Tuesday, October 4, 2022
HomeNewsঅসম ক্ৰীড়া সাংবাদিক সন্থাৰ পুথিভৰাঁললৈ ক্ৰীড়া সংগঠকৰ কিতাপৰ টেপোলা

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ পুথিভৰাঁললৈ ক্ৰীড়া সংগঠকৰ কিতাপৰ টেপোলা

অলিম্পিয়া প্ৰতিবেদন

নেহেৰু ষ্টেডিয়ামৰ ক্ৰীড়া সাংবাদিক সন্থাৰ ব্যৱস্থাপনাত ক্ৰীড়া পুথিভৰাঁলৰ লগত সংগতি ৰাখি শনিবাৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাটৰ জ্যেষ্ঠ ক্ৰীড়া সংগঠক ডা: তপন দত্ত, অৱসৰপ্ৰাপ্ত ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ, ৰাষ্ট্ৰীয় টেনিছ খেলুৱৈ কল্যাণ দাস, ক্ৰীড়া আলোচনী ‘অলিম্পিয়া’ৰ মুখ্য সম্পাদক ৰাজীৱ প্ৰকাশ বৰুৱা, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈ আদি । উল্লেখযোগ্য যে ক্ৰীড়া সাংবাদিক সন্থাই আৰম্ভ কৰা ক্ৰীড়া পুথিভঁৰালটোলৈ বিশিষ্ট অতিথি তপন দত্ত‌ই বহু পৰিমাণৰ ক্ৰীড়াৰ লগত জড়িত গ্ৰন্থ আগবঢ়াইছে । সেই বিষয়ৰ লগত সংগতি ৰাখি এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা বুলি ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধমল্ল বৰুৱাই জানিবলৈ দিয়ে ।

লগতে তপন দত্ত‌ই এই পুথিভৰাঁলটিলৈ গ্ৰন্থ আগবঢ়োৱাৰ লগতে অসম ক্ৰীড়া সাংবাদিক সন্থাক অসমত এক ক্ৰীড়া কৰ্মশালা আয়োজন কৰিবলৈ অনুৰোধ জনাই ১০,০০০ টকাৰ চেক আগবঢ়ায় ।
অসম ক্ৰীড়া সাংবাদিক সন্থাৰ এই পুথিভৰাঁলে ক্ৰীড়া অনুৰাগীৰ লগতে উঠি অহা প্ৰজন্মক ক্ৰীড়া গ্ৰন্থৰ জড়িয়তে উপকৃত হ’ব বুলি আশা কৰিব পাৰি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments