Wednesday, October 5, 2022
HomeNewsপ্ৰেমে নামানে বয়সৰ সীমা; প্ৰথম দেখাতেই হৈ যায় প্ৰেম; মাত্ৰ এষাৰ মাতত...

প্ৰেমে নামানে বয়সৰ সীমা; প্ৰথম দেখাতেই হৈ যায় প্ৰেম; মাত্ৰ এষাৰ মাতত ক্লিন ব’ল্ড Wonder boy of Indian Cricket;

প্ৰেমৰ এই সপ্তাহটোৰ আজি দ্বিতীয় দিনটোত প্ৰিয় পাঠক সকললৈ আগবঢ়াইছো দ্বিতীয়টো প্ৰেমৰ কাহিনী ‘শচীনঞ্জলি’। প্ৰথম দিনটোৰ প্ৰথমটো কাহিনী পঢ়ক এই লিংকত https://olympiasports.in/love-story-former-indian-volleyball-captain-abhijit-bhatacharya/

শচীনঞ্জলি

প্ৰথমে ভাল লগা তাৰ পিছত ভাল পোৱা আৰু ভাল লাগিবলৈ প্ৰয়োজন মাত্ৰ এটা মূহূৰ্তৰ। নজনাকৈয়ে, নুবুজাকৈয়ে, নভবাকৈয়ো কেতিয়াবা কাৰোবাক ভাল পাব পাৰি। অঞ্জলিৰো এয়াই হৈছিল। এয়াৰ প’ৰ্টত মাত্ৰ কেইটামান মূহূৰ্তৰ বাবে দেখা সেই ধুনীয়া, মৰম লগা ল’ৰাটোক ভাল লাগি গৈছিল। ভাল পাই পেলাইছিল। আৰু ল’ৰাটোৰ…! সুন্দৰী অঞ্জলীৰ চকুত চকু থৈ কিছু সময়লৈ পাহৰি গৈছিল সকলো।

‘সেই ল’ৰা জনলৈ চোৱা, ইমান মৰম লগা। ‘- বান্ধৱী অপৰ্ণাক উদ্দেশ্য কৰি কৈছিল অঞ্জলিয়ে। অৱশ্যে অপৰ্ণাই চিনি পাইছিল সেই ল’ৰা জনক। নাপাবই বা কিয়? সেই লৰাজন যে Wonder Boy of Indian Cricket। মৰম লগা কেকোঁৰা-কেকোঁৰি চুলিৰ চাপৰ ল’ৰাজনে সেই সময়ত এয়াৰপৰ্টত থকা সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল। অঞ্জলিৰ প্ৰশ্নত অৰ্পণা আচৰিত হৈছিল। কৈছিল ল’ৰাজনৰ কথা, ক্ৰিকেটৰ কথা। কিন্তু ক্ৰিকেটৰ লগত কোনো সম্পৰ্ক নথকা অঞ্জলিয়ে অপৰ্ণাৰ কথা শুনি কৈছিল ‘সেইবোৰ মই একো নাজানো, মুঠতে ল’ৰাটো মোৰ ভাল লাগিছে।’

কেকোঁৰা চুলিৰ সেই মৰম লগা ল’ৰাটো

‘শচীন তুমি ইমান মৰম লগা’- ৰৈ থাকিব নোৱাৰিলে অঞ্জলি। ভাল লগা ল’ৰাটোক দৌৰি গৈ অঞ্জলিয়ে পিছফালৰ পৰা চিঞঁৰি মাত লগালে। লাজত ৰঙা পৰি গৈছিল Wonder Boy of Indian Cricket। ক্ৰিকেটৰ পথাৰত বিশ্বত্ৰাস বলাৰক বেট খনেৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰা শচীন সুন্দৰী অঞ্জলিৰ এষাৰ মাততেই ক্লিন ব’ল্ড হৈ গৈছিল। আউট হৈ পেভিলিয়নলৈ উলটি যোৱাৰ দৰেই অঞ্জলিৰ মাতত ক্লিন ব’ল্ড হৈ লাজত ৰঙা চিঙা পৰি তলমূৰ কৰি গুছি গৈছিল শচীন।

প্ৰেমত পৰিছিল অঞ্জলি, প্ৰেমত পৰিছিল শচীন। গোটেই ৰাতি উজাগৰে থাকিলে অঞ্জলি। মৰম লগা মুখ খন, কেকোঁৰা চুলিৰ হাঁহিমুখিয়া ল’ৰাটোৱে বাৰে বাৰে আমনি কৰিলে অঞ্জলিক।

‘শচীনঞ্জলি’- দুই প্ৰেমিক যুগল

বান্ধৱী অপৰ্ণাৰ বন্ধু মুখীয়ে শচীনৰ ফোন নম্বৰটো যোগাৰ কৰি দিলে অঞ্জলিক। সততে ফোনত কথা নাপাতা শচীনে এবাৰতেই ৰিচিভ কৰিলে অঞ্জলিৰ ফোন। সেই যে প্ৰথম দেখাতেই আৰম্ভ হৈছিল প্ৰেম সেই প্ৰেম ফোনত কথা পতাৰ সময়ত গাঢ় হৈছিল। এজনে আনজনক এৰি থাকিবলৈ অসুবিধা হৈছিল। অৱশেষত অঞ্জলি আৰু শচীনে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক স্থায়ী কৰিছিল।

প্ৰেমে নামানে বয়সৰ সীমা। এই কথাশাৰী প্ৰমাণ কৰিলে শচীন আৰু অঞ্জলিয়ে। শচীনতকৈ ছয় বছৰ ডাঙৰ অঞ্জলিৰ লগত শচীনে আৰম্ভ কৰিলে জীৱনৰ দ্বিতীয় ইনিংছ।

শচীন-অঞ্জলী আৰু তেওঁলোকৰ প্ৰেমৰ সাক্ষী দুই সন্তান
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments