Tuesday, July 5, 2022
HomeNewsএলিমিনেটৰত আজি বেংগালুৰুৰ মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ

এলিমিনেটৰত আজি বেংগালুৰুৰ মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ

অলিম্পিয়া প্ৰতিবেদন

ইউনাইটেড আৰব এমিৰাটছত আজি লীগৰ এলিমিনেটৰত মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। আজিৰ মেচখনত পৰাজিত হোৱা দলটো নিশ্চিতভাৱে বাহিৰ হ’ব লাগিব আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ পৰা। আনহাতে, বিজয়ী দলটোৱে দুই নম্বৰৰ ছেমি ফাইনেললৈ উত্তীৰ্ণ হ’ব।

আজিৰ মেচখনক লৈ গভীৰ আত্মবিশ্বাসী বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলি। উল্লেখযোগ্য যে লীগৰ অন্তিম পৰ্যায়ৰ বহুকেইখন মেচত ব্যৰ্থ হৈছে বেংগালুৰুৰ আগশাৰীৰ বেটছমেনসকল। বিজয় অপৰিহাৰ্য আজিৰ মেচখনত দলৰ বেটছমেন সকলে ছন্দ ঘূৰাই পোৱাৰ আশা ব্যক্ত কৰিছে অধিনায়কজনে।

ইফালে, নিজৰ অন্তিম তিনিখন মেচত ধাৰাৱাহিকভাৱে বিজয় সাব্যস্ত কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আত্মবিশ্বাস তুংগত। মেচখনত জয়ী হোৱাৰ আশাৰে প্ৰবল আত্মবিশ্বাসৰে নামিব ৱাৰ্নাৰবাহিনী। দলটোৰ শিখৰ ধাৱান, ডেভিড ৱাৰ্নাৰ আদি বেটছমেনসকল বেটিঙত উজলি উঠাৰ পৰত দলে আজিৰ মেচখনতো তেওঁলোকৰ পৰা আশা কৰিব উন্নতমানৰ বেটিং প্ৰদৰ্শন। আবুঢাবিত অনুষ্ঠিত হ’বলগা মেচখন আৰম্ভ হব সন্ধ্যা ৭:৩০ বজাৰ পৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments