Thursday, July 7, 2022
HomeNewsক্ৰীড়াক বিষয় হিচাবে লৈ নিৰ্মিত কেইখনমান বলীউদৰ ছবি

ক্ৰীড়াক বিষয় হিচাবে লৈ নিৰ্মিত কেইখনমান বলীউদৰ ছবি

অলিম্পিয়া প্রতিবেদন

হিন্দী ছবি জগতৰ ইতিহাসত এতিয়ালৈ বহুকেইখন ছবি ক্ৰীড়াকলৈ নিৰ্মিত হৈছে আৰু প্ৰায় প্ৰতিখন ছবিয়েই খলকনি কৰিছে বক্স অফিছত৷ ভাগ মিলখা ভাগ, ডংগল, চুলটান, ছুৰমা আদি হৈছে ইয়াৰ শেহতীয়া সংস্কৰণ আজিৰ প্ৰতিবেদনত ক্ৰীড়াকলৈ বলীউদত নিৰ্মিত হোৱা কেইখনমান ছবিৰ বিষয়ে ক’বলৈ লৈছো৷

জ’ জিতা ৱহি চিকন্দৰ

একে আষাৰে ক্ৰীড়া বিষয়ক ছবি বুলি নকলেও ‘‘চাইকেল ৰেচিং মুভি’’ হিচাপে এই ছবিখন বলীউদৰ অন্যতম এখন ব্লক ব্লাষ্টাৰ৷ দুখন মহাবিদ্যালয় দুজন ছাত্ৰৰ মাজৰ শত্ৰুতাৰ ছবি এইখন৷ এখনৰ নাম ৰাজপুত কলেজ য’ত ধনী ঘৰৰ ল’ৰা ছোৱালীবোৰে পঢ়ে আৰু আনখন হৈছে মডেল কলেজ৷ য’ত মধ্য শ্ৰেণীৰ পৰিয়ালৰ লৰা-ছোৱালীবোৰে পঢ়ে৷ প্ৰেম, ৰোমান্স, উত্তেজনা, একচনৰ অপূৰ্ব সংমিশ্ৰন এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আমিৰ খানে৷ ছবিখনৰ বিভিন্ন ‘ডাইলগ’ৰ মাজত এটিয়ে হয়তো ক্ৰীড়া প্ৰেমীৰ হৃদয় চুই যাব৷ সেয়া হৈছে ‘ৱ চিকন্দৰ হি ডোষ্ট’ কেহলাটা হে, হৰ বাজী জিটনা জিছে আটা হে’’ [Real Champion is the one who can steal the with from the Jaws of defeat]

ছালা খাডুছ
আৰ মাধৱনৰ অভিনীত এই ছবিখনে পৰ্যাপ্ত চৰ্চা নেপালেও ভাৰতীয় ক্ৰীড়া জগতৰ বিভিন্ন ঘটনাক উদঙাই দিছে এই ছবিখনে৷ ভাৰতীয় ক্ৰীড়া জগতৰ কিছুমান সচা কাহিনীৰ আধাৰত নিৰ্মিত এই ছবি খন৷ ইয়াত এজন প্ৰতিভাবান বক্সাৰৰ জীৱন পৰিক্ৰমা দেখুওৱা হৈছে, যি লেতেৰা ৰাজনীতিৰ বাবে কেতিয়াও আগশাৰীৰ টুৰ্ণামেণ্টত খেলাৰ সুযোগ কেতিয়াও নেপালে৷ এসময়ত নিশব্দে আঁতৰি যোৱা বক্সাৰজেন অৱশ্যে প্ৰত্যৱৰ্তন কৰে বক্সিঙৰ ক্ষেত্ৰখনলৈ৷ অৱশ্যে এটি মহিলা দলৰ প্ৰশিক্ষক হিচাপে৷ ইয়াত এজনী মাছ বিক্ৰী কৰা ছোৱালীক তেওঁ বক্সিঙৰ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰাত সহায় কৰাৰ ঘটনাক দেখুওৱা হৈছে৷ য’ত তেওঁ সন্মুখীন হ’ব লগা হৈছে বিভিন্ন সমস্যাৰ।

মেৰী ক’ম : ছবাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিকত ব্ৰঞ্জপদক দখল কৰা বক্সাৰ মেৰী ক’মৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন৷ এইখন ইয়াত দৰিদ্ৰতাকে ধৰি জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাট অভাৱ আদি অতিক্ৰম কৰি বিশ্ব বক্সিঙৰ ক্ষেত্ৰখনত জিলিকি উঠা এই মণিপুৰী কন্যাৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰিয়ংকা চোপ্ৰাই৷

ছুলটান : কেৱল প্ৰেমিকাৰ হৃদয় জয় কৰিবলৈ খেলপথাৰত নামি অলিম্পিকৰ পদক জয় কৰা এজন মল্লযুঁজাৰুৰ কাহিনী এয়া৷ অত্যাধিক সফলতাই পথভ্ৰষ্ট কৰা এইজন যুঁজাৰুৱে অৱশেষত কেনেকৈ নিজৰ ভূলৰ শুধৰণি কৰি পুনৰ খেলপথাৰত সফলতা বুটলাই নহয় পৰিয়াল তথা শুভকাংশীবোৰৰো হৃদয় জয় কৰিবলৈ সক্ষম হয়৷ ছবিখনৰ মূল চৰিত্ৰ দুটাত অভিনয় কৰিছে ছলমান খান আৰু অনুস্কা শৰ্মাই৷

এম এছ ধোনী–দ্য আনটল্ড ষ্ট’ৰী
ভাৰতীয় ক্ৰিকেট দলৰ সবাতোতকৈ সফল কেপ্টেইন এম এছ ধোনী জীৱন আৰু কেৰিয়াৰৰ ওপৰত নিৰ্মিত এইখন ছবি বলীউদৰ অন্যতম ব্লক ব্লাষ্টাৰ৷ স্কুলৰ দলৰ গ’লকীপাৰৰ পৰা ৰেলৱেৰ টিকট কালেক্টৰ আৰু শেষত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাবে বিশ্বকাপ ক্ৰিকেটত ট্ৰফী বুটলালৈ- লক্ষ্যত উপনীত হোৱাৰ বাবে ধোনীৰ শ্ৰম আৰু একাগ্ৰতা তাক দেখুওৱা হৈছে অতি সুন্দৰভাৱে৷ বলীউদৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে এই ছবিখন অনবদ্য অভিনয় প্ৰতিভা দাঙি ধৰিছে৷

ডংগল
কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্ব জুৰি সফলতা অৰ্জন কৰা এই খন ছবি মল্লযুঁজৰ ওপৰত আধাৰিত, হাৰিয়ানাৰ এজন পেহলৱানী যুঁজাৰুৱে নিজৰ দুই কন্যা গীতা ফগাট আৰু ববিতা কুমাৰীক কিদৰে অশেষ কষ্ট, ধৈৰ্য্য আৰু সাধনাৰ জড়িয়তে বিশ্বৰ ভিতৰতে এগৰাকী সফল মল্লযুঁজাৰুলৈ উন্নিত কৰালে তাৰেই আধাৰত নিৰ্মিত এই ছবি৷ বলীউদৰ মেগা হিট এই ছবিয়ে সমগ্ৰ বিশ্বৰ ছবিজগততেই খলকনি তোলে৷

ভাগ মিলখা ভাগ :
ভাৰতৰ কিংবদন্তী এথলিট মিলখা সিঙৰ ওপৰত নিৰ্মিত এইখন ছবি বিশ্বৰ ভিতৰতে অভিলেখ সৃষ্টিকাৰী ছবিসমূহৰ ভিতৰত অন্যতম৷ দেশৰ বাহিৰে ভিতৰে কেইবাটাও অভিলেখৰ গৰাকী মিলখা সিং এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ ২০০ আৰু ৪০০ মিটাৰ স্বৰ্ণজয়ী৷ অলিম্পিকত তিনিবাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰা মিলখা বিশ্বচেম্পিয়নৰ দৌৰত কি কি ঘাত প্ৰতিঘাতৰ সন্মুখীন হ’ব লগা হৈছিল তাৰ ওপৰতেই আধাৰিত এই ছবি৷ ছবিখন অনবদ্য অভিনয় প্ৰতিভা দাঙি ধৰিছে ফাৰহান আখতাৰে৷

জন্নত : অভিনেতা ইমৰাণ হাছমিয়ে অনবদ্য অভিনয় দক্ষতা প্ৰদৰ্শন কৰা এই ছবিখন বলীউদৰ সফল ছবি সমূহৰ ভিতৰত অন্যতম৷ ড্ৰামা আৰু ৰোমাঞ্চেৰে ভৰপুৰ এই ছবিখন ভদ্ৰ লোকৰ খেল বুলি পৰিচিত ক্ৰিকেটৰ কলা অধ্যায়৷ মেচ-ভিক্সিঙৰ ওপৰত নিৰ্মিত৷ উল্লেখ যে কিছুবছৰ পূৰ্বে মেচ-ফিক্সিং কেলেংকাৰীয়ে কঁপাই গৈছিল সমগ্ৰ ক্ৰিকেট বিশ্ব৷ এই পথেৰে অতি কম সময়ৰ ভিতৰতে অধিক ধন আহৰণত এই অপচেষ্টাত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল বহু নামী দামী ক্ৰিকেটাৰ৷ দীঘলীয়া নিষেধাজ্ঞা নতুবা জীৱন জোৰা নিষেধাজ্ঞতাৰ সন্মুখীন হৈছিল বহু ক্ৰিকেটাৰ৷ ক্ৰিকেটৰ এই অন্ধকাৰ দিশটোৰ ওপৰত নিৰ্মিত এই ছবিখন ব্যৱসায়িক দিশৰ পৰাও যথেষ্ঠ সফল৷

ছুৰমা : ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক সন্দীপ সিঙৰ জীৱনৰ ওপৰত নিৰ্মিত এইখন বলীউদৰ এখন অন্যতম সফল ছবি৷ এক গুৰুতৰ দুৰ্ঘটনাৰ সন্মুখীন হৈ দীৰ্ঘদিন হুইলচেয়াৰত দিন পাৰ কৰিব লগা হৈছিল এইজন পেনা কৰ্ণাৰ বিশেষজ্ঞই৷ তেওঁ পুনৰ খেলপথাৰলৈ ঘুৰি অহাৰ সকলো সম্ভাবনা প্ৰায় শেষ হোৱাৰ দৰে হৈছিল৷ কিন্তু সেই অসম্ভকো সম্ভব কৰি খেলপথাৰলৈ প্ৰত্যাবৰ্তন কৰিছিল সন্দীপ সিঙে৷ কেৱল প্ৰত্যাবৰ্তন কৰাই নহয়, সন্দীপ ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্বও লয়৷ ২০১২ বৰ্ষত লণ্ডন অলিম্পিকলৈ ভাৰতীয় দলৰ যোগ্যতা অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল সন্দীপ সিঙে৷

অপনে : ড’পিঙৰ মিছা অভিযোগত অভিযুক্ত এজন বক্সাৰৰ কাহিনী এয়া৷ ছবিখনত সেই অভিযুক্ত বক্সাৰে কিদৰে নিজকে অভিযোগমুক্ত কৰে তাকেই অতি সুন্দৰ ৰূপত দেখুওৱা হৈছে৷ ছবিখনত অভিযুক্ত বক্সাৰজনৰ ভুমিকা পালন কৰা ধমেন্দ্ৰই৷ তেওঁৰ দুই পুত্ৰক একোজনকৈ সফল বক্সাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কি কষ্ট স্বীকাৰ কৰিব লগা হৈছিল তাকেই দেখুওৱা হৈছে ছবিখনত৷ তেওঁৰ অশেষ কষ্ট আৰু সাধনাৰ বলত দুই পুত্ৰক কেৱল সফল বক্সাৰ হিচাপে প্ৰতিষ্ঠা কৰাই নহয়, নিজেও অভিযুক্ত মুক্ত হয়৷ ছবিখনত পৰিয়ালৰ একতা ৰখাত খেলৰ ভুমিকাক সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে৷

চেইন কুলি কি মেইন কুলি : খেল আৰু কমেডীৰ এক অপূৰ্ব সংমিশ্ৰণৰ ছবি এইখন৷ ইয়াত এটি অনাথ শিশুৱে এখন ‘‘যাদুকৰী বেট’’ পায় আৰু ভাৰতীয় দলত অন্তভুক্ত হয়৷ কিন্তু যাদুকৰী বেটখনৰ অবিহনে বলাৰজন সফল হ’ব পাৰেনে৷ কিমান দিনলৈ সেই যাদু লৰাজনৰ লগত থাকে৷ এই সকলোবোৰকলৈ নিৰ্মিত এই ব্যংগাত্মক ছবিখনৰ আৰম্ভণিৰ পৰা শেষলৈ যথেষ্ঠ মানোগ্ৰাহী

আজাহাৰ : ভাৰতীয় ক্ৰিকেটৰ এজন অন্যতম সফল অধিনায়ক মহম্মদ আজাহাৰুউদ্দিন৷ বিভিন্ন ঘাত-প্ৰতিঘাট, সফলতা আৰু বিতৰ্কৰে ভৰা মহম্মদ আজাহাৰুউদ্দিনৰ জীৱন পৰিক্ৰমা৷ বলীউদৰ এই জনপ্ৰিয় ছবিখনত আজাহাৰুউদ্দিনৰ চৰিত্ৰত অভিনয় কৰিছে ইমৰাণ হাছমিয়ে৷ ২০০০ বৰ্ষত মেচ ফিক্সিং কেলেংকাৰীত অভিযুক্ত আজাহাৰুউদ্দিন খেল পথাৰৰ বাহিৰতো বিতৰ্কিত৷ বিশেষকৈ প্ৰাক্তন মিছ ইণ্ডিয়া সংগীতা বিজলানিৰ সৈতে থকা তেওঁৰ সম্পৰ্ক৷ আজাহাৰৰ জীৱনৰ দুখ কষ্ট, নানা-ঘাট প্ৰতিঘাট, বিতৰ্ক, প্ৰেম, ক্ৰিকেট, সফলতা আদি লৈ নিৰ্মিত এইখন বলীউদৰ সফল ছবিৰ ভিতৰত অন্যতম৷

বুধিয়া সিং : অ’বণ টু ৰাণ
২০০৬ বৰ্ষত মাত্ৰ পাঁচ বছৰ বয়সতে সাতঘণ্টা দুই মিনিটত ৬৫ কিলোমিটাৰ দৌৰি লিমকা বুক অৱ ৱলৰ্ড ৰেকৰ্ডত স্থান পোৱা বুধিয়া সিঙৰ কাহিনী এয়া৷ এই মাৰাথানে চাঞ্চল্য মাত্ৰ পাঁচবছৰ বয়সতে ৪৮ টা মাৰাথান সম্পূৰ্ণ কৰে৷ বুধিয়াৰ সৰুকালৰ দ্ৰৰিদ্ৰতা, পইচাৰ কাৰণে মাকে তাক বিক্ৰি কৰি দিয়ে, ইয়াৰ পিছত এটা অনাথ শিশু আশ্ৰমৰ পৰিচালকে তাক জুডো প্ৰশিক্ষক বিৰিঞ্চ দাসৰ ওচৰলৈ লৈ অনা, বিৰিঞ্চি দাসৰ হত্যাৰ লগতে বুধিয়াৰ জীৱনৰ সৈতে জড়িত আন বিষয় সমূহ সামৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments