olympiasports.in
লকডাউনৰ বাবে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত এতিয়া খাদ্য-সামগ্ৰীৰ অভাৱে দেখা দিছে। এই জটিল সময়ত বিভিন্ন ব্যক্তি তথা সংস্থাই অসহায় জনলৈ সহায়ৰ হাত আগবঢ়াইছে। অসংখ্য জনে অসহায় জনক অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী যোগান ধৰি মানৱতাৰ পৰিচয় দিছে। পিছ পৰি থকা নাই বিশিষ্ট ক্ৰীড়া সংগঠক ভূমিধৰ বৰ্মনো। অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে লকডাউনৰ এই জটিল সময়ত অসহায় জনলৈ আগবঢ়াইছে সহায়ৰ হাত। মহানগৰীৰ নিজ বাসগৃহত আজি সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে বৰ্মনে চতুৰ্থবাৰলৈ প্ৰায় ১৫০ টা পৰিয়াললৈ আগবঢ়ালে বিভিন্ন খাদ্য সামগ্ৰী। ইয়াৰ পূৰ্বে বৰ্মনে তিনিটা পৰ্যায়ত প্ৰায় ৪০০ ৰ পৰা ৫০০ পৰিয়াললৈ বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰিছিল।
Thanks a lot for supporting us