৰ্জাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই সোণালী জয়ন্তী উদযাপনৰ স্মৰণিকা সমাৰোহৰ বাবে বিভিন্ন ক্ৰীড়া কাৰ্যসূচী হাতত লৈছে। ইয়াৰ অংশ স্বৰূপে সন্থাই আনুষ্ঠিত কৰিচে মাৰাথন দৌৰ প্ৰতিযোগিতা।

৫০ বছৰ অতিক্ৰম কৰিবলৈ আগবঢ়া ক্ৰীড়া সন্থাটোৱে ২২ মাৰ্চত পুৱা ৫ বজাৰ পৰা আৰম্ভ কৰিছে এই মাৰাথন প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত যিসকল প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিব তেওঁলোকে ২১ মাৰ্চৰ বিয়লি মিৰ্জা গ্ৰাম্য ষ্টেডিয়ামত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব।

ক্ৰীড়া সংস্থাটোৰ সাধাৰণ সম্পাদক ৰাঘৱ কুমাৰ দাসে সংবাদ মাধ্যমত অৱগত কৰা অনুসৰি প্ৰতিযোগিতাখনত একাদশস্থানলৈকে পুৰস্কাৰ আগবঢ়োৱা হ’ব। প্ৰথম স্থান লাব কৰা খেলুৱৈ গৰাকীক নগদ ১০,০০০ টকা, দ্বিতীয় স্থান লাভ কৰা খেলুৱৈ গৰাকীক ৭,০০০ টকা আৰু তৃতীয় স্থান লাভ কৰা খেলুৱৈ গৰাকীক ৫,০০০ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব। ইয়াৰ উপৰিও একাদশ স্থানলৈ অন্যান্য প্ৰতিযোগিসকলক ১,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments