অলিম্পিয়া প্ৰতিবেদন
অসমৰ ক্রীড়া সাংবাদিকতাৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা কৰি ক্রীড়া সাহিত্যৰ ক্ষেত্ৰখনক নতুন ৰূপত তুলি ধৰাৰ এক প্ৰচেষ্টা হাতত লৈছে সদৌ অসম ক্রীড়া সাংবাদিক সন্থাই। সন্থাৰ উদ্যোগত শীঘ্ৰেই ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহস্থিত কাৰ্যালয়ত এক ক্রীড়া বিষয়ক গ্ৰন্থাগাৰ স্থাপন কৰা হ’ব। তাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি ইতিমধ্যে তৈয়াৰ কৰা হৈছে। এই গ্ৰন্থাগাৰৰ জৰিয়তে ক্রীড়া সাহিত্য, ক্রীড়া বিষয়ক বিভিন্ন তথ্য, অভিলেখ আদি সংৰক্ষণ কৰাৰ পোষকতা কৰিছে সন্থাটোৱে।
ইয়াৰ লগতে, উক্ত গ্ৰন্থাগাৰক ক্রীড়া বিষয়ক তথ্য পাতিৰ কেন্দ্ৰস্থল হিচাবে গঢ়ি তোলা হ’ব। এই মাহতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব এই ক্রীড়া গ্ৰন্থাগাৰৰ। ইয়াৰ লগতে, অসম ক্রীড়া সাংবাদিক সন্থাই ক্রীড়া বঁটা প্ৰদানৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰাৰ বাবেও এখন কমিটি গঠন কৰিছে। ক্রীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাক অধ্যক্ষ হিচাবে লৈ তথা বিদ্যুৎ কলিতা, মৃদুমলয় লুখুৰাখন, কৌশভ বৰুৱা,প্ৰাৰ্থনা হাজৰিকাক সদস্য হিচাবে লৈ এই বঁটা কমিটীখন গঠন কৰা হৈছে। বিগত বৰ্ষৰ ক্রীড়া বঁটাসমূহ ২ জুলাইত বিশ্ব ক্রীড়া সাংবাদিক দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন ক্রীড়াবিদসকলক প্ৰদান কৰা হব।