Wednesday, May 18, 2022
HomeNewsঅসমৰ ক্ৰীড়াক্ষেত্রলৈ এখন বিদ্যালয়ৰ অৱদান, বহু ৰাষ্ট্ৰীয় খেলুৱৈয়ে এই বিদ্যালয়তে গ্ৰহণ কৰিছিল...

অসমৰ ক্ৰীড়াক্ষেত্রলৈ এখন বিদ্যালয়ৰ অৱদান, বহু ৰাষ্ট্ৰীয় খেলুৱৈয়ে এই বিদ্যালয়তে গ্ৰহণ কৰিছিল খেলৰ আদিপাঠ

অলিম্পিয়া প্ৰতিবেদন

মহানগৰীৰ চি বি এছ ইৰ অধীনস্থ এখন বিদ্যালয় ।নাম ছাউথ প‌ইণ্ট স্কুল । অসমৰ ক্ৰীড়াজগতত এই বিদ্যালয়খনৰ আছে যথেষ্ট বৰঙণি । বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু উদিত তাৰকাই ইয়াতেই লৈছে খেলৰ আদিপাঠ ।পঢ়াৰ উপৰি খেলা-ধূলাত সমানে মনোনিৱেশ কৰি আহিছে বিদ্যালয় কৰ্তৃপক্ষই । ক্ৰীড়াৰ জৰিয়তে ছাত্র-ছাত্রীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্রত অগ্ৰণী ভূমিকা পালন কৰিছে ছাউথ পইন্ট স্কুলৰ কৰ্তৃপক্ষই ।

অসমৰ উদীয়মান ক্ৰিকেট তাৰকা ৰিয়ান পৰাগৰ পৰা পেৰা খেলুৱৈ অন্যতম ৰাজকুমাৰ লৈকে । কিম্বা কেণ্ডিডেট মাষ্টাৰ তথা আন্তঃৰাষ্ট্ৰীয় দবা খেলুৱৈ মায়ংক চক্ৰৱৰ্তীৰ পৰা উদিত ফুটবলাৰ প্ৰজ্ঞান মেধীলৈকে এক দীঘলীয়া তালিকা ।কোনোবাজনে হয়তো বৰ্তমানেও অধ্যয়নৰত বা কোনোবাজন এই বিদ্যালয়ৰ পৰা ওলাই গৈ ক্ৰীড়াক্ষেত্রত দপদপাই আছে । বিদ্যালয়খনৰ ক্ৰীড়া পৰিবেশ তথা ক্ৰীড়াৰ উত্তৰণত বিদ্যালয়খনে বিগত সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অধ্যক্ষ কৃষ্ণাঞ্জন চন্দই অলিম্পিয়াৰ আগত বিতংভাৱে ব্যাখ্যা কৰে।

প্ৰায় আঢ়ৈ হাজাৰ ছাত্র-ছাত্রীৰে ভৰপুৰ বিদ্যালয় খনত এতিয়াও ক্ৰীড়াৰ লগত জড়িত হৈ আছে প্ৰায় ২০০ ৰ পৰা ৫০০ গৰাকী ছাত্র-ছাত্রী । বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিদ্যালয়ৰ বহু শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ লগতে উজ্বলাইছে অসমৰো নাম।ছাউথ পইন্ট স্কুলত প্ৰতিটো ক্ৰীড়াৰে আছে প্ৰশিক্ষণপ্ৰাপ্ত পৰ্যাপ্ত প্ৰশিক্ষক । বিদ্যালয়খনত ক্ৰীড়াক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত এটা বিষয় হিচাপে গণ্য কৰা হয় ।পাঠদানৰ অন্ততো ইয়াত আছে খেলৰ সুবিধা । য’ত বাহিৰৰ ছাত্র-ছাত্রীয়েও ল’ব পাৰে অংশ।

চি বি এছ ইৰ দৰে ছেবাৰ অধীনস্থ বিদ্যালয়সমূহতো ফুটবল বা ভলীবল আদিৰ দৰে খেলসমূহত গুৰুত্ব আৰোপ কৰাৰ কথা দোহাৰিলে অধ্যক্ষজনে । অসম চৰকাৰৰ অধীনস্থ বিদ্যালয় সমূহতো খেলৰ পৰিসৰ আছে বুলি উল্লেখ কৰে তেওঁ ।ইপিনে, ছাউথ পইন্ট স্কুলৰ ক্ৰীড়া সমন্বয়ক ভগীৰথ কলিতাৰ মতে, স্কুল কৰ্তৃপক্ষই পঢ়াৰ সমান্তৰালকৈ ক্ৰীড়াৰ লগতে সকলো বিষয়তে গুৰুত্ব দিয়াৰ বাবেই বিদ্যালয়খনলৈ আহিছে এনে ফলাফল। তদুপৰি, আৰ্থিক অভাৱৰ বাবে ক্ৰীড়াত আগবাঢ়িব নোৱাৰা খেলুৱৈসকলকো কৰ্তৃপক্ষই বিশেষভাৱে সহায় কৰে । মুঠতে ক্ৰীড়াৰ সুস্থ পৰিবেশ নিৰ্মাণত বিশেষ ভূমিকা লৈছে বিদ্যালয়খনে।

বিদ্যালয়খনৰ এনে পদক্ষেপৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ ধন্যবাদৰ পাত্র ।অনাগত সময়তো বিদ্যালয়খনত এনেদৰেই পঢ়াৰ সমানে ক্ৰীড়াৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰক । সেইয়াই ক্ৰীড়াপ্ৰেমীৰ আশা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments