অলিম্পিয়া প্ৰতিবেদন
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত মুকলি হৈছে কেটাৰিং মেনেজাৰৰ ঠিকা ভিত্তিক নিযুক্তি। পাঁচটা পদৰ বাবে মুকলি থকা এই পদৰ আৱেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰৰ বিয়লি ৫ বজা। প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব। প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে এবছৰীয়া হোটেল মেনেজমেণ্ট অথবা কেটাৰিং মেনেজমেণ্টৰ ডিপ্লমাৰ অধিকাৰী হ’ব লাগিব। সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীৰ তিনিবছৰীয়া অভিজ্ঞতা থাকিব লাগিব। বয়সৰ উচ্চতম সীমা ৪৫ বছৰ।
চাকৰিয়ালসকলে তেওঁলোকৰ সংশ্লিষ্ট বিভাগৰ পৰা Non Objection Certificate প্ৰদান কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন পদ্ধতিৰ জৰিয়তে আৱেদন প্ৰেৰণ কৰিব পাৰিব। অনলাইন আবেদন প্ৰেৰণৰ লিংক হৈছে http://sportsauthorityofIndia.nic.in/saijobs.।