Wednesday, October 5, 2022
HomeNewsৰাজ্যৰ লৌহক্ৰীড়াৰ ক্ৰীড়াবিদসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে বিশেষ পদক্ষেপ অসম ভাৰত্তোলন সন্থাৰ সম্পাদক...

ৰাজ্যৰ লৌহক্ৰীড়াৰ ক্ৰীড়াবিদসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে বিশেষ পদক্ষেপ অসম ভাৰত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীৰ

অলিম্পিয়া প্ৰতিবেদন

কৰ’না সৃষ্ট পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত আমাৰ চৌপাশ। স্বাস্থ্য,অৰ্থনীতি, বাণিজ্য, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে ব্যাপক প্ৰভাৱ পেলাইছে কৰ’না মহামাৰীয়ে। আজিৰ দিনত কিছু পৰিমাণে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিছে যদিও এতিয়াও পূৰ্ণ গতিত প্ৰাণ পাই উঠা নাই ক্ৰীড়াক্ষেত্ৰই। লকডাউনৰ ফলত অন্যান্য ক্ৰীড়াৰ লগতে লৌহক্ৰীড়া ক্ষেত্ৰখনো যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। দেশত শৰীৰ চর্চা কেন্দ্ৰসমূহ মুকলি কৰি দিয়াও বেছি দিনৰ কথা নহয়। এই সময়ছোৱাত ভাৰত্তোলন, শক্তি উত্তোলন,শৰীৰচর্চা আদিৰ দৰে লৌহ ক্ৰীড়াৰ সৈতে জড়িত খেলুৱৈ, কৰ্মকতাসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। লকডাউনে শৰীৰ চর্চাৰ ক্ষেত্ৰখনলৈ কঢ়িয়াই অনা প্ৰত্যাহ্বানৰ বাবে আনকি অসমত জন্ম লাভ কৰিলে আছাম বডী বিল্ডিং এছ’চিয়েচন নামৰ সংগঠনটোৰো। শৰীৰ চর্চাৰ লগত জড়িত অসমৰ বহুকেইজন ব্যক্তি তথা অসম ভাৰত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীৰ প্ৰচেষ্টাত এই সংগঠনক জন্ম দিয়া হয়।

শেহতীয়াকৈ ভাৰত্তোলন সন্থা তথা আছাম বডী বিল্ডিং এছ’চিয়েচনৰ সম্পাদক তথা অসমত লৌহক্ৰীড়াক জনপ্ৰিয়কৰণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী ভৱজ্যোতি গোস্বামীয়ে গ্ৰহণ কৰিলে এক বিশেষ পদক্ষেপ। গোস্বামীয়ে লৌহ ক্ৰীড়াৰ সৈতে জড়িত অসমৰ ভিন্ন প্ৰান্তৰ লোকসকলে সন্মুখীন হোৱা কৰ’নাকালীন পৰিস্থিতিৰ বুজ ল’বলৈ অসমৰ ইমূৰৰ পৰা সিমূৰ পৰিভ্ৰমণ কৰে। যোৱা ১৭ আগষ্টত নগাঁও ভ্ৰমনেৰে আৰম্ভ কৰা তেওঁৰ এই যাত্ৰাই সামৰি লয় গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেও, ডিব্ৰুগড়, তিনিচুকীয়া, মাৰ্ঘেৰিটা,ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, শোণিতপুৰ আৰু দৰং।

পাঁচ দিনীয়া এই যাত্ৰাকালত তেওঁ সংশ্লিষ্ট অঞ্চলসমূহৰ লৌহ ক্ৰীড়া ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, প্ৰশিক্ষক,শৰীৰ চর্চা কেন্দ্ৰৰ স্বত্বাধিকাৰী, ট্ৰেইনাৰ, ক্ৰীড়া সংগঠকক সাক্ষাৎ কৰে। তেওঁলোকৰ অৱস্থাৰ বুজ লোৱাৰ লগতে তেওঁ কৰোনাকালীন এই সময়ছোৱাত চৰকাৰী নীতি নিৰ্দেশনা পালনৰ মাধ্যমেৰে ক্ৰীড়া অনুশীলন চলাই যাবলৈ পৰামৰ্শ প্ৰদান কৰে।

উল্লেখযোগ্য যে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিলে জিলা ভিত্তিক ক্ৰীড়া প্ৰতিযোগিতাসমূহ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। তাৰোপৰি, ডিচেম্বৰত হাফলং আৰু নগাঁৱত আন্তঃজিলা ভাৰত্তোলন আৰু বডী বিল্ডিং প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হোৱাৰ কথা।

ৰাজ্যৰ এজন বিশিষ্ট ক্ৰীড়া সংগঠক ভৱজ্যোতি গোস্বামীৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে অসমৰ ক্ৰীড়া মহলে। এক ধনাত্মক বার্তাৰে সামৰণি পৰে গোস্বামীৰ এই পাঁচদিনীয়া কাৰ্যসূচী।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments