Monday, October 3, 2022
HomeNewsক'ৰনাত প্ৰাণ গ'ল এগৰাকী জনপ্ৰিয় প্ৰশিক্ষকৰ

ক’ৰনাত প্ৰাণ গ’ল এগৰাকী জনপ্ৰিয় প্ৰশিক্ষকৰ

অলিম্পিক কমিটিৰ উ্চ্চ পদস্থ বিষয়া ক’ৰনাত আক্ৰান্ত হোৱাৰ খবৰে ভাবুকি কঢ়িয়াইছে অলিম্পিকলৈ

ক’ৰোনা ভাইৰাছৰ আক্ৰান্ত হৈ প্ৰাণ গ’ল স্পেইনৰ এগৰাকী ফুটবল প্রশিক্ষকৰ৷ মাত্র ২১ বছৰ বয়সতে মৃত্যুক সাবটি লোৱা এই গৰাকী প্ৰশিক্ষক হ’ল স্পেইনৰ যুৱ দল মালাগা ক্লাব এটলেটিকো প’টাডা আল্টাৰ প্রশিক্ষক ফ্রান্সিছকো গার্ছিয়া৷ কর্কট ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি প্রশিক্ষক জীৱনত সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা গার্ছিয়া কর্কট ৰোগত আক্রান্ত হোৱা বুলি চিকিৎসকৰ কাষ চাপিছিল। চিকিৎসকে পৰীক্ষা কৰি যুৱ প্ৰশিক্ষক গৰাকী ক’ৰনাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰিছিল। ইয়াৰ পিছতে যুৱ প্ৰশিক্ষক গাৰ্ছিয়াৰ মৃত্যু হয়।

উল্লেখ্য যে গাৰ্ছিয়া ক’ৰনা ভাইৰাছত আক্ৰন্ত হৈ মৃত্যু মুখত পৰা স্পেইনৰ সৰ্বকনিষ্ঠ ব্যক্তি। গাৰ্ছিয়াৰ মৃত্যুৱে দেশখনত শোকৰ ছাঁ পৰিছে।

আনহাতে জাপানৰ অলিম্পিক কমিটিৰ উপ –মুৰব্বী ক’জ’ টাছিমাও ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈছে। এই খবৰ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অলিম্পিক কমিটিৰ এগৰাকী উচ্চ পদস্থ বিষয়া ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে প্ৰতিযোগিতাখনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments