Wednesday, October 5, 2022
HomeNewsক্ৰীড়া সাংবাদিকতাৰ পৰা ক্ৰীড়া সংগঠকলৈ : এক সংগ্ৰামৰ নাম ভূমিধৰ বৰ্মন

ক্ৰীড়া সাংবাদিকতাৰ পৰা ক্ৰীড়া সংগঠকলৈ : এক সংগ্ৰামৰ নাম ভূমিধৰ বৰ্মন

অলিম্পিয়া বিশেষ

olympiasports.in

এগৰাকী সাংবাদিক, তাৰ পিছত ব্যৱসায়, শেহতীয়াকৈ এগৰাকী ক্ৰীড়া সংগঠক। এগৰাকী প্ৰকৃতাৰ্থত ক্ৰীড়াপ্ৰেমী। তাৰ মাজতে ৰাজনীতিতো ভৰি থৈছে। তেওঁ হৈছে ভূমিধৰ বৰ্মন। পিছে তেওঁ অসমৰ প্ৰাক্তন অস্থায়ী মুখ্যমন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছী নেতা ভূমিধৰ বৰ্মন নহয়। তেওঁ জুনিয়ৰ ভূমিধৰ বৰ্মনহে! এসময়ত দৈনিক অগ্ৰদূত, দৈনিক অসমৰ ক্ৰীড়া সাংবাদিকৰ দায়িত্ব গ্ৰহণ কৰা মুকালমুৱা বৰতলাত 1972 চনত জন্ম এইজন জুনিয়ৰ ভূমিধৰৰ। দেউতাকৰ কৰ্মসূত্ৰে তিনি বছৰৰ পৰাই গুৱাহাটীৰ বাসিন্দা ভূমিধৰৰ শিক্ষা জীৱনৰ আৰম্ভণি ভাস্কৰ বিদ্যপীঠ। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছৰে পৰা এফালে ক্ৰীড়াক্ষেত্ৰ আৰু আনফালে সাংবাদিকতাৰ বৃত্তি চলাই গৈছে। তাৰ মাজতেই সময়-সুবিধা বুজি ৰাজনীতিতো জড়িত হৈছে।


মহাবিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰা ভূমিধৰ বৰ্মনে পাহাৰ-পৰ্বতৰ আকৰ্ষণত পৰ্বতাৰোহণ কৰিছে। হিমালয়ৰ কেইবাটাও শৃংগলৈ সফল অভিযান চলাইছে। সেয়া 1989 চনৰ পৰা 1997 চনৰ কথা। তাৰ মাজতেই তেওঁ সাংবাদিকতাৰ প্ৰতি আকৃষ্ট হৈ অগ্ৰদূত কাকতত ক্ৰীড়া সাংবাদিক হিচাপে যোগদান কৰে। সাংবাদিকতাৰ ক্ষেত্ৰখনত ঘূৰি ফুৰিয়েই ভূমি বৰ্মনে অসম জুডো সন্থাৰ স’তে যুক্ত হয় আৰু 2001 চনত অসম জুডোক প্ৰতিনিধিত্ব কৰি অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদকৰ পদক অধিষ্ঠিত হয়। দুটা টাৰ্ম যুটীয়া সম্পাদকৰ দায়িত্ব পালন কৰাৰ পিছত তৃতীয় টাৰ্মত বৰ্মন অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদকৰ পদ গ্ৰহণ কৰে। অলিম্পিকৰ কৰ্মকৰ্তা হিচাপেই বৰ্মনে পঞ্জাব নেচনেল গেমছৰ এছিষ্টেণ্ট চীফ দ্য মিছন আৰু হায়দাৰাবাদ নেচনেল গেমছৰ ডেপুটী চীফ দ্য মিছনৰ দায়িত্বও গ্ৰহণ কৰিছে।


এগৰাকী যুৱ ক্ৰীড়া সংগঠক হিচাপে ভূমিধৰ বৰ্মনে অসম অলিম্পিক সন্থাৰ ভিতৰচ’ৰাত সংস্কাৰ সাধনৰ বাবে অহৰহ সংগ্ৰাম কৰিছিল। অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ স’তে লগ লাগি কেইবাটাও আঁচনি আৰম্ভ কৰি বৰ্মনে সকলোৰে মাজত প্ৰিয়প্ৰাত্ৰ হ’বলৈ সমৰ্থ হয়।


হায়দৰাবাদ ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণ কৰিবলৈ গৈ বৰ্মন ‘ৰোলাৰ স্কেটিং’ ক্ৰীড়াৰ প্ৰতি আকৃষ্ট হয় আৰু তাৰ পৰা উভতি আহিয়েই গুৱাহাটীত আৰম্ভ কৰে অসম ৰোলাৰ স্কেটিং সন্থা। কেইজনমান বন্ধুক সহযোগী হিচাপে লৈ বৰ্মনে গুৱাহাটীৰ আলিবাটত আৰম্ভ কৰে ৰোলাৰ স্কেটিঙৰ অনুশীলন। বিভিন্ন স্কুল-কলেজৰ শিশু-চেমনীয়াসকলক নিৰ্বাচন কৰি বৰ্মনে অতি সীমিত পৰিসৰত গুৱাহাটীত সন্থাৰ অনুশীলন আৰম্ভ কৰে। নিজা খৰচত দিল্লীৰ পৰা সা-সঁজুলি (স্পাইক) আনি খেলুৱৈসকলক উৎসাহিত কৰিবলৈ যত্ন কৰে তেওঁ। তাৰ মাজতেই ৰোলাৰ স্কেটিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ প্ৰশিক্ষক গৌৰৱ মোদীক গুৱাহাটীলৈ আনি বৰ্মনে অসমত ৰোলাৰ স্কেটিঙৰ শুভাৰম্ভ কৰে আনুষ্ঠানিকভাৱে। ইতিমধ্যে বৰ্মনে পাণবজাৰ ডনবস্ক’ স্কুলৰ অডিটৰিয়ামত ৰোলাৰ স্কেটিঙৰ নিয়মীয়া প্ৰশিক্ষণ আৰম্ভ কৰে আৰু ছয় মাহৰ ভিতৰতেই বহু খেলুৱৈ সংগ্ৰহ কৰে। শিবিৰত ইতিমধ্যে প্ৰায় এশ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। 2009 চনত তাৰ মাজৰ পৰাই বৰ্মনে ছয়গৰাকী ছিনিয়ৰ খেলুৱৈক চণ্ডীগড়ৰ হায়াৰ Îট্ৰইনিঙৰ বাবে প্ৰেৰণ কৰে। তাৰ পিছৰে পৰা অসমৰ ৰোলাৰ স্কেটিঙে বিস্তৃতি লাভ কৰে ৰাষ্ট্ৰীয় পৰ্যায়ত। 2013 চনত বৰ্মনে অসমত ৰোলাৰ স্কেটিং ক্ৰীড়াৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আন এবিধ ক্ৰীড়া ৰোল বল জন্ম দিয়ে আৰু অসম ৰোল বল সন্থাৰ জন্ম দিছে। ৰোল বল সন্থা গঠনৰ এবছৰৰ পিছতেই অসমলৈ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজনৰ সুযোগ আহে। 2014 চনত সোণাপুৰৰ টেপেচীয়াত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপত অসমৰ ল’ৰাৰ দলটোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। তাৰ পিছৰে পৰা অসমৰ ৰোল বল আৰু ৰোলাৰ স্কেটিং সন্থাৰ উত্তৰণ আৰম্ভ হয়। চ্ঙ্মৰ6 চনত ৰাজস্থানত অনুষ্ঠিত হোৱা মিনি নেচনেল ছাব জুনিয়ৰ চেম্পিয়নশ্বিপত আৰু 2017 চনত স্কুল গেমছ ফেডাৰেচনৰ ৰচ্ছ্ৰ বছৰৰ অনূধৰ্ব শাখাত অসমৰ ল’ৰাৰ দলটোৱে লাভ কৰে স্বৰ্ণপদক। 2018 চনত গুজৰাটত অনুষ্ঠিত মিনি নেচনেল গেমছতো অসমৰ দলটোৱে অৰ্জন কৰে স্বৰ্ণপদক। ইতিমধ্যে অসমৰ কেইবাগৰাকীও ৰোল বল খেলুৱৈ আৰু স্কেটাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাৰ লগতে বৰ্তমানলৈ তিনিগৰাকী খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলাৰ সুযোগ লাভ কৰিছে। 2017 চনত অসমৰ গৌৰৱ দাসে কলম্বোত অনুষ্ঠিত জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে। 2018 চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত ছাউথ এছিয়ান গেমছ ৰোল বল চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে ভূমিধৰ বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ বৰ্মন অম্লান কাৰ্গিলে। (B.A. Kargil) 2019 চনত অসমৰ আন এগৰাকী চেমনীয়া খেলুৱৈ মনীষা বড়ো প্ৰধানে গোৱাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। এই ৱৰ্ল্ড চেম্পিয়নশ্বিপতেই ভাৰতীয় পুৰুষ দলৰ মেনেজাৰ হিচাপে নিৰ্বাচিত হয় অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মন।

আনহাতে চলিত বছৰৰ এপ্ৰিল মাহৰ ১৬ তাৰিখৰ পৰা অসম ৰোলবল সন্থাই ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছিল ৰোলবল ছুপাৰ লীগ। লীগৰ মূল হোতা আছিল অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মন। কৰ’না মহামাৰীৰ বাবে সৃষ্টি হোৱা জটিল পৰিবেশ, পৰিস্থিতিৰ বাবে এই প্ৰতিযোগিতাখন অৱশ্যে এতিয়া অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে। এই প্ৰতিযোগিতাখনত মুঠ ৭ টা দলে অংশগ্ৰহণ কৰাৰ কথা আছিল। ইতিমধ্যে সাতোটা দলৰ স্বত্ব বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি খেলুৱৈ নিলাম প্ৰক্ৰিয়ালৈকে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল। কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰাৰ বাবে প্ৰতিযোগিতাখন স্থগিত ৰাখিবলৈ বাধ্য হয়।

1998 চনত তিনিচুকীয়াৰ পৰ্বতাৰোহী পলী দাসৰ সৈতে সংসাৰ আৰম্ভ কৰা ভূমি বৰ্মনৰ চাৰিজনীয়া পৰিয়ালটো বৰ্তমান ক্ৰীড়াৰ লগতেই জড়িত। জ্যেষ্ঠ সন্তান বি এ কাৰ্গিল ইতিমধ্যে ভাৰতীয় ৰোল বল দলৰ এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ। কনিষ্ঠ পুত্ৰ বি পি হিন্দুও এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ৰোল বল খেলুৱৈ। ৰোলাৰ স্কেটিঙতো অপূৰ্ব দক্ষতা আছে হিন্দুৰ। পিতৃ ক্ৰীড়া সংগঠনৰ কামত দিনে-নিশাই অতিবাহিত কৰাৰ পিছতো পত্নীয়ে বৰ্মনক কোনো দিনে আমনি কৰা নাই। বৰং দুই পুত্ৰক ক্ৰীড়ক্ষেত্ৰলৈ আগবঢ়াইহে দিছে খেলৰ মোল বুজা পত্নী পলীয়ে। এসময়ত পৰ্বতাৰোহণ কৰি ভাল পোৱা পত্নীয়ে এতিয়াও সময় পালেই পাহাৰৰ আলিংগন বিচাৰি এপাক মাৰিব বিচাৰে। মুঠৰ ওপৰত এটা সম্পূৰ্ণ ক্ৰীড়া পৰিয়াল ক্ৰীড়া সংগঠক বৰ্মনৰ। কলাৰ স্নাতক বৰ্মনে হয়তো ক্ৰীড়াক্ষেত্ৰৰ লগত লাগি নাথাকি নিজৰ সচ্ছল ব্যৱসায়ত মন দিলে সমাজত এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ শাৰীত থিয় হ’ব পাৰিলেহেঁতেন। কিন্তু বৰ্মনে ক্ৰীড়া সংগঠনকেই জীৱনৰ ব্ৰত কৰি লৈ নিজৰ দুই পুত্ৰকো পৈণত খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাতহে গুৰুত্ব আৰোপ কৰে। তেওঁ ক’ব বিচাৰে— ‘ক্ৰীড়াৰ মাজেদি জীৱনটোক উপলব্ধি কৰিব পাৰি। এজন ক্ৰীড়াপ্ৰেমীয়ে গোটেই জীৱন ধৰি নিজৰ মনটো উৎসাহ আৰু প্ৰেৰণাৰে ভৰাই ৰাখিব পাৰে। খেল ভাল পাওঁ বাবেই মই মানুহৰ মন-হৃদয়ত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছো।’


সুদীৰ্ঘ 25 বছৰ ধৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ স’তে ওতপ্ৰোতভাৱে জড়িত হৈ থাকি ভূমিধৰ বৰ্মনে অসমৰ বিভিন্ন সংগঠনৰ পৰা লাভ কৰিছে সন্মান-সম্বৰ্ধনা। ইউনিক্স আছামৰ নবীন সূৰ্য বঁটাৰ লগতে বৰ্মনে সম্বৰ্ধনা লাভ কৰিছে অসম ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ তৰফৰ পৰাও।
অসমৰ ক্ৰীড়াক্ষেত্ৰত এগৰাকী সফল ক্ৰীড়া সংগঠক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভূমিধৰ বৰ্মনে সংগ্ৰাম কৰিবলগীয়া হৈছে অতি কম সমৰ্থক তথা সহকৰ্মী লগত লৈ। বিশেষকৈ অসমত ৰোলাৰ স্কেটিং আৰু ৰোল বলক মৰ্যাদা দিবৰ বাবে বৰ্মনৰ লগত আৰম্ভণিৰে পৰা আছে মাত্ৰ সভাপতি মিফতাবুদ্দিন আহমেদ, টিকেন দাস, অনুপম শৰ্মা, মনোজ শৰ্মা আদিৰ দৰে মুষ্টিমেয় কেইগৰাকীমান ব্যক্তি। চৰকাৰ তথা কোনো ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তিৰ পৰা পোৱা ন্যূনতম সঁহাৰিকে ধিয়াই আগবাঢ়িছে বৰ্মনৰ সংগঠন। ক’ৰ্ট তথা খেলপথাৰৰ অভাৱত ৰাজপথত অনুশীলন কৰি অসমৰ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া হৈছে। নেহৰু ষ্টেডিয়ামৰ পাৰ্কিং স্থানত অতি বিপজ্জনকভাৱে অনুশীলন কৰিবলগীয়া হৈছে কাৰ্গিল, মনীষা, গৌৰৱহঁতে। সংগঠকগৰাকীয়ে ভাবে অসমৰ প্ৰতিটো সংগঠনৰ বাবে ৰাজ্য চৰকাৰে সমভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰয়োজন। কোনো এবিধ ক্ৰীড়াকে অৱহেলা কৰাৰ প্ৰশ্নই নুঠে। তাৰ মাজতে অৱশ্যে এইটোও চাব লাগিব যাতে ৰাজ্য চৰকাৰৰ কেতবোৰ সু-পৰিকল্পিত আঁচনিৰ জৰিয়তে অগ্ৰাধিকাৰপ্ৰাপ্ত কেতবোৰ ক্ৰীড়াক বিশেষভাৱে আগবঢ়াই নিয়াত সুবিধা কৰিব পাৰি। ক্ৰীড়াক উৎসাহিত কৰিবৰ বাবে সফল খেলুৱৈ, সংগঠকক চৰকাৰে সা-সুবিধাৰ লগতে জীৱিকাৰ সুবিধা প্ৰদান কৰিব লাগিব। তেতিয়াহ’লেহে অভিভাৱকসকলেও আগবাঢ়ি আহিবলৈ সাহস গোটাব পাৰিব। 

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments