Friday, September 30, 2022
HomeNewsছাউথ পইণ্ট বিদ্যালয় গণৰাজ্য দিৱস দবা প্ৰতিযোগিতা সফল সমাপ্তি

ছাউথ পইণ্ট বিদ্যালয় গণৰাজ্য দিৱস দবা প্ৰতিযোগিতা সফল সমাপ্তি

অলিম্পিয়া প্ৰতিবেদন

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ আগশাৰী ব্যক্তিগত বিদ্যালয় ছাউথ পইণ্ট বিদ্যালয়ৰ দবা একাডেমী আৰু অসমৰ অন্যতম আগশাৰী দবা ক্লাব অসম দবা ক্লাবৰ যৌথ উদ্যোগত এখন দবা প্ৰতিযোগিতা অনুষ্ঠিত হয় । মুকলি আৰু ১২ বছৰ বয়সৰ তলৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত মুঠ ৭০ গৰাকী প্ৰতিযোগীয়ে অংশগ্রহণ কৰে । প্ৰতিযোগিতা উদ্বোধন কৰে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচার্যই । লগত উপস্থিত আছিল বিদ্যালয়ৰ অধ্যক্ষ তথা গুৱাহাটী দবা সন্থাৰ সভাপতি কৃষ্ণাঞ্জন চান্দ আৰু অসম দবা ক্লাবৰ সম্পাদক নন্দন বুঢ়াগোহাঁই । মুকলি শাখাত মনীষ গুৰা বসুমতাৰীয়ে শীর্ষ স্থান দখল কৰা বিপৰীতে মৃদুমলয় দাস আৰু পুনিত বসুই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ৷ ইফালে ১২ বছৰ বয়সৰ তলৰ শাখাত ৰিদিক্ষা দাসে শীর্ষ স্থান দখল কৰে ৷ অভিৰূপ শইকীয়া আৰু ৰজত বাফনাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান পাবলৈ সক্ষম হয় । প্ৰতিযোগিতাখন মুখ্য আৰ্বিটাৰ ৰূপে পৰিচালনা কৰে লক্ষ্যজোতি শইকীয়াই আৰু তেওঁক সহযোগ কৰে চিৰৰঞ্জন ভূঞা আৰু পল্লৱ ভট্টাচার্যই । উল্লেখ্য যে এই প্ৰতিযোগিতাখনৰ সমান্তৰালকৈ এখন অনলাইন টিম দবা প্ৰতিযোগিতাও অনুষ্ঠিত হয় । প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত এনে টিম দবা প্ৰতিযোগিতাত এখন জিলাৰ পৰা এটা দলেহে যোগদান কৰিব পাৰিছিল । মুঠ ১২ খন জিলাৰ দলে অংশগ্রহণ কৰা প্ৰতিযোগিতা পৰিচালনা কৰে ৰবিকান্ত তিৱাৰী আৰু স্বৰাজ বুঢ়াগোঁহায়ে । লি-চেচ প্লেটফৰ্মৰ জৰিয়তে সম্পন্ন হোৱা অনলাইন প্ৰতিযোগিতাখনৰ ফলাফল ৬ ফেব্ৰুৱাৰীত ঘোষণা কৰাৰ লগতে উক্ত দিনাই বটা বিতৰণ সভা অনুষ্ঠিত হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments