Tuesday, July 5, 2022
HomeNewsছবি জগতত খলকনি তোলা কেইগৰাকীমান ক্রীড়াবিদ!

ছবি জগতত খলকনি তোলা কেইগৰাকীমান ক্রীড়াবিদ!

অলিম্পিয়া প্রতিবেদন

বোলছবি জগতত আৰু ক্ৰীড়াংগণ চাবলৈ গলে দুয়োটাৰে দুৰ-দুৰণিলৈ কোনো সম্পৰ্ক নথকাৰ দৰে৷ কিন্তু চৰ্চাত দুয়োটৈৰে সম্পৰ্ক খুবেই নিবিড়৷ হয়তো ‘‘গ্লেমাৰ’’ৰ বাবেই৷ আমি সাধাৰণতে কোনো মহান ক্ৰীড়াবিদৰ বাবে ছবিজগতৰ নায়ক নায়িকাৰ আকৰ্ষণ, নতুবা ছবিজগতৰ নায়ক-নায়িকাৰ প্ৰতি কোনো ক্ৰীড়াবিদৰ আকৰ্ষণৰ কথা শুনিবলৈ বা পঢ়িবলৈ পাওঁ৷ ক্ৰীড়াবিদ আৰু ছবিজগতৰ অভিনেতাৰ মাজত বৈবাহিক সম্বন্ধৰ উদাহৰণো অনেক আছে৷ অৱশ্যে আজিৰ আমাৰ আলোচনা ক্ৰীড়াজগতৰ পৰা গৈ বোলছবিজগতত খলকণি তোলা কেইগৰাকীমান ক্ৰীড়াবিদক লৈহে৷ কবলৈ লৈছো হলীউদৰ কথা৷


ছাক ন’ৰিছ( Chuck Norris) ঃ প্ৰথমেই আমি নাম লৈছো ছাক ন’ৰিছৰ৷ বহুতেই হয়তো নেজানে যে “দ্য ডেল্টা ফ’ছ”, ‘‘মিছিং ইন একছন’’, ‘‘ এন্টাৰ দ্য ড্ৰেগন’’, ‘‘গেম অব্ দেথ’’, আদিৰ দৰে ছুপাৰহিট ছবিৰ নায়ক ন’ৰিছ এজন সুদক্ষ সমৰকলাবিদ৷ হলীউদত খোজ দিয়াৰ পূৰ্বে কাৰাটে, টাইকোৱানডো, জুডো, টাং-ছুডু, জিঅ’ জিটছ ব্ৰাজিলিয়ানৰ বিভিন্ন প্ৰতিযোগিতাত বহু পদক বুটলা ন’ৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বিভাগতো চাকৰি কৰিছিল৷ তেওঁৰ ধাৰাবাহিক ৱাকাৰ আৰু টেক্সাছ ৰেঞ্জাৰে মাৰ্কিন টেলিভিছনত এসময়ত খলকণিৰ সৃষ্টি কৰিছিল৷

এন্দ্ৰি দ্য জিয়াণ্ট(Andre the Giant) ঃ সুদক্ষ পেছাদাৰী মল্ল যুঁজাৰু হিচাবে খ্যাতি অৰ্জন কৰা এই গৰাকী ফৰাচী ক্ৰীড়াবিদ অভিনয় জগততো সফল৷ তেওঁৰ অভিনীত হলীউদৰ ব্লকব্লাষ্টাৰ ‘‘কনান দ্য ডেষ্ট্ৰয়াৰ’’, ‘‘মিকি-ম’উদে’’ আৰু ‘‘দ্য প্ৰিন্সেছ ব্ৰাইড’’ ছবি কেইখনে দেশে-বিদেশে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ ৪৬ বছৰত মৃত্যুক সাৱতি লয় এইজন সফল ক্ৰীড়াবিদ আৰু অভিনেতাই৷


লু ফাৰিগন’(Lou Ferritin) ঃ বিশ্ব বিখ্যাত শৰীৰ চৰ্চাবিদ তথা প্ৰাক্তন মিষ্টাৰ ইউনিভাৰছ্‌ ব’ডী বিলিঙ আৰু ইণ্টাৰ নেচনেল ফেডাৰেচন অৱ ব’ডী বিলিং এণ্ড ফিটনেছৰ খিতাপ দখল কৰে লু ফেৰিগন৷ ১৯৭৭ বৰ্ষত তেওঁ আনল্ডছোৱাজেনেগাৰৰ সৈতে ‘‘পাম্পিং আইৰণ” নামৰ তথ্যচিত্ৰখনত প্ৰথম অভিনয় কৰে৷ ফাৰিগন’ই তেওঁৰ অভিনীত হলীউদৰ ‘‘দ্য ইনক্ৰেডেবল হাল্ক’’নামৰ ছবিখন চুপাৰহিট হোৱাৰ পিছত আৰু পিছলৈ ঘুৰি চাব লগা হোৱা নাই কেতিয়াও৷ ইয়াৰ পিছত কেইবাখনো চলচিত্ৰ আৰু টেলিভিছনৰ কাৰ্যসুচীত অংশলোৱা ফাৰিগন’ৰ অভিনিত ‘‘দ্য কিং অৱ কুইনছ’’, ‘‘ট্ৰ’মা চেণ্টাৰ’’, ‘‘ছুপাৰ নেচাৰেল’’ আদি উল্লেখযোগ্য৷

আনল্ড ছোৱাৰজেনেগাৰ ( Arnold Schwarzenegger) ঃ হলীউদৰ টাৰ্মিনেটৰ খ্যাত আনল্ডক কোন চলচিত্ৰ প্ৰেমীয়ে নেজানে৷ ‘‘টাৰ্মিনেটৰ’’, হাৰ্কিউলিছ ইন নিউয়ৰ্ক’’ ‘‘ক’নান দ্যা বাৰবাৰিয়ান’’, দ্য এক্সপেনডেৱল ২ আদি কেইবাখনে ছুপাৰহিট হলীউদ ছবিৰ নায়ক আনল্ড আছিল এজন পেচাদাৰী ব’ডী বিল্ডাৰ৷ একাধিকবাৰ মিষ্টাৰ ইউনিভাৰছৰ খিতাপ জয় কৰা অনল্ডে মিঃ অলিম্পিয়াকে আদি কৰি বহু সন্মানীয় পদক বুটলিছে৷

ডৱেন “দ্য ৰক’’ জনছন ( Dwayne The Rock Johnson) ঃ আমেৰিকা আৰু কানাডাৰ বিভিন্ন ফুটবল লীগত অংশ লোৱা ড্ৰাৱেন ‘‘দ্য ৰক’’ জনছনে অভিনয় জগতত খোজ পেলোৱাৰ পূৰ্বে আছিল প্ৰসিদ্ধ পেচাদাৰী ৰেষ্টলিং লীগ ডব্লিউ ডব্লিউ ই জনপ্ৰিয় ফাইটাৰ৷ হলীউদৰ ব্লক ব্লাষ্টাৰ ‘‘দ্য মামী ৰিটাৰ্ণ’’ত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল দ্য ৰকে৷ ইয়াৰ পিছত তেওঁৰ অভিনীত দ্য স্কৰপিয়ন কিং, ‘‘দ্য টুথ ফেয়াৰী’’, দ্য গেম প্লেন আদি হলীউদৰ ছুপাৰহীট ছবি৷

গিনা কাৰানোGina Carano) ঃ মুৱাই থাই ক্ৰীড়াৰ আগশাৰীৰ খেলুৱৈ ‘‘আমেৰিকান গ্লেডিয়েট’’ৰ নামৰ হলীউদৰ ছুপাৰহিট ছবিখনৰ নায়িকা এওঁ৷ ‘‘হেৱায়াৰ’’, ফাইট গাৰ্ল আদিৰ দৰে মাৰ্কিন টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী৷

কাৰ্ল ৱিদাৰ্ছ (Carl Weathers) ঃ এসময়ৰ মাৰ্কিন ফুটবল ক্লাৱ, কানাডিয়ান ফুটবল লীগ আদিৰ নিয়মীয়া খেলুৱৈ কাৰ্লে হলীউদৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল সৰুৰে পৰাই৷ ১৯৭৪ বৰ্ষত খেলপথাৰ এৰি হলীউদত খোজ পেলোৱা কাৰ্লে ছুপাৰষ্টাৰ ছিলভাৰষ্টাৰ ষ্টেলনৰ অভিনীত হলীউদৰ ছুপাৰহিট ছবি ৰকীৰ লগতে প্ৰিডেটৰ, হেপী গিলম’ৰ আদি ছবিত অভিনয় কৰিছে৷ মাৰ্কিন টেলিভিছনৰো এগৰাকী জনপ্ৰিয় অভিনেতা তেওঁ৷

মাইকেল জৰ্দান(Michael Jordan) ঃ মাৰ্কিন বাস্কেটবল লিষ্টেণ্ড মাইকেল জৰ্দানৰ নাম কোনে শুনা নাই৷ চিকাগো বুলছৰ প্ৰাক্তন তাৰকা মাইকেল অভিনীত ‘‘স্পেচ জেম’ ছবিখনে ২৩৩.৪ মিলিয়নৰ ব্যৱসায় কৰি বিশ্বজুৰি বক্স অফিচত খলকনি তোলে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments