ক্ৰীড়াৰ সপোন আৰু বাস্তৱ (১)

✍️ সিদ্ধাৰ্থ শংকৰ ডেকা

অলিম্পিক বা বিশ্বকাপ ফুটবল আহিলেই কোনোদিনে খেলৰ বিষয়ে এটাও শব্দ নিলিখা মানুহৰ মুখত এটা কথা খুউব ওলায় ৷ আমাৰ আন্তঃগাঁথনি নাই ৷ সেইবাবেই আমি মেডেল আনিব পৰা নাই । বিশ্বকাপ খেলিব পৰা নাই । ১৩০ কোটি মানুহৰ দেশৰপৰা ১১জন বিশ্বকাপ খেলা খেলুৱৈ নোলায় ৷ (অথচ জনসংখ্যাৰ লগত সফলতাৰ একো সম্পৰ্ক নাই)

কিন্তু, আন্তঃগাঁঠনি নহয় প্ৰথম জৰুৰী সংস্কৃতিহে ৷ ক্ৰীড়া সংস্কৃতি অথবা স্পৰ্টছ কালচাৰ ৷ ফুটবলক লৈ কাম কৰি আছোঁ, ফুটবলৰ কথাই কওঁ ৷ ব্ৰাজিল, আৰ্জেণ্টিনা, উৰুগুৱে, চিলি আৰু কলম্বিয়াই ইউৰোপিয়ান আধিপত্যক প্ৰত্যাহ্বান জনাই উৎকৃষ্ট ফুটবল এইকাৰণে নেখেলে যে তাত ইউৰোপৰ দৰে শ্ৰেষ্ঠ আন্তঃগাঁথনি আছে ৷ তেওঁলোকে ভাল ফুটবল খেলে কাৰণ ফুটবল তেওঁলোকৰ সংস্কৃতি ৷ ফুটবল হাড়ে হিমজুৱে সোমাই আছে ৷ ২-৩ বছৰৰপৰা চোতালত, ৰাস্তাত, ঘৰৰ ওচৰৰ পথাৰত মাক বাপেক, বন্ধু বান্ধৱীৰ লগত খেলাৰ পাছত ৫-৬ বছৰৰপৰা স্থানীয় একাডেমীত ফুটবলৰ আদিপাঠ আৰম্ভ কৰে ৷ সম্পূৰ্ণ প্ৰতিযোগিতামূলক খেল খেলে ৷ বছৰি ৩০-৪০খন ৷ তাৰপৰা যিখিনি শ্ৰেষ্ঠ হয় তেওঁলোকক ডাঙৰ ডাঙৰ একাডেমী বা ক্লাবে চুক্তিবদ্ধ কৰে ১০-১২ বছৰৰ বাবে ৷ এই সময়ছোৱাত তেওঁলোকে একাডেমী হোষ্টেলত থাকে ৷ আনুষ্ঠানিক পঢ়াশুনাও তাতে কৰে ৷ তাৰ বাবে মাক বাপেক বা অভিভাৱকে কোনো চিন্তা কৰিব নালাগে ৷ ৫-৬ বছৰৰপৰা ১৭-১৮ বছৰলৈ প্ৰথমে বেবী লীগ, তাৰ পিছত য়ুথ লীগত বছৰি ৩০-৪০ খন মেচ খেলাৰ পিছত এইসকল খেলুৱৈয়ে ক্লাবৰ ছিনিয়ৰ দলত খেলাৰ সুযোগ পায় ৷ দেশীয় ক্লাবৰ খেল চাই ইউৰোপৰ ফুটবল এজেণ্টে ইউৰোপৰ ক্লাবৰ বাবে তেওঁলোকক বাছে ৷ তেনেকৈয়ে তাৰো শ্ৰেষ্ঠখিনি ইউৰোপলৈ যায় আৰু ৰাষ্ট্ৰীয় দলৰ বাবে তাৰ মাজৰো শ্ৰেষ্ঠখিনি নিৰ্বাচিত হয় ৷ এয়া হৈছে বিশ্বকাপ ফুটবল খেলা দেশৰ খেলুৱৈ গঢ়াৰ প্ৰক্ৰিয়া ৷ আন্তঃগাঁথনি য’ত তৃতীয় প্ৰয়োজনীয়তা ৷ প্ৰথম সংস্কৃতি (culture) আৰু তাৰ পিছত ফুটবল গাঁথনি (structure) ৷ মনত ৰাখিব লিঅ’নেল মেছিয়ে ফুটবল জীৱন আৰম্ভ কৰা ৰ’জাৰিঅ’ৰ গ্ৰাণ্ডোলি খেলপথাৰত এতিয়াও ঘাঁহ নগজে৷ গ্ৰাণ্ডোলিৰ ৰুক্ষ পথাৰতে বিশ্বশ্ৰেষ্ঠ ফুটবলাৰ গঢ়াৰ পাতনি মেলা হৈছিল ৷

এতিয়া মোক কওঁক, ভাৰতৰ কেইজন ৫-৬ বছৰীয়া শিশুৱে নিয়মীয়া ফুটবল প্ৰশিক্ষণ আৰু প্ৰতিযোগিতামূলক খেল খেলি আছে ? কেইজন কিশোৰ-কিশোৰীয়ে ফুটবল একাডেমীত কেৱল ফুটবলাৰ হোৱাৰ লক্ষ্যৰে প্ৰশিক্ষণ লৈ আছে ? যদি সেয়া হোৱা নাই, তেন্তে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে হামৰাও কাঢ়ি লাভ নাই ৷ এনেকুৱা নহয় যে কাম কৰা হোৱা নাই। হৈ আছে ৷ অসমতো ৷ আমি নিজেও জড়িত। কিন্তু তৃণমূল আৰু যুৱ পৰ্যায়ৰ উন্নয়নক সময় দিব লাগিব ৷ কমেও ১০-১৫ বছৰ ৷ এই কাম কঠিন আৰু গ্লেমাৰহীন ৷ সকলোৱে নকৰে ৷ কৰাৰ তাগিদা আৰু দক্ষতাও নাই ৷ অলিম্পিক খেলিবলৈ যোৱাজনক গামোচা দিবলৈ সকলো যাব ৷ কিন্তু সেই অলিম্পিয়ান গঢ় দিয়াৰ কষ্ট তেনেই তাকৰ মানুহে কৰে ৷ লগতে, বিশ্বকাপ ফুটবল বা অলিম্পিকৰ স্থান কোনেও প্লেটত সজাই নিদিয়ে ৷ তাৰ বাবেও যোগ্যতা আহৰণ কৰাৰ অতি কঠিন প্ৰত্যাহ্বান আছে ৷ এবাৰ গুগল কৰি চাব এছিয়াৰপৰা কিদৰে ভাৰতীয় ফুটবল দলে বিশ্বকাপৰ চাৰিটা স্থানৰ বাবে ৪৬খন দেশৰ সৈতে সংগ্ৰাম কৰিব লগা হয়। কিন্তু তৃণমূল আৰু যুৱ পৰ্যায়ৰ উন্নয়ন তেতিয়াহে সম্ভৱ যেতিয়া আনৰ ল’ৰা ছোৱালীয়ে দেশৰ হৈ খেলাৰ প্ৰতি বাট নাচাই আপুনিও আপোনাৰ শিশুটিক খেলুৱৈ হ’বলৈ আগুৱাই দিব। পুতলাৰ লগত এটা ফুটবল তাক/তাইক দিব ৷ চোতালত বা ওচৰৰ পথাৰত খেলিব ৷ চোতাল বা পথাৰ নাই ড্ৰয়িংৰুমতে খেলিব ৷ তাৰ পাছত ওচৰৰে কোনোবা একাডেমী বা প্ৰশিক্ষণ কেন্দ্ৰলৈ নিব ৷ এইখিনি কৰাৰ দায়িত্ব আপোনাৰ ৷ মনত ৰাখিব, চাৰি বছৰ বয়সত আইতাকে হাতত ধৰি গ্ৰাণ্ডোলি পথাৰলৈ নিনিলে মেছি নামৰ মহাতাৰকাৰ জন্মই নহ’ল হয়। আন্তঃগাঁথনিৰ কথা আহিব ইয়াৰ পিছতহে ।

Leave a Reply

Your email address will not be published. Required fields are marked *