Sunday, July 3, 2022
HomeNewsআই পি এললৈ ৩ দিন: ষ্টেডিয়ামলৈ ঘূৰি আহিব দৰ্শক

আই পি এললৈ ৩ দিন: ষ্টেডিয়ামলৈ ঘূৰি আহিব দৰ্শক

অলিম্পিয়া প্ৰতিবেদন

আই পি এল প্ৰেমীসকললৈ সুখবৰ। অহা ১৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ দ্বিতীয়াৰ্ধৰ মেচসমূহ এতিয়া দৰ্শকে ষ্টেডিয়ামত গৈ উপভোগ কৰিব পাৰিব। উল্লেখযোগ্য যে আই পি এলৰ দ্বিতীয় লেগৰ মেচসমূহ অনুষ্ঠিত হব ইউনাইটেড আৰব এমিৰাটছত। দেশখনৰ তিনিখন প্ৰধান চহৰ ডুবাই,শ্বাৰজাহ আৰু আবুধাবিত অনুষ্ঠিত হ’ব মেচসমূহ। দেশখনত বলৱৎ হৈ থকা কোভিড সংক্ৰান্তীয় বিধিসমূহ সম্পূৰ্ণ ৰূপে মানি চলি সীমিত সংখ্যক দৰ্শকৰ উপস্থিতি নিশ্চিত কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে।

দেওবাৰে দ্বিতীয় লেগৰ প্ৰথমখন মেচত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। শুক্ৰবাৰৰ পৰা অনলাইন যোগে টিকট বুক কৰিব পাৰিব আগ্ৰহী দৰ্শকে। উল্লেখ্য যে, ২০১৯ ৰ পিছত পোন প্ৰথমবাৰৰ বাবে ষ্টেডিয়ামত বহি খেল উপভোগ কৰিব পাৰিব দৰ্শকে। সঁচাকৈয়ে এয়া প্ৰতিজন ক্ৰিকেটপ্ৰেমীৰে মনৰ আশা। ভাৰতত অনুষ্ঠিত হোৱা এই বৰ্ষৰ আই পি এলো দৰ্শকশূণ্যভাৱে অনুষ্ঠিত হৈছিল। যোৱা বৰ্ষত ইউনাইটেড আৰব এমিৰাটছত অনুষ্ঠিত মেচসমূহো দৰ্শকে ষ্টেডিয়ামত চোৱাৰ সুযোগ পোৱা নাছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments