Friday, September 30, 2022
HomeNewsনাজিৰাত দিব্যাংগ শিশু সকলৰ বাবে বিশেষ ক্ৰীড়া প্ৰতিযোগিতা

নাজিৰাত দিব্যাংগ শিশু সকলৰ বাবে বিশেষ ক্ৰীড়া প্ৰতিযোগিতা

✍️ নাজিৰাৰ পৰা হিৰকজ্যোতি শইকীয়াৰ প্ৰতিবেদন

দিব্যাংগ শিশুসকল ব্যস্ত খেলাত । নাজিৰাৰ খেলপথাৰত অনন্য পৰিবেশ । কোনোৱে দৌৰিছে, কোনোৱে খেলিছে ফুটবল ।

এই দৃশ্য বৃহস্পতিবাৰৰ । সমগ্ৰ শিক্ষা অভিযান নাজিৰা শিক্ষাখণ্ডৰ সৰ্বাত্মক শিক্ষাৰ উদ্যোগত খণ্ড অভিভাৱক সমিতিৰ সহযোগত নাজিৰাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈছে দিব্যাংগ শিশু সকলৰ বাবে বিশেষ ক্ৰীড়া প্ৰতিযোগিতা । বাকী শিশুসকলৰ দৰেই এইসকলো যাতে ক্ৰীড়াঙ্গনত প্ৰতিষ্ঠিত হ’ব পাৰে, তাৰ ওপৰত লক্ষ্য ৰাখি ফিট ইণ্ডিয়া কাৰ্যসূচীৰ ভিত্তিত আয়োজন হৈছে এই প্ৰতিযোগিতা । খেলৰ মৈদানত কেইবাগৰাকীও দিবাংগ শিশুয়ে প্ৰদৰ্শন কৰিলে নিজৰ ক্ৰীড়া প্ৰতিভা । দিবাংগ শিশুসকলক ক্ৰীড়াৰ চমু আভাস দিবলৈ যোৱাবছৰৰ পৰা হাতত লোৱা হৈছে এনে কাৰ্যসূচী । ফুটবল, দৌৰ আদি কৰি ৪ বিধ ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশনা দিয়া হৈছে বিভাগক । আশা কৰা হৈছে –এনে প্ৰতিযোগিতাই দিবাংগ শিশুসকলক ক্ৰীড়াৰ প্ৰতি কৰি তুলিব সচেতন ।

ক্ৰীড়া অনুৰাগীৰ কামনা — ক্ৰীড়াত জিলিকি উঠক দিবাংগ শিশুসকল । সমাজৰ অবিচ্ছেদ্য অংশ ৰূপে মানৱ সম্পদ হৈ অসমক গৌৰৱান্বিত কৰক তেওঁলোকে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments