Wednesday, October 5, 2022
HomeNewsমন্ত্ৰী বিমল বৰাক সাক্ষাৎ ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিকৰ

মন্ত্ৰী বিমল বৰাক সাক্ষাৎ ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিকৰ

গুৱাহাটী, ১৫ জুন ঃ অসম ক্ৰীড়া সাংবাদিক সন্থা আৰু সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ এটি যুটিয়া প্ৰতিনিধি দলে মঙ্গলবাৰে জনতা ভৱনত ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সৈতে সৌহাদ্যপুৰ্ণ আলোচনাত মিলিত হয়৷ আলোচনাত ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ সাংবাদিক সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ কথা আলোচনা কৰি মন্ত্ৰী বৰাই সেইসমূহ শীঘ্ৰে সমাধান কৰাৰ আশ্বাস দিয়ে৷ আলোচনা কালত চৰকাৰী তথা অন্যান্য পৰ্যায়ত ক্ৰীড়া আৰু সাংস্কৃতিক আলোচনা চক্ৰ, শিল্পী-সাংবাদিক সমাৰোহ, বৰেণ্য ব্যক্তি সকলৰ তথ্যচিত্ৰ নিৰ্মাণ, ক্ৰীড়া আৰু সংস্কৃতিৰ গ্ৰন্থ আদি প্ৰকাশৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় কথাছৱি আৰু ক্ৰীড়া মহোৎসৱলৈ সন্থাৰ প্ৰতিনিধি পঠিওৱা সম্পৰ্কত বিস্তৃত ভাবে আলোচনা কৰাৰ লগতে সংগঠন দুটাৰ বাবে বছৰি বাজেটত অনুদান সন্নিবিষ্ট কৰিবলৈ ব্যৱস্থা লব বুলি আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে৷ বিভাগীয় সঞ্চালক সকলৰ উপস্থিতি যুটিয়া প্ৰতিনিধি দলটোৰ কথা মনোযোগেৰে শুনি অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখন একেলগে আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে সহযোগ বিচাৰে৷ দেড়ঘণ্টা জোৰা আলোচনা কালত ক্ৰীড়া সাংবাদিক সন্থাৰ হৈ সুবোধমল্ল বৰুৱা, ৰাজকুমাৰ শৰ্মা, পাৰ্থ চক্ৰৱৰ্তী, ইমতিয়াজ আহমেদ, সমৰেন্দ্ৰ শৰ্ম আৰু সাংস্কৃতিক সাংবাদিক সন্থাৰ হৈ শিবানু বৰা, মৃণাল বৰা, গোপাল জালান, গৌতম শৰ্মা, হেমন্ত শৰ্মা উপস্থিত থাকে৷ দুয়োটা সংগঠনে মন্ত্ৰীগৰাকীক আৰম্ভণীতে সম্বধনা জনায়৷ উল্লেখ্য যে দুয়োটা সংগঠনে একেলগে মিলিত হৈ ভৱিষ্যতে কাম কৰাৰ সিদ্ধান্ত লৈছিল কিছুদিন পূৰ্বে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments