Wednesday, October 5, 2022
HomeNewsবিটিচিৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগত ৫৮ টা পদৰ বাবে আবেদনৰ আহ্বান

বিটিচিৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগত ৫৮ টা পদৰ বাবে আবেদনৰ আহ্বান

অলিম্পিয়া প্ৰতিবেদন

অসম চৰকাৰৰ অধীনৰ কোকৰাঝাৰৰ বিটিচি প্ৰশাসনৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগত ৫৮ টা পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে । ইয়াৰে মহকুমা ক্ৰীড়া বিষয়া তিনিটা পদৰ বাবে প্ৰাৰ্থীয়ে নিম্নতম বি পি ই নাইবা তিনিৰ পৰা চাৰি বছৰীয়া বি পি ই ডি বা সমপৰ্যায়ৰ হ’ব লাগিব । বয়সৰ সৰ্বোচ্চ সীমা ৩৮ বছৰ । চৰকাৰী বিধি অনুসৰি এছ টি/এছ চি প্ৰাৰ্থীৰ বয়সৰ উৰ্দ্ধসীমা শিথিল কৰা হ’ব । প্ৰাৰ্থীৰ ক্ৰীড়া দক্ষতা আৰু কমেও তিনিবছৰ কামকৰা অভিজ্ঞতা থকা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব । মহকুমা ক্ৰীড়া বিষয়া পদৰ বাবে প্ৰাৰ্থীয়ে অহা ২২ মাৰ্চত কোকৰাঝাৰৰ কঠালগুৰি ছাই কেন্দ্ৰত ৭০ নম্বৰৰ শাৰীৰিক দক্ষতাৰ পৰীক্ষা আৰু ৩০ নম্বৰৰ মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ।
দ্বিতীয়তে প্ৰশিক্ষকৰ পদ ১৫ টা । বিভাগবোৰ হল–আৰ্চাৰী, এথলেটিকছ, বক্সিং, ফুটবল, কাবাদী, ভলীবল, উশ্বু আৰু টাইকোৱানডো । প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক হোৱাৰ লগতে এবছৰীয়া এন আই এছ ডিগ্ৰী বা ডিপ্ল’মা অথবা সমপর্যায়ৰ প্ৰশিক্ষকৰ স্নাতকোত্তৰ উত্তীৰ্ণ হ’ব লাগিব । বয়স ৩৮ বছৰৰ তলৰ । নিম্নতম ৩ বছৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব । প্ৰাৰ্থীয়ে ২৩ মাৰ্চত কোকৰাঝাৰ ছাইত শাৰীৰিক সক্ষমতা আৰু মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ।
তৃতীয়তে শাৰীৰিক নিৰ্দেশক (পি আই) ৰ পদ ৪০ টা । প্ৰাৰ্থীৰ যোগ্যতা আৰু বয়সৰ উৰ্দ্ধসীমা একে । পি আই ৰ বাবে কোকৰাঝাৰ ছাইত পৰীক্ষা অনুষ্ঠিত হ’ব ২৪ আৰু ২৫ মাৰ্চত ।
আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২০২২ৰ ১৯ মাৰ্চ । আগ্ৰহী প্রাৰ্থীয়ে কোকৰাঝাৰ বিটিচি প্ৰশাসনৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ পৰা বিতং জানিব পাৰিব । পদসমূহত নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে চৰকাৰী বিধি অনুসৰি সকলো ধৰণৰ সা-সুবিধা লাভ কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments